Logo
image

আজমলৰ চুমাই নাকটি ছিঙিলে কংগ্ৰেছ নেতাৰ

ডিজিটেল ডেস্ক, ১১ ডিচেম্বৰ: এ আই ইউ ডি এফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে অলপতে বকোৰ সোণাতলী টুপামাৰী জিলা পৰিষদৰ সদস্য চাহজাহান আলীৰ ঘৰলৈ গৈ তেওঁক কপালত চুমা দিয়াৰ পাছতে কংগ্ৰেছে বহিষ্কাৰ কৰিলে চাহজাহান আলীক৷ এক কথাত ক’বলৈ গ’লে আজমলৰ চুমাই নাকটি ছিঙিলে কংগ্ৰেছ নেতাৰ৷ উল্লেখ্য যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ হৈ প্ৰদেশ কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদকে চাহজাহান আলিক ছবছৰৰ বাবে নিলম্বিত কৰা বুলি যোৱা ৮ডিচেম্বৰত জাননী জাৰি কৰিছে৷ কংগ্ৰেছৰ নিলম্বিত নেতা চাহজান আলী শনিবাৰে এ আই ইউ ডি এফত যোগ দিয়াৰ মানসেৰে এ আই ইউ ডি এফৰ বিধায়ক তথা মৌলানা আজমলৰ ঘনিষ্ঠ কৰিমউদ্দিন বৰভূঞাৰ কাষত উপস্থিত হয়৷ অৱশ্যে কংগ্ৰেছৰ পৰা নিলম্বিত হোৱা চাহজাহান আলীয়ে সাংবাদিকৰ আগত কয় যে–‘আজমলে চুমা খোৱাৰ বাবে কংগ্ৰেছ দলে তেওঁক বহিষ্কাৰ কৰা নাই৷ বেলেগ কাৰণতহে তেওঁ কংগ্ৰেছে বহিষ্কাৰ কৰিছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাজুলীৰ বাহিৰে নামনি অসমৰ চৰ লোকক ভূমিৰ পট্টা নিদিয়াৰ যি সিদ্ধান্ত লৈছিল ইয়াৰ জোৰদাৰ বিৰোধিতা কৰিবলৈ কংগ্ৰেছ হাইকামাণ্ডক আহ্বান জনাইছিলো৷ কিন্তু কংগ্ৰেছ হাই কামাণ্ডে মোৰ কথা নুশুনিলে৷ উপায়ন্তৰ হৈ এনেয়েও মই দলৰ পৰা আঁতৰাৰ সিদ্ধান্ত লৈছিলো৷ চৰৰ লোকৰ ভূমিৰ পট্টাৰ লগতে সংখ্যালঘুৰ প্ৰতিটো কথাত মাত মাতে মৌলানা বদৰুদ্দিন আজমলে৷ সেয়েহে তেখেতৰ নেতৃত্বৰ প্ৰতি আকৃষ্ট হৈ মই তেওঁক মোৰ ঘৰলৈ আমন্ত্ৰণ জনাইছিলো৷’ ইফালে মৌলানা বদৰুদ্দিন আজমলে হিন্দু লোকসকলক মুছলমান লোকসকলৰ বিয়াৰ সূত্ৰ মানি চলিবলৈ যি অসংস্কৃত অভব্য আহ্বান জনাইছিল এই সন্দৰ্ভত ৰাজ্যিক মহিলা আয়োগে আজমললৈ আইনী জাননী জাৰি কৰিছে৷ ৰাজ্যিক মহিলা আয়োগে জাননীত উল্লেখ কৰিছে যে আজমলৰ মন্তব্য কেৱল অপমানমূলকেই নহয় নাৰী বিদ্বেষী আৰু যৌনতাবাদী৷ উল্লেখ্য যে আজমলৰ হিন্দু সন্দৰ্ভত শেহতীয়া মন্তব্যকলৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে৷ বিশ্ব হিন্দু পৰিষদৰ নেতা প্ৰবীণ ভাই টোগাড়িয়াই আজমলৰ ঘৰ ভাঙি পেলোৱাৰ বাবে দাবী জনাইছে৷ ইফালে, আজমলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ বাবে সাজু আৰক্ষী৷ কৰিমগঞ্জ সদৰ থানাত বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ৰুজু হৈছে আঠটাকৈ গোচৰ৷ ভাৰতীয় দণ্ডবিধিৰ ৫৫৩ (এ) ২৯৫ এ/৫০৯/২৯৮ আৰু ৬৭ ধাৰাত এই গোচৰ ৰুজু হৈছে৷ কৰিমগঞ্জ সদৰ থানাত ঘটা আৰু হাইলাকান্দি সদৰ থানাত ৪ টা গোচৰ ৰুজু হৈছে৷ ৭১০/২২ নম্বৰত গোচৰ ৰুজু কৰিমগঞ্জ থানাত৷ বিভিন্ন থানাৰ গোচৰ সংলগ্ন কৰা হৈছে কৰিমগঞ্জত৷ কৰিমগঞ্জ, হাইলাকান্দিত ৰুজু হোৱা গোচৰ নথিভুক্ত হৈছে কৰিমগঞ্জ সদৰ থানাত৷ হিন্দু মহিলা সন্দৰ্ভত কৰা অশালীন মন্তব্যৰ বাবে ৰুজু হৈছে এই গোচৰ৷ ঘটনা সন্দৰ্ভত কেইবাটাও দল-সংগঠনে আজমলৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ৷ ইফালে আইনী যুঁজৰ বাবে সাজু হৈছে ইউ ডি এফ দল৷ ইতিমধ্যে গঠন কৰা হৈছে আইনী কোষ৷ প্ৰয়োজনত অগ্ৰিম জামিন আবেদন দাখিল কৰিব পাৰে আজমলে৷

