Logo
image

মাছৰ বজাৰ নে বিমানবন্দৰ? দিল্লীত হাহাকাৰ

ডিজিটেল ডেস্ক,১২ ডিচেম্বৰ: মাছৰ বজাৰ নে বিমান বন্দৰ সেয়া বুজাৰ কোনো উপাই নাই৷ অন্ততঃ দেওবাৰে দিল্লী বিমান বন্দৰত বিমানত উঠিবলৈ যোৱা যাত্ৰীয়ে অশেষ যন্ত্ৰণা ভুগি এনে মন্তব্যই কৰিছে৷ তিনি ঘণ্টা ধৰি শাৰীপাতি থাকি বিমানত উঠিব নোৱাৰি অনেক যাত্ৰীয়ে বিমান বন্দৰ কতৃৰ্পক্ষ আৰু দেশৰ অসামৰিক পৰিবহণ মন্ত্ৰণালয়ক হিয়া উজাৰি গালি পাৰিছে৷ দিল্লীৰ বিমানবন্দৰত  ইমানেই ভিৰ আৰু ইমানেই বিশৃংখলা যে যাত্ৰীৰ বাবে বিমান ধৰাটো অসম্ভৱ হৈ পৰিছে৷ এনে যন্ত্ৰণা ভুগি অনেক যাত্ৰীয়ে দিল্লী বিমান বন্দৰক ‘এয়া এখন নৰক’ বুলি অভিহিত কৰি টুইট কৰিছে৷ একাংশ যাত্ৰীয়ে দিল্লী বিমান বন্দৰক মাছৰ বজাৰ বুলি অভিহিত কৰিছে৷ অগণন যাত্ৰীয়ে নিতৌ যাতায়াত কৰা দিল্লী বিমান বন্দৰত শৃংখলা মানি শাৰীপাতি থাকিও  বিমান ধৰিব নোৱাৰাটো এক স্বাভাৱিক ঘটনাত পৰিণত হৈছে৷ দেওবাৰে দিল্লীৰ বিমান বন্দৰৰ এই বিশৃংখল অৱস্থাই চৰম সীমা স্পৰ্শ কৰে৷ বিমান বন্দৰ অভিমুখী সকলো পথেই অসংখ্য গাড়ীৰে ভৰি পৰাত প্ৰচণ্ড যান-জঁটৰ সৃষ্টি হয় আৰু তাৰ ফলত নিৰ্দিষ্ট সময়ত যাত্ৰী বিমান বন্দৰত উপস্থিত হোৱাত অসমৰ্থ হয়৷ যিসকল যাত্ৰী বিমান বন্দৰত উপস্থিত হৈছিল, তেওঁলোকো নিৰাপত্তাৰক্ষী চি আই এছ এফৰ জোৱানৰ আতিশয্যত নিৰ্দিষ্ট সময়ত বিমানত উঠাত অসমৰ্থ হয়৷ একেৰাহে তিনিঘণ্টা ধৰি শাৰীপাতি থাকিও বিমানত উঠিব নোৱাৰা অসংখ্য যাত্ৰীয়ে দিল্লী বিমান বন্দৰক নৰক আৰু মাছৰ বজাৰ বুলি অভিহিত কৰাৰ পাছত কেন্দ্ৰীয় অসামৰিক মন্ত্ৰণালয়ত জোকাৰণি উঠে৷ এই বিশৃংখল অৱস্থাৰ খবৰ পোৱাৰ পাছতে কেন্দ্ৰীয় অসামৰিক মন্ত্ৰণালয়ে দিল্লী বিমান বন্দৰৰ বিশৃংখল পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ কাম চলাই থকা বুলি মন্তব্য কৰে৷ আনহাতে, নিশা কেন্দ্ৰীয় অসামৰিক পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই দিল্লীৰ বিমান বন্দৰ পৰিদৰ্শন কৰিব বুলি জনাইছে৷ 

পাঁচশ বিমান কিনিব এয়াৰ ইণ্ডিয়াই

কেন্দ্ৰীয় চৰকাৰৰ অধীনত লোকচানৰ পাছত লোকচান ভৰি বন্ধ হ’বলৈ উপক্ৰম ঘটা এয়াৰ  ইণ্ডিয়া টাটাই কিনি লোৱাৰ পাছত এতিয়া সেই বিমান পৰিবহণ সংস্থা বিশ্বৰ ভিতৰত বৃহত্তম হোৱাৰ দিশে আগবাঢ়িছে৷ এয়াৰ ইণ্ডিয়াৰ নতুন মালিকাধীন কোম্পানী টাটাই একেলগে পাঁচশখন বিমান ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে৷ অচিৰেই টাটাই এশ বিলিয়নৰো অধিক মাৰ্কিন ডলাৰ ব্যয় কৰি পাঁচ শতাধিক বিমান ক্ৰয় কৰিব৷ ইয়াৰ ভিতৰত চাৰিশখন ‘নেৰ’ বডী জেট’, এশখনৰ অধিক ‘ৱাইড বডী জেট’ ক্ৰয় কৰিব এয়াৰ ইণ্ডিয়াই৷ টাটাই লোৱা পৰিকল্পনা অনুসৰি এয়াৰ ইণ্ডিয়াৰ বাবে কেইবাডজন এয়াৰবাছ এ -৩৫০, বয়িং -৭৮৭, বয়িং - ৭৭৭ ক্ৰয় কৰাৰ কথা৷ বয়িং আৰু এয়াৰবাছ কোম্পানীৰ সৈতে টাটাৰ এই চুক্তি সম্পাদন হ’লে ইয়াৰ ইণ্ডিয়া বিমান পৰিবহণ কোম্পানীটো বিমানৰ সংখ্যাৰ দিশেৰে বিশ্বৰ বৃহত্তম হৈ পৰিব৷ সম্প্ৰতি  ৪৬০ খন বিমানেৰে বিশ্বৰ বৃহত্তম বিমান কোম্পানী হৈ আছে আমেৰিকান এয়াৰলাইন্স৷