Logo
image

আইআইটিত পুনৰ আত্মহত্যা, এইবাৰ অংকৰ অধ্যাপকৰ

ডিজিটেল ডেস্ক, ১১  ডিচেম্বৰ: দেশৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান আই আই টি গুৱাহাটীত পুনৰ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে৷ এইবাৰ আত্মহত্যা শিক্ষা প্ৰতিষ্ঠানখনৰ গণিত বিভাগৰ ৪৭ বছৰীয়া এজন অধ্যাপকৰ৷ অধ্যাপকজনৰ নাম ড॰ সমীৰ কামাল৷ তেওঁৰ ঘৰ দেশৰ ৰাজধানী নতুন দিল্লীত৷ প্ৰতিষ্ঠানটোৰ অধ্যাপক আৱাসৰ কোঠা নং ডি-০২২১ পৰা চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হয় অধ্যাপকজনৰ মৃতদেহ৷ ঘটনাস্থলীত দণ্ডাধীশৰ লগতে উত্তৰ গুৱাহাটী আৰক্ষী থানা আৰু আমিনগাঁও আৰক্ষী চকীৰ লোক উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে৷ অধ্যাপকজনৰ মৃতদেহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাৱে প্ৰেৰণ কৰা হৈছে৷ আৰক্ষীয়ে সন্দেহ কৰা মতে, আত্মহত্যাৰ ঘটনাটো ২-৩ দিন পূৰ্বে সংঘটিত হৈছিল৷ আই আই টি গুৱাহাটীৰ ডি-০২২ নম্বৰৰ বন্ধ কোঠাৰ পৰা দুৰ্গন্ধ ওলোৱাত প্ৰতিষ্ঠানখনৰ কতৃৰ্পক্ষই আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীৰ উপস্থিতিত দুৱাৰ ভাঙি কোঠাটোৰ ভিতৰত প্ৰৱেশ কৰাৰ পাছতে অধ্যাপকজনক চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হয়৷ অধ্যাপকজনৰ মৃত্যুত আই আই টি কতৃৰ্পক্ষই গভীৰ শোক প্ৰকাশ কৰিছে৷