Logo
image

দেশৰ দৰিদ্ৰ ৰাজ্যৰ তালিকাৰ ৫ম স্থানত অসম

ডিজিটেল ডেস্ক,১০ ডিচেম্বৰ:  অসমৰ ৩২.৬৭ শতাংশ লোক দৰিদ্ৰ৷ কেৱল অৰ্থৰ অভাৱত নহয়, বহু দিশৰ পৰা [মাল্টি-ডাইমেনচনেলি] অসমৰ লোক দৰিদ্ৰ তথা বঞ্চিত৷ আজি লোকসভাত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যমন্ত্ৰী ড॰ ভাৰতী প্ৰবীণ পাৱাৰে প্ৰদান কৰা এক বিবৃতিত এই তথ্য পোহৰলৈ আহিছে৷ নিটি আয়োগে শেহতীয়াকৈ প্ৰকাশ কৰা ‘নেচনেল মাল্টি ডাইমেনচনেল পোভাৰ্টি ইনডেক্স’ শীৰ্ষক এক প্ৰতিবেদনৰ ভিত্তিত মন্ত্ৰীজনে প্ৰকাশ কৰা মতে, দেশৰ নাগৰিক হিচাপে যিখিনি ন্যুনতম  সা-সুবিধা পাব লাগে তাৰ ৪৭.৮৭ শতাংশই অসমৰ দৰিদ্ৰ লোকসকলে লাভ নকৰে৷ নিটি আয়োগৰ ভাষাত ইয়াক কোৱা হৈছে ‘ইনটেনচিটী অৱ ডিপ্ৰাইভেচন’৷ লক্ষণীয়ভাৱে ৰাষ্ট্ৰীয় পৰ্যায়তকৈ অসমৰ দৰিদ্ৰতাৰ হাৰ আনুপাতিকভাৱে যথেষ্ট বেছি৷ ৰাষ্ট্ৰীয় পৰ্যায়ত দেশৰ ২৫.০১ শতাংশ লোক হৈছে বিভিন্ন দিশৰ পৰা দৰিদ্ৰ৷ দৰিদ্ৰতাৰ মাপকাঠি হিচাপে অৰ্থাভাবৰ পৰা আৰম্ভ কৰি পুষ্টি, মাতৃ স্বাস্থ্য, বিদ্যালয় শিক্ষাৰ হাৰ, ৰন্ধনৰ বাবে ব্যৱহৃত ইন্ধন, খোৱাপানী, অনাময়, বাসস্থান, বিদু্যতৰ ব্যৱহাৰ, বেংক একাউণ্ট, সম্পত্তি আদি বিভিন্ন সূচকক সামৰি লোৱা হৈছে৷ লোকসভাৰ প্ৰশ্নোত্তৰকালত তামিলনাডুৰ সাংসদ তামিজাচি তাংগাপাণ্ডিয়াই গ্লোবেল মাল্টি-ডাইমেনচনেল পোভাৰ্টি ইনডেক্স সন্দৰ্ভত উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী পাৱাৰে প্ৰদান কৰা বিবৃতি অনুসৰি সমগ্ৰ দেশৰ ভিতৰত দৰিদ্ৰতম ৰাজ্য হিচাপে অসমৰ স্থান হৈছে পঞ্চম৷ লক্ষণীয়ভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰ ভিতৰত অসমেই হৈছে দৰিদ্ৰতম৷ পিছে অসমৰ সৈতে মেঘালয়েও [৩২.৬৭ শতাংশ] সমগ্ৰ দেশৰ ভিতৰত দৰিদ্ৰতম ৰাজ্য হিচাপে পঞ্চম স্থান লাভ কৰিছে৷ আনহাতে, দেশৰ দৰিদ্ৰতম ৰাজ্য হিচাপে স্থান লাভ কৰিছে বিহাৰে [৫১.৯১ শতাংশ]৷ বিহাৰৰ পাছত আছে ঝাৰখণ্ড [৪২.১৬], উত্তৰ প্ৰদেশ [৩৭.৭৯], মধ্য প্ৰদেশ [৩৬.৬৫]৷ আৰু এই চাৰিখন ৰাজ্যৰ পাছত যৌথভাৱে স্থান লাভ কৰিছে মেঘালয় আৰু অসমে৷ উল্লেখ্য যে, বিভাগীয় ৰাজ্যমন্ত্ৰীজনে ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ সৰ্বশেষ তথ্যৰ ভিত্তিত নিটি আয়োগে প্ৰস্তুত কৰা যিখন প্ৰতিবেদনৰ কথা উল্লেখ কৰিছে সেইখন প্ৰতিবেদনত আন বহুতো উদ্বেগজনক তথ্য উন্মোচিত হৈছে৷ দেখা গৈছে নিটি আয়োগে সংখ্যাৰ পৰিৱৰ্তে জনসংখ্যাৰ হাৰৰ নিৰিখত ৰাজ্যসমূহৰ দৰিদ্ৰতাৰ সূচক প্ৰস্তুত কৰিছে৷ সেই হিচাপত অসমৰ জনসংখ্যা এই মুহূৰ্তত ৩.৫ কোটি হ’লে বিভিন্ন দিশত দৰিদ্ৰ লোকৰ সংখ্যা হ’বগৈ প্ৰায় ১.১৫ কোটি৷ মন্ত্ৰী ভাৰতীয়ে প্ৰদান কৰা বিবৃতি অনুসৰি দৰিদ্ৰ ৰাজ্য হিচাপে অসম আৰু মেঘালয়তকৈ অপেক্ষাকৃত উন্নত স্থানত থকা উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহ হৈছে নাগালেণ্ড [সামগ্ৰিক দৰিদ্ৰতাৰ হাৰ ২৫.২৩ শতাংশ], অৰুণাচল প্ৰদেশ [২৪.২৭], মণিপুৰ [১৭.৮৯], ত্ৰিপুৰা [১৬.৬৫], মিজোৰাম [৯.৮০]৷ আনহাতে, উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ ধনী ৰাজ্যখন হৈছে চিকিম৷ কেৱল উত্তৰ-পূৰ্বাঞ্চল বুলি নহয় দেশৰ ধনী ৰাজ্যসমূহৰ ভিতৰত চিকিমৰ স্থান তৃতীয়৷ ৰাজ্যখনৰ মাত্ৰ ৩.৮২ শতাংশ লোক দৰিদ্ৰ৷ আনহাতে, দেশৰ ভিতৰত আটাইতকৈ ধনী ৰাজ্য হৈছে কেৰালা৷ ৰাজ্যখনৰ মাত্ৰ ০.৭১ শতাংশ লোকক সাৰ্বিকভাৱে দৰিদ্ৰ বুলি চিহ্নিত কৰা হৈছে৷