Logo
image

মস্কো আন্তর্জাতিক শিশু চলচ্চিত্ৰ মহোৎসৱলৈ মনোনীত অসমীয়া চলচ্চিত্ৰ 'বকুল ফুলৰ দৰে'

ডিজিটেল ডেস্ক : নতুন বতৰৰ প্ৰাকক্ষণত অসমৰ শিশু চলচ্চিত্ৰৰ বাবে এক আনন্দৰ বতৰা৷ দুটাকৈ আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছে অসমীয়া শিশু চলচ্চিত্ৰ 'বকুল ফুলৰ দৰে'৷ ২০২৩ বৰ্ষত অনুষ্ঠিত হ'বলগীয়া মস্কো আন্তর্জাতিক শিশু চলচ্চিত্ৰ মহোৎসৱলৈ মনোনীত হৈছে 'বকুল ফুলৰ দৰে'৷ উল্লেখ্য, নৱবৰ্ষৰ ২৫-২৬ ফেব্ৰুৱাৰীত মস্কোত অনুষ্ঠিত হ'ব চলচ্চিত্ৰ মহোৎসৱ৷ ইফালে আহমেদাবাদত চতুৰ্থবাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া আন্তর্জাতিক শিশু চলচ্চিত্ৰ মহোৎসৱলৈও নিৰ্বাচিত হৈছে 'বকুল ফুলৰ দৰে'৷ এই মহোৎসৱৰ উদ্বোধনী অনুষ্ঠান ২৪ ডিচেম্বৰত অনুষ্ঠিত হ'ব৷ উল্লেখ্য, প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ বেনাৰত নিৰ্মিত 'বকুল ফুলৰ দৰে' চলচ্চিত্ৰখনৰ প্ৰযোজনা কৰিছে ৰিণিকি ভূঞা শৰ্মা আৰু পৰিচালনা কৰিছে সঞ্জীৱ হাজৰিকাই৷ পৰিচালক সঞ্জীৱ হাজৰিকাই এই দুয়োটা খবৰে অসমীয়া চলচ্চিত্ৰ জগতলৈ আনন্দৰ বতৰা কঢ়িয়াই আনিছে বুলি কয়৷ উল্লেখ্য, এই চলচ্চিত্ৰখনৰ জৰিয়তে মানৱ জীৱনৰ এক গুৰুত্বপূৰ্ণ দিশ তুলি ধৰাৰ প্ৰয়াস কৰিছে পৰিচালকে৷ পিতৃ-মাতৃ, শিক্ষকৰ মৰম আৰু যত্নৰে প্ৰতিটো শিশুক কেনেকৈ এজন ভাল মানুহ গঢ়ি তুলিব পাৰে তাৰ এক সুন্দৰ বাৰ্তা চলচ্চিত্ৰখনৰ জৰিয়তে গঢ়াৰ প্ৰয়াস কৰিছে পৰিচালকে৷