Logo
image

জিলাই জিলাই ‘কা’বিৰোধী সমাবেশ

ডিজিটেল ডেস্ক,১২ ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী আইন [কা]ৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদত উত্তাল হৈ উঠিল সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল৷ উত্তৰ-পূব ছাত্ৰ সংগঠনৰ [নেছ’] আহ্বানমৰ্মে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ কেউখন ৰাজ্যৰ জিলাই জিলাই অনুষ্ঠিত হ’ল ‘কা’বিৰোধী সমাৱেশ৷ অসমত প্ৰতিখন জিলাৰ সদৰত ‘কা’বিৰোধী বিক্ষোভ প্ৰদৰ্শন কৰে সদৌ অসম ছাত্ৰ সন্থাই৷ উল্লেখ্য, কেন্দ্ৰীয় চৰকাৰে তিনিবছৰ পূৰ্বে এঘাৰ ডিচেম্বৰৰ দিনটোত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ ওপৰত অন্যায়ভাৱে ‘কা’ জাপি দিছিল৷ সেইবাবেই এঘাৰ ডিচেম্বৰৰ দিনটোত এইবাৰো নেছ’ৱে উত্তৰ-পূৰ্বাঞ্চলৰ সাতোখন ৰাজ্যত ক’লা দিৱস পালন কৰি ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ আছু আৰু নেছ’ই দৃঢ়তাৰে চৰকাৰক সকীয়াই দি কয়– উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে ‘কা’ নামানে, ‘কা’ আমি নামানো৷ দেওবাৰে নগা ছাত্ৰ ফেডাৰেশ্বনৰ উদ্যোগত নাগালেণ্ডত, সদৌ মণিপুৰ ছাত্ৰ সন্থাৰ উদ্যোগত মণিপুৰত, মিজো জিৰলাই পলৰ উদ্যোগত মিজোৰামত, সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাৰ উদ্যোগত অৰুণাচল প্ৰদেশত, ত্ৰিপুৰা ছাত্ৰ ফেডাৰেশ্বনৰ উদ্যোগত ত্ৰিপুৰাত, খাছী ছাত্ৰ সন্থা আৰু গাৰো ছাত্ৰ সন্থাৰ উদ্যোগত মেঘালয়ৰ শ্বিলং আৰু তুৰাত, সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত অসমত ক’লা দিৱস পালন কৰা হয়৷ ‘কা’বিৰোধী প্ৰতিবাদৰ অংশৰূপে ক’লা পতাকা, ক’লা বেনাৰ উৰুৱাই  কেন্দ্ৰীয় চৰকাৰক অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ নেছ’ৰ আহ্বানত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত সমগ্ৰ অসমত প্ৰতিখন জিলাৰ সদৰত ৰাজহুৱা স্থানত ছাত্ৰ সন্থাৰ সদস্য সকলে ৰাইজৰ সহযোগত ক’লা পতাকা উৰুৱাই বিক্ষোভ প্ৰদৰ্শন কৰি ‘কা’ বাতিলৰ দাবীৰে ক’লা দিৱস পালন কৰে৷ উল্লেখ্য, সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানক্ৰমে ১২ ডিচেম্বৰ সোমবাৰেও সমগ্ৰ অসমত ‘কা’বিৰোধী আন্দোলনৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব৷ সমগ্ৰ অসমত প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ এলেকাৰ ৰাজহুৱা স্থানত ৰাইজৰ সহযোগত সোমবাৰে সন্ধিয়া শ্বহীদৰ প্ৰতিচ্ছবি সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব৷ ‘কা’বিৰোধী আন্দোলনৰ শ্বহীদ ছেম ষ্টেফৰ্ড, শ্বহীদ দীপাঞ্জল দাস, শ্বহীদ দ্বিজেন্দ্ৰ পাংগিং, শ্বহীদ ঈশ্বৰ নায়ক আৰু শ্বহীদ আব্দুল আলীৰ প্ৰতিচ্ছবিৰ সন্মুখত ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব৷ গুৱাহাটীত সদৌ গুৱাহাটী ছাত্ৰ সন্থাই হাতীগাঁও হাইস্কুল প্ৰাংগণত সোমবাৰে পুৱা দহ বজাত ‘সশ্ৰদ্ধ সোঁৱৰণ’ শীৰ্ষক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে৷ সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ‘কা’ আন্দোলনৰ শ্বহীদসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি আৰু গুলীবিদ্ধ তথা নিৰ্যাতিতসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰি কয়– ‘অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া খিলঞ্জীয়াবিৰোধী ‘কা’ মানি নলওঁ৷ ‘কা’ নামানো৷ এয়া কেন্দ্ৰীয় চৰকাৰৰ অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰতি চূড়ান্ত ৰাজনৈতিক অন্যায়৷ ‘কা’ বাতিল নোহোৱালৈকে গণতান্ত্ৰিক আন্দোলন আৰু আইনগত যুঁজ সমানে আগুৱাই নিয়া হ’ব৷ ‘কা’ বাতিলৰ দাবীত অহিংস, শান্তিপূৰ্ণ আন্দোলন কৰা জনসাধাৰণৰ ওপৰত অসম চৰকাৰে দিল্লীৰ শ্ৰুতলিপিত দমন আৰু অত্যাচাৰ চলালে৷ পাঁচজনকৈ নিৰীহ আন্দোলনকাৰীক গুলীয়াই হত্যা কৰিলে৷ পাঁচজন শ্বহীদ হ’ল৷ কেইবাজনো গুলীত আঘাতপ্ৰাপ্ত হ’ল৷ সেইদিনা গুৱাহাটী মহানগৰীত কোন আৰক্ষীৰ বন্দুকৰ গুলীৰে হত্যালীলা চলিছিল, পাঁচজন শ্বহীদ হৈছিল– সেই কথা চৰকাৰে জানে৷ দোষীক শাস্তি দিয়ক৷ শ্বহীদৰ পৰিয়াল আৰু গুলীবিদ্ধক সাহায্য দিয়ক আৰু সংস্থাপনৰ ব্যৱস্থা কৰক৷’ উল্লেখ্য, অবৈধ বাংলাদেশীৰ ৰক্ষক, উত্তৰ-পূৰ্বাঞ্চলবিৰোধী, খিলঞ্জীয়াবিৰোধী, সাম্প্ৰদায়িক, অসাংবিধানিক, অসম চুক্তিক উলংঘা কৰা ‘কা’ কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ ওপৰত অন্যায়ভাৱে জাপি দিবলৈ ২০১৯ চনৰ ১১ ডিচেম্বৰত সংসদত আইন গৃহীত কৰিছিল৷ উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ প্ৰৱল বিৰোধিতাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে একপক্ষীয়ভাৱে, বলপূৰ্বকভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ ওপৰত ‘কা’ জাপি দিছিল৷ সেইসূত্ৰে ১১ ডিচেম্বৰ দিনটো উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠনে [নেছ’] ক’লা দিৱস হিচাপে পালন কৰি আহিছে৷