Logo
image

তেজপুৰ সাহিত্য উৎসৱ আৰম্ভ

ডিজিটেল ডেস্ক,১০ ডিচেম্বৰ: সাহিত্য ক্ষেত্ৰখনলৈ এক আশাব্যঞ্জক বতৰা কঢ়িয়াই ৰাজ্যখনৰ লগতে দেশৰ প্ৰখ্যাত সাহিত্যিকৰ অংশগ্ৰহণেৰে আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তেজপুৰৰ নেৰিয়ালম চৌহদত প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছে ‘তেজপুৰ সাহিত্য  উৎসৱ- ২০২২’৷ প্ৰসিদ্ধ সাহিত্যিক,  মামং দাই, মিত্ৰ ফুকন, বিখ্যাত কাৰ্টুনিষ্ট পংকজ থাপা, বিশিষ্ট সাহিত্যিক তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ধ্ৰুৱজ্যোতি হাজৰিকা, বিশিষ্ট সাংবাদিক, গল্পকাৰ অনুৰাধা শৰ্মা পূজাৰীৰ, নেৰিয়ালমৰ সঞ্চালক ড॰ প্ৰদীপ বৰা, অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, বিশিষ্ট শিক্ষাবিদ তথা কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক ৰমেশ ডেকাকে ধৰি একাংশ লেখক-সাহিত্যিকৰ উপস্থিতিত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰাৰ পাছত  আয়োজক সমিতিৰ উপ-সভাপতি পংকজ বৰুৱা আৰু অধ্যাপিকা ড॰ পল্লৱী ঝাই আঁত ধৰা আৰু আয়োজক সমিতিৰ যুটীয়া সম্পাদিকা ড॰ শ্বৰিতা শৰ্মাই আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানত শোণিতপুৰৰ উপায়ুক্ত তথা আয়োজক সমিতিৰ সভাপতি দেৱ কুমাৰ মিশ্ৰই প্ৰাৰম্ভিক ভাষণ প্ৰদান কৰি তেজপুৰ সাহিত্য উৎসৱক পৰবৰ্ত্তী সময়ত চৰকাৰী অনুষ্ঠানৰ আওতিলৈ আনি অসম প্ৰকাশন পৰিষদৰ জৰিয়তে এই অনুষ্ঠানৰ সৈতে গ্ৰন্থমেলাও চামিল কৰা হ’ব বুলি মন্তব্য কৰি এই তিনিদিনীয়া অনুষ্ঠানত ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰে৷¸ অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই শুভেচ্ছামূলক ভাষণ প্ৰদান কৰা অনুষ্ঠানত মুখ্য অতিথি ডাঃ ধ্ৰুৱজ্যোতি বৰাই সাহিত্য উৎসৱৰ মূল বিষয়বস্তু কেনেকুৱা সেই সন্দৰ্ভত আলোকপাত কৰি তেজপুৰত এনে আয়োজনৰ প্ৰশংসা কৰি কয় - সাহিত্য উৎসৱ তেজপুৰত নতুন যদিও বিভিন্ন ঠাইত লেখক-পাঠক সংযোগৰ প্ৰক্ৰিয়া অব্যাহত ৰাখি আৰু নৱ-প্ৰজন্মৰ লেখকক উজ্জীৱিত কৰিবলৈ সাহিত্য উৎসৱ অব্যাহত আছে৷ লেখকসকলে ইতিহাস পাহৰা উচিত নহয় বুলি কৈ ডাঃ বৰাই চীন যুদ্ধৰ মালিতা শীৰ্ষক নিজা সৃষ্ট উপন্যাসৰ কাহিনীৰ অন্তৰাল ব্যাখ্যাৰে নতুন প্ৰজন্মৰ লেখকসকলে বিভিন্ন বিষয়ৰ ধাৰণাঅন্বেষী হোৱা উচিত বুলি মন্তব্য কৰে৷ নৱ-প্ৰজন্মৰ লেখকক পূৰ্ববৰ্তী লেখকৰ সৈতে সংযোগ ঘটাবলৈ সাহিত্য উৎসৱৰ লেখিয়া অনুষ্ঠানৰ অতি জৰুৰী বুলিও কয় ডাঃ বৰাই৷ আনহাতে, অনুষ্ঠানত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰি ভাৰতীয় তেল নিগমৰ মুখ্য মহাপ্ৰবন্ধক মাধুৰ্য বৰুৱাই জয়পুৰ সাহিত্য উৎসৱৰ প্ৰসংগৰ উল্লেখেৰে তেজপুৰ সাহিত্য উৎসৱকো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা উচিত বুলি মন্তব্য কৰাৰ উপৰি তেজপুৰ সাহিত্য উৎসৱে সেই সম্ভাৱনাৰ বাট উন্মোচিত কৰাৰ আশা প্ৰকাশ কৰে৷ উল্লেখ্য, তেজপুৰৰ বিশিষ্ট ব্যক্তি আৰু একাংশ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা উদ্বোধনী অনুষ্ঠানতে সাহিত্য উৎসৱৰ বিশেষ বক্তৃতা প্ৰদান কৰি বিশিষ্ট শিক্ষাবিদ তথা কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক ৰমেশ ডেকাই অসমৰ প্ৰথমগৰাকী ডক্টৰেট ডিগ্ৰীধাৰী ৰাধিকাৰাম ঢেকিয়াল ফুকনৰ প্ৰসংগ উত্থাপনেৰে অসমৰ গৱেষকসকলে সাঁচিপাত সংৰক্ষণকে ধৰি বিভিন্ন বিষয়ৰ নতুন নতুন গৱেষণা বাট মুকলি কৰিছে বুলি কয়৷ তদুপৰি, বিয়লিৰ ভাগত ‘চেলেঞ্জিং কনফাৰমেশ্যন বায়াছঃ ব্লাৰিং বাউণ্ডেৰীজ’ শীৰ্ষক বিষয়ত প্ৰসিদ্ধ লেখিকা মিত্ৰা ফুকন, অধ্যাপক তথা জাৰ্নেল সিং আনন্দ,  স্বনামধন্য লেখিকা মামং দাই, বিশিষ্ট গদ্যশিল্পী তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ধ্ৰুৱজ্যোতি হাজৰিকা আৰু লেখক অংকুশ শইকীয়াই পেনেল ডিছকাছনত অংশগ্ৰহণ কৰে৷ আনহাতে, ইয়াৰ পিছতেই বিশিষ্ট সাংবাদিক ‘জাৰিৰ হুছেইন ইন কনভাৰচেছন উইথ চিনে এক্টৰ ৰজত কাপুৰ’ শীৰ্ষক অৰ্থাৎ ৰজত কাপুৰৰ সৈতে হোৱা কথোপকথনৰ অনুষ্ঠানে ৰাইজক আকৃষ্ট কৰে৷

সাহিত্য আৰু চলচ্ছিত্ৰৰ অংগাংগী সম্পৰ্ক আছেঃ ৰজত কাপুৰ

