Logo
image

ৰিকি পণ্টিঙক অতিক্ৰম কোহলিৰ

ডিজিটেল ডেস্ক, ১১ ডিচেম্বৰ: বাংলাদেশৰ বিৰুদ্ধে তৃতীয় এদিনীয়াত নিজৰ ৪৪ সংখ্যক শতক অৰ্জন কৰিছে ভাৰতীয় দলত তাৰকা বেটাৰ বিৰাট কোহলিয়ে৷ এই সফলতাৰে কোহলিয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত  সৰ্বাধিক শতকৰ দিশৰ পৰা অতিক্ৰম কৰি যায় অষ্ট্ৰেলিয়াৰ প্ৰাক্তন তাৰকা ৰিকি পণ্টিঙক (৭১)৷ ক্ৰিকেটৰ তিনিওটা ফৰ্মেট মিলি কোহলিৰ নামত আছে এতিয়া ৭২ টা আন্তঃৰাষ্ট্ৰীয় শতক৷ সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় শতকৰ ক্ষেত্ৰত শচীন তেণ্ডুলকাৰৰ (১০০ শতক) পিছতে এতিয়া কোহলিৰ স্থান দ্বিতীয়৷ ২০১৯ চনৰ আগষ্টৰ পাছত এদিনীয়াত প্ৰথম শতকটো অৰ্জন কৰিলে কোহলিয়ে৷ কোহলিয়ে শনিবাৰে ৯১ টা বলত ১১৩ ৰানৰ ইনিংছ খেলে৷ চট্টগ্ৰামত লাভ কৰা সফলতাৰে বাংলাদেশত কোহলিৰ ১০০০ এদিনীয়া ৰান সম্পূৰ্ণ হ’ল৷ অষ্ট্ৰেলিয়াৰ শ্বেন ৱাটছনৰ পাছত এনে সফলতা লাভ কৰা দ্বিতীয়জন বেটাৰ কোহলি৷ উল্লেখ্য যোৱা আগষ্টত এছিয়া কাপত আফগানিস্তানৰ বিৰুদ্ধে খেলত টি-টুৱেণ্টী আন্তঃৰাষ্ট্ৰীয়ত নিজৰ প্ৰথমটো শতক অৰ্জন কৰিছিল কোহলিয়ে৷ টি-টুৱেণ্টী বিশ্বকাপত সৰ্বাধিক ৰান সংগ্ৰহকাৰী আছিল কোহলি৷