Logo
image

দেশৰ আধ্যাত্মিক ৰাজধানী মাজুলীঃ মুখ্যমন্ত্ৰী

ডিজিটেল ডেস্ক,১২ ডিচেম্বৰ: সত্ৰনগৰী মাজুলীক দেশৰ আধ্যাত্মিক ৰাজধানী আখ্যা দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ বিকাশৰ বাবে এটা পষেক কাৰ্যসূচীৰ অধীনত দেওবাৰে মাজুলীত ৮৯৪ কোটি টকাৰ প্ৰকল্পৰ শিলন্যাস তথা শুভ উদ্বোধন অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰী শৰ্মাই কয়– সমগ্ৰ ভাৰতবৰ্ষৰে আধ্যাত্মিক ৰাজধানী আমাৰ সকলোৰে গৌৰৱ মাজুলীৰ পৱিত্ৰ ভূমিত থিয় হৈ আজি মাজুলীবাসীৰ বাবে ৮৯৪ কোটি টকাৰ বিভিন্ন জনকল্যাণ মূলক আঁচনিৰ আৰম্ভণি আৰু অন্য কিছু কাম আজি সমাপন কৰিছোঁ৷ ৰাইজৰ আশীৰ্বাদ থাকিলে হিমালয়ে মই আৰোহণ কৰিব পাৰিম৷ দেওবাৰে মাজুলীৰ চেলেকত এখন ৰাজহুৱা সভাত মাজুলী-লক্ষিমপুৰ সংযোগী দলঙৰ ভূমি পূজন আৰু কেবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰি এইদৰে কয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয়  ৫ ডিচেম্বৰৰ পৰা আমি অসমৰ বিভিন্ন জিলাত ৮০০ কোটিৰ পৰা ১৫০০ কোটি লৈকে বিভিন্ন আঁচনি উদ্বোধন কৰিছো৷ আঁচনি উদ্বোধনৰ লগে লগে কামবিলাকো আৰম্ভ কৰাৰ নিৰ্দেশ দিছো৷ ২০১৬ চনৰ ৮ ছেপ্তেম্বৰত জিলাৰ স্বীকৃতি পোৱা মাজুলী ভৌগোলিক ভাৱে পৃথিৱীৰ বৃহত্তম নদীদ্বীপ, সাংস্কৃতিক ভাবে সত্ৰীয়া সংস্কৃতিৰ পবিত্ৰ ভূমি আৰু জনগাঁথনিৰ ফালৰপৰা নানা জাতি উপজাতিৰ মিলনভূমি৷ অসমৰ জনজীৱনত মাজুলীৰ ভূমিকাক সোঁৱৰণ কৰি মুখ্যমন্ত্ৰীজনে মাজুলীৰ জনসাধাৰণৰ সামাজিক, অৰ্থনৈতিক আৰু আধ্যাত্মিক উত্থানৰ বাবে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ ৬৯৪ কোটি টকাৰে নামনি মাজুলীৰ বালিচাপৰি আৰু লক্ষ্মীমপুৰ জিলাৰ বঙালমৰাক সংযোগ কৰি ৰাষ্ট্ৰীয় ঘাইপথৰ ষ্টেণ্ডাৰ্ডত নিৰ্মাণ হ’ব লগা উক্ত পথেৰে চাৰিখন গাড়ী একেলগে যাব পাৰিব৷ একেদৰে আধুনিক প্ৰযুক্তিৰে লুইত সোৱনশিৰিৰ ওপৰত দুখন দলং নিৰ্মাণ হ’ ব৷ লুইতৰ ওপৰৰ দলংখন দুবছৰৰ ভিতৰত আৰু সোৱণশিৰিৰ ওপৰৰ দলংখন তিনিবছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীজনে৷ একেদৰে মাজুলীৰ মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পৰিসৰ বৃদ্ধি কৰি এখন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ পৰ্যায়লৈ উন্নীত কৰাৰ বাবে আগবঢ়া বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত সংস্কৃতিৰ লগতে বিজ্ঞান, কলা আদিতো মাজুলীৰ ছাত্ৰ ছাত্ৰীয়ে পোষ্ট গ্ৰেজুৱেট কৰিব পাৰিব৷ বিশ্ববিদ্যালয় খনি নিৰ্মাণৰ বাবে ৫১ কোটি টকাৰ আঁচনি আৰম্ভ কৰা বুলি ব্যক্ত কৰি