Logo
image

চাহক ৰাষ্ট্ৰীয় পানীয় ঘোষণাৰ দাবী সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ

ডিজিটেল ডেস্ক, ১৩ ডিচেম্বৰ:  চাহক ৰাষ্ট্ৰীয় পানীয় হিচাপে ঘোষণা কৰিব লাগে৷ আজি ৰাজ্যসভাত এই দাবী উত্থাপন কৰে সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই৷ সদনৰ শূন্যকালত এই দাবী উত্থাপন কৰি মাৰ্ঘেৰিটাই কয় যে, ২০২৩ চনত অসমৰ চাহ উদ্যোগৰ দুশ বছৰ পূৰ্ণ হ’ব৷ অসমবাসীয়ে এয়া নি(য়কৈ উদযাপন কৰিব৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰেও বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিব৷ সেয়েহে অসমৰ দুশ বছৰীয়া চাহ উদ্যোগৰ সৈতে সংগতি ৰাখি চাহক ৰাষ্ট্ৰীয় পানীয়ৰ মৰ্যাদা প্ৰদানৰ দাবী জনায় বিজেপিৰ সাংসদজনে৷ সমগ্ৰ বিষয়টোত কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি সাংসদজনে এইক্ষেত্ৰত কেন্দ্ৰৰ সহযোগিতাও কামনা কৰে৷ আনহাতে, চাহৰ নামত একাংশ ব্যৱসায়ীয়ে অন্য পানীয় বিক্ৰী কৰি থকাৰ অভিযোগ উত্থাপন কৰি মাৰ্ঘেৰিটাই এনেধৰণৰ বিপণন বন্ধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷ নিজৰ শূন্যকালত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি তেওঁ অসমৰ চাহ জনগোষ্ঠীয় লোকসকলৰ বাবে বিশেষ আৰ্থিক পেকেজ প্ৰদানৰ অনুৰোধ ব্যক্ত কৰে৷ উল্লেখ্য যে, হিন্দী ভাষাত ভাষণ প্ৰদান কৰি থকাৰ সময়ত সদনত উপস্থিত অসম তথা আন ৰাজ্যসমূহৰ সাংসদসকলেও মাৰ্ঘেৰিটাই জনোৱা দাবীক হৰ্ষধবনিৰে সন্মতি ব্যক্ত কৰা পৰিলক্ষিত হয়৷ কেইবাজনো সাংসদ আনকি আনুষ্ঠানিকভাৱে তেওঁৰ দাবীৰ সৈতে সন্নিবিষ্ট কৰি সংসদীয় কাৰ্যক্ৰমণিকাত নিজা নিজা সমৰ্থন ৰুজু কৰে৷