Logo
image

আজমলৰ ঘৰ বুলড’জাৰেৰে ভাঙিব লাগে!দাবী টোগাৰিয়াৰ

ডিজিটেল ডেস্ক,১২ ডিচেম্বৰ: এআইইউডিএফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলক পৰৱৰ্তী নিৰ্বাচনত জয়ী হ’বলৈ বাংলাদেশলৈ প্ৰেৰণ কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰংগ দলৰ প্ৰতিষ্ঠাপক প্ৰবীণ ভাই টোগাৰিয়াই আহ্বান জনাইছে৷ বৰাক উপত্যকালৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে শিলচৰত উপস্থিত হৈ এক সংবাদ মেলত টোগাৰিয়াই কয় যে, বদৰুদ্দিন আজমলে হিন্দুক অপমান কৰিছে৷ আজমলক গাধৰ পিঠিত উঠুৱাই বাংলাদেশলৈ পঠিয়াব লাগে৷  লগতে তেওঁৰ ঘৰত বুলডোজাৰ চলাব লাগে৷  টোগাৰিয়াই লগতে  কয়, লাভ জেহাদৰ বিৰুদ্ধে সংগঠনে সমগ্ৰ দেশতে কাম কৰি আছে৷ হিন্দু যুৱতী যাতে লাভ জেহাদৰ বলি নহয় তাৰ প্ৰতি বিশেষ মনোযোগ দিয়া হৈছে৷ ১৯৫১ চনৰ পিছত বাংলাদেশ আৰু পাকিস্তানৰ পৰা অহা মুছলমানক বিচাৰি উলিয়াই বাংলাদেশলৈ ঘূৰাই পঠিয়াই ৪৯ লাখ মুছলমান বাংলাদেশীৰ হাতৰ পৰা অসমক ৰক্ষা কৰাটো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৰ্তব্য বুলি উল্লেখ কৰে তেওঁ৷ টোগাৰিৱাই কয়, ভাৰত এখন হিন্দু দেশ, আৰু ইয়াত হিন্দুৰ প্ৰাধান্য থাকিব৷ বীৰ লাচিত বৰফুকনৰ দৰে শত্ৰুৰ বুকুত ভৰি দিয়া বিজয়ীসকলৰ দৰে অসমকে ধৰি সমগ্ৰ দেশতে হিন্দুসকলে বাস কৰিব৷  মৌলানা বদৰুদ্দিন আজমলৰ বিষয়ে পুনৰ উল্লেখ কৰি তেওঁ কয় যে, এবাৰ মোগলে মা কামাখ্যাৰ অসমক অপমান কৰিবলৈ চেষ্টা কৰিছিল৷ সেই সময়ত সাহসী বীৰ লাচিত বৰফুকনে তেওঁলোকৰ বিৰুদ্ধে থিয় দি মোগলক অসম ৰাজ্যৰ পৰাজিত কৰি পঠাইছিল৷  এতিয়া আকৌ বদৰুদ্দিন আজমলে হিন্দুক অপমান কৰিছে, এই বদৰুদ্দিন আজমলক গাধৰ পিঠিত উঠুৱাই বাংলাদেশলৈ পঠিয়াব লাগে৷ লগতে তেওঁৰ ঘৰত বুলডজাৰ চলাই বীৰ লাচিত বৰফুকন-২ ৰ পুনৰাবৃত্তি কৰাত তেওঁ গুৰুত্ব দিয়ে৷