কয় মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ বাবে সৰ্বমুঠ ২০০ কোটি টকা তিনিটা পৰ্যায়ত ব্যয় কৰাৰ বিষয়েও সদৰি কৰে৷ মুখ্যমন্ত্ৰী শৰ্মাই উক্ত সভাতে মাজুলীৰ চৰকাৰী কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান আৰু উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানক উৎকৰ্ষৰ কেন্দ্ৰ হিচাপে উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা, অসম চৰকাৰৰ অক্ষয় পাত্ৰ ফাউণ্ডেছনৰ যৌথ প্ৰচেষ্টাত মাজুলীত কেন্দ্ৰীভূত মধ্যাহ্ন ভোজনৰ ৰন্ধনগৃহৰ আধাৰশিলা, ব্ৰহ্মপুত্ৰৰ পাৰত জাবৰচুকৰ পৰা হালধিবাৰীলৈ ৰিং বান্ধ নিৰ্মাণৰ আধাৰশিলা, ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ ওপৰত পথ নিৰ্মাণৰ আধাৰশিলা ক্ৰমে মাজুলীৰ পোহাৰদিয়াৰ পৰা লক্ষিমপুৰৰ আলিমূৰলৈ, আদি এলেঙীৰ পৰা পহুমৰালৈ টেকেলিফুটাৰ পৰা পতিয়া তিনিআলিলৈ, পথ নিৰ্মাণৰ আধাৰশিলা ক্ৰমে ভকতচাপৰিৰ পৰা জামুগুৰি তিনিআলিলৈ বাঁহগুৰিৰ পৰা মহৰিচুকলৈ, গড়মূৰ ওখলচুকৰ পৰা অসম আৰক্ষী অনাতাঁৰ বিভাগৰ প্ৰস্তাৱিত কাৰ্যালয়লৈ, ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ৰ অনুমোদিত ‘স্বদেশ দৰ্শন’ হেৰিটেজ আচঁনিৰ অধীনত কমলাবাৰী ঘাট, জেংৰাইমুখ, চামগুৰি, ৰাৱনাপাৰ, মাজুলীৰ আন্তঃগাঁঠনি উন্নয়ন প্ৰকল্পৰ শুভ উদ্বোধন, মাজুলীৰ কৰতিপাৰত নিৰ্মীত বহুমুখী বান আশ্ৰয়গৃহৰ উদ্বোধন, বনগাঁৱৰ পৰা ফুলনি সংযোগী পথৰ উদ্বোধন কৰে৷ মুখ্যমন্ত্ৰী গৰাকীয়ে অহা কিছুদিনৰ ভিতৰতে মাজুলীত অতিৰিক্ত পাঁচহাজাৰকৈ অৰুনোদয় আৰু বিনামূলীয়া ৰেচনকাৰ্ড প্ৰদান কৰিব বুলিও প্ৰকাশ কৰে৷ মাজুলীত, নিৰন্তৰ বিদু্যৎ যোগানৰ বাবে ৩৩ কেবিৰ কেবাটাও প্ৰকল্পৰ কাম আৰম্ভ কৰাৰ লগতে মাজুলীৰ কৃষকক যোৱাটো বৰ্ষৰ দৰে ২০৪০ টকা দৰত চৰকাৰক ধান বিক্ৰী কৰিবলৈ আহ্বান জনায়৷ বিকাশৰ গংগা মাজুলীলৈ নামি অহাৰ পিছত আজিৰ মাজুলী আৰু পাঁচ বছৰৰ পাছৰ মাজুলীৰ মাজত আকাশ পাতাল পাৰ্থক্য হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই ইমান বিকাশৰ পিছত, মাজুলীয়ে নিজৰ মৌলিকতা আৰু ঐতিহ্য অক্ষুণ্ণ ৰাখিব পাৰিবনে বা মাজুলী অসমীয়া সভ্যতা সংস্কৃতিৰ পীঠস্থান হৈ থাকিব পাৰিবনে নোৱাৰে ইয়াক লৈ অসমবাসীৰ মনত প্ৰশ্ন উঠিব বুলি ব্যক্ত কৰে৷ ইয়াৰ উত্তৰ নিজেই দি মুখ্যমন্ত্ৰী শৰ্মাই কয় উন্নয়ন আৰু বিকাশৰ মাজতো মাজুলীৰ ৰাইজে মাজুলীৰ সভ্যতা সংস্কৃতি জীয়াই ৰাখিবৰ বাবে বদ্ধপৰিকৰ হৈ থাকিব৷ আজিৰ সভাত মুখ্যমন্ত্ৰীৰ লগতে শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ কুমাৰ পেগু, শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচা, জয়ন্তমল্ল