মুম্বাইৰ বিশিষ্ট চিনে তাৰকা তথা চলচ্ছিত্ৰ প্ৰযোজক, পৰিচালক আৰু এজন ছিৰিয়াছ অভিনেতা ৰজত কাপুৰে আজি ‘তেজপুৰ সাহিত্য উৎসৱ - ২০২২’ৰ প্ৰথম দিনটোৰ সন্ধিয়া ৰাজ্যখনৰ বিশিষ্ট সাংবাদিক জেৰিৰ হুছেইনৰ সৈতে হোৱা এক অন্তৰংগ অনুষ্ঠানত উৎসুক জনতাৰ সন্মুখত কেতবোৰ কথা সদৰি কৰে৷ প্ৰসিদ্ধ চিনে তাৰকাজনে কয় - মই কেতিয়াও আনৰ চিনেমা চায়েই পোৱা নাই৷ চিনেমাৰ বিষয়ে যেনেকৈ কাহিনী নিৰ্মাণ কৰা হয় সেইধৰণৰে ব্যক্তিজনে চৰিত্ৰটো অংকন কৰে৷ চিনেমা হিট হ’বৰ কাৰণে মই কেতিয়াও চিনেমা নিৰ্মাণ কৰা নাই৷ মই চাইছোঁ একমাত্ৰ ‘গলী বয়’ চিনেমাখন৷ সেইখন ছবিয়ে মোক আকৰ্ষিত কৰিছে৷ মোৰ ছবি দৰ্শকে আদৰি নল’লেও তাত মোৰ কোনো আক্ষেপ নাই৷ পৃথিৱীৰ যদি দহজন দৰ্শকেও মোৰ ছবি চায় তাতেই মই আনন্দিত৷ মহাবিদ্যালয়- বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে বিভিন্ন প্ৰশ্নবাণেৰে ৰসাল আৰু মনোজ্ঞ কৰি তোলা ছিৰিয়াছ ছবি নিৰ্মাতাজনে অসমীয়া শেহতীয়া ছবি ‘অনুৰ’ অৰ্থাৎ নিজে মুখ্য চৰিত্ৰত অভিনয় কৰা ‘অনুৰ’ প্ৰসংগ উল্লেখ কৰি গৌৰৱান্বিত হয়৷ বিশেষকৈ তেজপুৰৰ পৰা অনুৰাধা শৰ্মা পূজাৰীৰ এটি গল্পৰ আধাৰত নিৰ্মাণ কৰা ‘অনুৰ’ প্ৰসংগত প্ৰশংসাসূচক মন্তব্য কৰাৰ সময়ত গল্পকাৰ অনুৰাধা শৰ্মা পূজাৰীৰ লগতে ‘অনুৰ’ সংগীত পৰিচালিকা তৰালী শৰ্মাও উপস্থিত থকাৰ পাছত অনুৰ প্ৰসংগত ইতিবাচক মন্তব্যই অনুৰ পৰিয়ালকো আজি উৎফুল্ল কৰি তোলে৷ এই ছবিখনত কাম কৰি যথেষ্ট সুখী বুলি কৈ অসমৰ পটভূমিত ভাল ছবি নিৰ্মাণ কৰাৰ বহু স্থল আছে বুলিও মন্তব্য কৰে৷ আনহাতে, তেওঁৰ কৰ্মজীৱনৰ দীঘলীয়া সময়খিনিত এজন প্ৰতিষ্ঠিত ছবি নিৰ্মাতা হিচাপেহে চিনাকি দিবলৈ সৰুৰে পৰা চেষ্টা কৰিছিল আৰু সেয়াই আশা আছিল বুলি কয়৷ অনুষ্ঠানত চিনে তাৰকাজনে সাহিত্য আৰু চিনেমাৰ অংগাংগী সম্পৰ্ক আছে বুলি মন্তব্য কৰি তেওঁৰ অনুৰাগীসকলক মন্তব্য কৰি মূলসুঁতিৰ কোনো ছবিক লৈ তেওঁ আগ্ৰহী নহয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি এই প্ৰসংগতো গলী বয় শীৰ্ষক চলচ্ছিত্ৰখনৰ প্ৰসংগ দোহাৰি সেইখন চিনেমা সকলোকে চাবলৈ আহ্বান জনায়৷ আনহাতে, অনুষ্ঠানৰ অন্তত এই ছিৰিয়াছ চিনে তাৰকাজনে তেজপুৰৰ প্ৰাকৃতিক সৌন্দৰ্যত মোহিত হৈছে বুলি কৈ তেজপুৰ অতি সুন্দৰ ঠাই তেজপুৰবাসীও অতি অতিথিপৰায়ণ বুলি কৈ এই সাহিত্য উৎসৱৰ ধাৰা অব্যাহত ৰাখিবলৈ আয়োজক সমিতিক আহ্বান জনায়৷