Logo
image

ৰক্ষকেই এতিয়া ভক্ষক : ৰে'ল যাত্ৰীৰ পৰা আঢ়ৈ লাখ টকা ডকাইতি কৰি গ্ৰেপ্তাৰ GRP জোৱান আবুল হুছেইন

ডিজিটেল ডেস্ক: অসমক অপৰাধমুক্ত কৰাৰ পণ লোৱা মুখ্যমন্ত্ৰীৰ সপোনত চেঁচা পানী ঢালিছে একাংশ আৰক্ষী জোৱানে৷ জনতাৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী জোৱানেই এতিয়া নামিছে ডকাইতি কাণ্ডত৷ গুৱাহাটীৰ পল্টন বজাৰ ৰে'ল ষ্টেচনত ডকাইতি কৰি গ্ৰেপ্তাৰ হ'ল এজন GRP জোৱান৷ ৰে'ল ষ্টেচনত তালাচীৰ সময়তে এগৰাকী যাত্ৰীৰ পৰা GRP জোৱানজনে ডকাইতি কৰিছিল আঢ়ৈ লাখ টকা৷

সোমবাৰে ৰে'ল ষ্টেচনত তালাচীৰ সময়তে এই দুষ্কাৰ্য সংঘটিত কৰিলে GRP জোৱান আবুল হুছেইনে৷ ৰাজস্থানৰ গিৰিধৰ লাল নামৰ এগৰাকী যাত্ৰীৰ বেগত আছিল আঢ়ৈ লাখ টকা৷ ষ্টেচনত তালাচী অভিযানৰ সময়তে গিৰিধৰ লালৰ পৰা আঢ়ৈ লাখ টকা কাঢ়ি নিছিল আবুল হুছেইনে৷ এই ডকাইতি কাণ্ডৰ পিছত টকাখিনি হাজোৰ ঘৰত লুুকুৱাই ৰাখিছিল GRP জোৱানজনে৷ 

এই ঘটনা সংঘটিত হোৱাৰ পিছতে গুৱাহাটী ৰে'ল ষ্টেচনৰ ৰে'ল আৰক্ষীৰ থানাত জোৱানজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়৷ ইতিমধ্যে আবুল হুছেইনৰ ঘৰৰ পৰা ২ লাখ ৪০ হাজাৰ টকা উদ্ধাৰ কৰিছে আৰক্ষীয়ে৷ গোচৰ ৰুজু হোৱাৰ পিছতে আবুল হুছেইনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