বৰুৱা, সাংসদ প্ৰদান বৰুৱা, বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞা, লক্ষিমপুৰ সমষ্টিৰ মানব ডেকা, ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ দলে, ভুবন গাম, ৰিতুপৰ্ণ বৰুৱা, পৰমানন্দ চাৰেঙীয়া, আয়ুক্ত সচিব ৰাজেশ কেম্প্ৰাই, উপায়ুক্ত পুলক মহন্তকে ধৰি বিভিন্ন উচ্ছপদস্থ বিষয়া উপস্থিত থাকে৷ ইয়াৰ পূৰ্বে পুৱা ১১.০০ বজাত হি হেলিকপ্তাৰেৰে মাজুলীত উপস্থিত হৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গড়মূৰস্থিত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টিকেন্দ্ৰত কৃষক সকলৰে সৈতে মত-বিনিময় কৰে৷ তাৰপৰা চেলেক ঘাটত উপস্থিত হৈ দলঙৰ ভূমি পূজন কৰি কামৰ শুভ উদ্বোধন কৰে৷

লখিমপুৰ-মাজুলী সংযোগী দলঙৰ ভূমি পূজন মুখ্যমন্ত্ৰীৰ

৫ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা বিকাশৰ এটা পষেকৰ লগত সংগতি ৰাখি অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি মাজুলীত প্ৰায় ৮৯৫ কোটি টকাৰ ১৫খন আঁচনিৰ আধাৰশিলা স্থাপন আৰু শুভাৰম্ভ কৰে৷ পুৱা প্ৰায় ১০.৪৫ বজাত মাজুলীৰ কাছাৰী ময়দানত উপস্থিত হৈ পোনে-পোনে গড়মূৰ সৰুসত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘত উপস্থিত হৈ ধান বিক্ৰী আৰু ধান উৎপাদনৰ কৃষকসকলৰ লগত এক মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ তাৰ পিছত দুপৰীয়া বাৰ বজাত নামনি মাজুলীৰ চেলেক অঞ্চলত দলঙৰ ভূমি পূজন আৰু বিভিন্ন উন্নয়নমূলক আঁচনিৰ আধাৰশিলা আৰু শুভাৰম্ভৰ বাবে চেলেকত উপস্থিত হ’য়৷ এই আঁচনিসমূহৰ ভিতৰত ৬৯৪.৭৭ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া ‘অসম মালা’ আঁচনিৰ অধীনত সোৱণশিৰি আৰু লুইত নদীৰ ওপৰত দুখন দলঙৰ ভূমিপূজনেৰে নিৰ্মাণকাৰ্যৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ এক আড়ম্বৰপূৰ্ণভাৱে নিৰ্মাণ কৰা ভূমি পূজনস্থলীত পুৰোহিতৰ বৈদিক মন্ত্ৰোচ্ছাৰণ কৰি মুখ্যমন্ত্ৰীয়ে ভূমি পূজন কৰে৷ তাৰপিছত প্ৰথমটো খুটাত মুখ্যমন্ত্ৰীয়ে শিল বালি, চিমেণ্ট ঢালি দলং নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰে৷ শংখ, ডবা, কাঁহ, খোল, তাল, আয়তীৰ উৰুলি আৰু বিপুল হৰ্ষধবনিৰে মুখ্যমন্ত্ৰীয়ে চেলেক ধূনাগুৰি দলঙৰ নিৰ্মাণকাৰ্য শুভাৰম্ভ কৰে৷ তাৰ পিছত, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই চেলেক গাঁৱৰ মুৰং ঘৰৰ প্ৰাংগণত অনুষ্ঠিত বিশাল জনসভাত অংশগ্ৰহণ কৰে৷ প্ৰায় পোন্ধৰ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা উক্ত জনসভাত শিল্পী