আজমলক গাধৰ পিঠিত উঠাই বাংলাদেশলৈ পঠিয়াব লাগে: টোগাড়িয়া
এআইইউডিএফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলক পৰৱৰ্তী নিৰ্বাচনত জয়ী হ’বলৈ বাংলাদেশলৈ প্ৰেৰণ কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰংগ দলৰ প্ৰতিষ্ঠাপক প্ৰবীণ ভাই টোগাড়িয়াই মতপোষণ কৰিছে৷ বৰাক উপত্যকালৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে শিলচৰত উপস্থিত হৈ এখন সংবাদ মেলত তেওঁ কয় যে, বদৰুদ্দিন আজমলে হিন্দু জাতিক অপমান কৰিছে৷  বদৰুদ্দিন আজমলক গাধৰ পিঠিত উটুৱাই বাংলাদেশলৈ পঠিয়াব লাগে৷  লগতে তেওঁৰ ঘৰত বুলডজাৰ চলাব লাগে৷  টোগাড়িয়াই কয়, লাভ জেহাদৰ বিৰুদ্ধে সংগঠনে সমগ্ৰ দেশতে কাম কৰি আছে৷ হিন্দু যুৱতী যাতে লাভ জেহাদৰ বলি নহয় তাৰ প্ৰতি বিশেষ মনোযোগ দিয়া হৈছে৷  ১৯৫১ চনৰ পাছত বাংলাদেশ আৰু পাকিস্তানৰ পৰা অহা মুছলমানক বিচাৰি উলিয়াই বাংলাদেশলৈ ঘূৰাই পঠিয়াই ৪৯ লাখ মুছলমান বাংলাদেশীৰ হাতৰ পৰা অসমক ৰক্ষা কৰাটো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৰ্তব্য বুলি উল্লেখ কৰে তেওঁ৷ টোগাড়িয়াই কয়, ভাৰত এখন হিন্দু দেশ, আৰু ইয়াত হিন্দুৰ প্ৰাধান্য থাকিব৷ বীৰ লাচিত বৰফুকনৰ দৰে শত্ৰুৰ বুকুত ভৰি দিয়া বিজয়ীসকলৰ দৰে অসমকে ধৰি সমগ্ৰ দেশতে হিন্দুসকলে বাস কৰিব৷  মৌলানা বদৰুদ্দিন আজমলৰ কথা পুনৰ উল্লেখ কৰি তেওঁ কয় যে, এবাৰ মোগলে মা কামাখ্যাৰ অসমক অপমান কৰিবলৈ চেষ্টা কৰিছিল৷ সেই সময়ত সাহসী বীৰ লাচিত বৰফুকনে তেওঁলোকৰ বিৰুদ্ধে থিয় দি মোগলক অসম ৰাজ্যৰ পৰা পৰাজিত কৰি পঠাইছিল৷  এতিয়া আকৌ বদৰুদ্দিন আজমলে হিন্দুক অপমান কৰিছে, এই বদৰুদ্দিন আজমলক গাধৰ পিঠিত উটুৱাই বাংলাদেশলৈ পঠিয়াব লাগে৷ লগতে তেওঁৰ ঘৰত বুলডজাৰ চলাই বীৰ লাচিত বৰফুকনক-২১ পুনৰাবৃত্তি কৰিবলৈ উল্লেখ কৰে তেওঁ৷  অসমীয়া আৰু হিন্দু বাঙালী ভাৰতীয় নাগৰিক৷ অসমকে ধৰি সমগ্ৰ দেশতে বাস কৰা এজন হিন্দুও বিদেশী নহয়৷ ইয়াৰ বাবে হিন্দুক ডি ভোটাৰ কৰি আইনৰ বিৰুদ্ধে কাম নকৰিবলৈ চৰকাৰক আবেদন জনায় তেওঁ৷  লগতে ১৯৫১ চনৰ পাছত ভাৰতত প্ৰৱেশ কৰা মুছলমান বাংলাদেশীসকলক বিচাৰি উলিয়াই ডিটেনচন কেম্পত ৰাখি বাংলাদেশলৈ ঘূৰাই পঠিয়াবলৈও চৰকাৰক আহ্বান জনায়৷  সংবাদ মেল সম্বোধন কৰি টোগাড়িয়াই হিন্দুসকলৰ সুৰক্ষা, স্বাস্থ্য আৰু অধিকাৰসম্পৰ্কীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰে৷