অনিমা শইকীয়াৰ কণ্ঠৰ বৰগীতৰে আৰম্ভ কৰা হয়৷ মাজুলী জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে আদৰণী ভাষণ দিয়া উক্ত জনসভাত তেওঁ মাজুলীৰ পূৰ্বৰ অৱহেলিত অঞ্চলৰ ব্যাখ্যা দি সোৱণশিৰি নদীৰ পাৰত প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে ১৯৯৯ চনত প্ৰথম মথাউৰি নিৰ্মাণ কৰা বাবে বিজয়া চক্ৰৱৰ্তীক ধন্যবাদ জ্ঞাপন কৰে৷ জনসভাত সাংসদ প্ৰদান বৰুৱাই মাজুলীক সকলো প্ৰকাৰে আগুৱাই নিয়াত মুখ্যমন্ত্ৰী ড॰ শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে৷ সভাত দৃশ্য-শ্ৰাব্যৰ মাধ্যমত লখিমপুৰ মাজুলী সংযোগী চেলেক-ধূনাগুৰি দলং আৰু ১৯.৫ কিলোমিটাৰৰ চাৰি শৰীয়া পথটোৰ সৱিশেষ প্ৰজেক্টৰ সহায়ত দেখুওৱা হয়৷ উক্ত বৃহৎ জনসভাত মুখ্যমন্ত্ৰীয়ে ভাষণ আৰম্ভ কৰি প্ৰথমে ৰাইজক প্ৰশ্ন কৰে– ‘আপোনালোকে ভাত পানী খাই আহিছেনে?  মুখ্যমন্ত্ৰীয়ে ভাৰত মাতাৰ জয়ৰে ভাষণ দি মাজুলীৰ সুশোভিত ভৌগোলিক অৱস্থান, ভূ-প্ৰকৃতিৰ ব্যাখ্যা আগবঢ়ায়৷ মাজুলী নামৰ তাৎপৰ্য ব্যাখ্যা কৰি মুখ্যমন্ত্ৰীয়ে মাজুলীৰ মণিকাঞ্চন সংযোগ আৰু গৰিমাময় সাংস্কৃতিক ঐতিহ্যৰ সুন্দৰ ব্যাখ্যা দিয়ে৷ তেওঁ উক্ত চেলেক-ধূনাগুৰি দলঙৰ লগতে মাজুলীৰ বালিচাপৰিৰ পৰা লখিমপুৰ জিলাৰ বঙালমৰা সংযোগী পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন, ৫১.০৩ কোটি টকাৰে মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন, ৫.০৪ কোটিৰে মাজুলীৰ চৰকাৰী কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান আৰু ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানক উৎকৰ্ষৰ কেন্দ্ৰ হিচাপে উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন, ১৪ কোটি টকাৰে অসম চৰকাৰ আৰু অক্ষয়পাত্ৰ ফাউণ্ডেচনৰ যৌথ প্ৰচেষ্টাত মাজুলীত কেন্দ্ৰীভূত মধ্যাহ্ন ভোজনৰ ৰন্ধনগৃহৰ আধাৰশিলা স্থাপন, ২৯.৮৭ কোটিৰে ব্ৰহ্মপুত্ৰৰ পাৰত জাবৰচুকৰ পৰা হালধিবাৰীলৈ ৰিং বান্ধ নিৰ্মাণৰ আধাৰশিলা স্থাপন, ১.৯৬ কোটিৰে ব্ৰহ্মপুত্ৰৰ মাথাউৰিৰ ওপৰত পোহাৰদিয়াৰ পৰা লখিমপুৰৰ আলিমুৰলৈ আৰু আদি এলেঙীৰ পৰা পহুমৰালৈ লগতে ৭.৬৬ কোটি টকাৰে টেকেলিফুটাৰ পৰা পতিয়া তিনিআলিলৈ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন, ৪.০৪ কোটিৰে ভকতচাপৰিৰ পৰা জামুগুৰি তিনিআলিলৈ আৰু ১.১৪ কোটিৰে বাঁহগুৰিৰ পৰা মহৰিচুকলৈ লগতে ১.২০ কোটিৰে গড়মূৰ ওখলচুকৰ পৰা অসম আৰক্ষী অনাতাঁৰ বিভাগৰ প্ৰস্তাবিত কাৰ্যালয়লৈ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন, ৪৬.৯১ কোটিৰে ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ৰ দ্বাৰা অনুমোদিত স্বদেশ দৰ্শন আঁচনিৰ অধীনত কমলাবাৰী ঘাট, জেংৰাইমুখ, চামগুৰি, ৰাওনাপাৰ মাজুলীৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ শুভাৰম্ভ, ২.৫১ কোটিৰে মাজুলীৰ কৰতিপাৰত নিৰ্মিত বহুমুখী বান আশ্ৰয়গৃহৰ শুভ উদ্বোধন আৰু ১০ কোটিৰে বনগাঁৱৰ পৰা ফুলনি সংযোগী পথৰ উদ্বোধন কেন্দ্ৰীয়ভাৱে চেলেক অঞ্চলৰ পৰাই মুখ্যমন্ত্ৰীগৰাকীয়ে কৰে৷ ইয়াৰোপৰি মাজুলীৰ নতুনকৈ ৫০০০ মহিলাৰ বাবে অৰুণোদয় আৰু ৫০০০ পৰিয়ালৰ বাবে ৰেচন কাৰ্ডৰ ব্যৱস্থা আদি বিভিন্ন উল্লেখযোগ্য ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়খন পূৰ্ণৰূপে ৰাজ্যিক বিশ্ববিদ্যালয়লৈ উন্নতি কৰি সকলো স্নাতকোত্তৰ পাঠ্যক্ৰম সোনকালে প্ৰৱৰ্তন কৰিব বুলি মুখ্যমন্ত্ৰী শৰ্মাই আজি ৰাজহুৱাকৈ ঘোষণা কৰে৷ এপ্ৰিল মাহত হ’বলগীয়া অসম বিধানসভা অধিৱেশনত মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ আইন সংশোধন কৰি পূৰ্ণ ৰাজ্যিক বিশ্ববিদ্যালয় কৰিব বুলি ঘোষণা কৰা লগে লগে ৰাইজৰ বিপুল সঁহাৰি লাভ কৰে৷ মুখ্যমন্ত্ৰীয়ে মাজুলী আমাৰ প্ৰেৰণাৰ উৎস বুলি সদম্ভে ঘোষণা কৰি অসম চৰকাৰে বিকাশৰ গংগা মাজুলীৰ পৰাই অধিক বোৱাই নিব বুলি উল্লেখ কৰে৷ উক্ত জনসভাত চেলেক-ধূনাগুৰিত দলং নিৰ্মাণত ক্ষতিগ্ৰস্ত হোৱা হিতাধিকাৰীসকলৰ মাজৰ পৰা পাঁচজনক ক্ষতিপূৰণ চেক প্ৰদান কৰে৷ সভাৰ শেষত মুখ্যমন্ত্ৰীক লগ কৰিবলৈ অহা শতাধিক লোকক মুখ্যমন্ত্ৰীয়ে ব্যক্তিগতভাৱে সাক্ষাৎ কৰি অতি আপোনভাৱে কথা-বাৰ্তা পাতে৷ ভকতিদুৱাৰৰ বলোৰাম ঘোষ নামৰ এজন ৰুগীয়া মানুহৰ সকলো সুবিধা কৰিবলৈ মাজুলীৰ জিলা উপায়ুক্তক দায়িত্ব অৰ্পণ কৰে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মা ৰাইজৰ মাজলৈ সোমাই যোৱাৰ লগে লগে শ শ যুৱকে মামা, মামা বুলি চিঞৰে৷ এজন ভাগিনে বজাৰৰ পৰা কিনি অনা আধা কিলোগ্ৰাম কমলা ড॰ হিমন্ত বিশ্ব শৰ্মাক উপহাৰ দিয়ে৷  উক্ত, জনসভাত অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, নন্দিতা গাৰ্লোছা, বিধায়ক ড॰ অমিয় কুমাৰ ভূঞা, মানৱ ডেকা, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পৰমানন্দ চায়েঙীয়া, প্ৰাক্তন বিধায়ক ৰিতুপৰ্ণ বৰুৱা, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ নিৰোদ বৰুৱা আদিয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে৷ জনসভাত মাজুলীৰ বিধায়ক ভুবন গামে শলাগ জ্ঞাপন কৰে৷ আজিৰ উক্ত জনসভাত মাজুলীৰ উপৰিও লখিমপুৰ, ঢকুৱাখনা, বিহপুৰীয়া, লালুক, ধূনাগুৰি, লোহিত খাবলু আদিৰ পৰা হেজাৰ হেজাৰ লোকে অংশগ্ৰহণ কৰে৷