Logo
image

ধনৰ শক্তিকহে বিশ্বাস কৰে প্ৰধানমন্ত্ৰী মোদীয়ে

যোৱা ২৫ ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে অটল বিহাৰী বাজপেয়ীৰ জন্মদিনত দেশৰ কৃষকসকলক সন্মানিত কৰিলে৷ ৯ কোটি কৃষকৰ বেংকৰ পাছবুকত ২০০০ টকাৰ একোটাকৈ কিস্তি ভৰাই দিলে৷ প্ৰধানমন্ত্ৰীৰ ধনৰ শক্তিৰ ওপৰত অগাধ বিশ্বাস৷ সেয়ে তেওঁ আন্দোলন কৰি থকা কৃষকসকলৰ কথা নুশুনি দেশৰ আন আন কৃষকক ধনৰ যোগান ধৰিলে৷ এই টকা যোগান দিয়াৰ অজুহাততে তেওঁ দেশৰ কৃষকৰ সৈতে আলাপো কৰিলে৷ তেওঁ কৃষকসকলক নিজৰ চৰকাৰে বলৱৎ কৰা কৃষক আইন কেইখনৰ উপকাৰিতা কি সেই বিষয়ে যথেষ্ট জ্ঞান প্ৰদানো কৰিলে৷ পোনপটীয়াকৈ কেইবাজনো কৃষক সৈতে প্ৰধানমন্ত্ৰীয়ে বাৰ্তালাপ কৰিলে আৰু প্ৰসংগ নথকাকৈও তেওঁ জোৰকৈ সুধিলে– তেওঁলোকৰ খেতিৰ মাটিও ফচল ক্ৰয় কৰা কোম্পানীয়ে কিনি লৈ গৈছে নেকি? যথাযথভাৱে তেওঁ সেই প্ৰশ্নৰ নেতিবাচক উত্তৰেই পালে৷ প্ৰকৃততে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা  সেই ধনৰাশি হৈছে কৃষকৰ সন্মান আৰু আন্দোলনৰ মাজৰ এডাল ৰেখা৷ কৃষকসকলে নিজেই ঠিৰাং কৰিব লাগিব তেওঁলোকে ২০০০ কৈ টকা লৈ নিজৰ সন্মান বিক্ৰী কৰিব নে আতংকবাদী আৰু দালাল বুলি চৰকাৰে অভিহিত কৰা আন্দোলনকাৰী কৃষকৰ পক্ষত থাকি সেই ধনৰাশি প্ৰত্যাখ্যান কৰিব৷

প্ৰধানমন্ত্ৰীয়ে কৃষকক ধন প্ৰদান কৰাৰ বাবে যি বিশাল আয়োজন কৰিলে তাৰ খৰচৰ অনুমান কৰাটো কঠিন আৰু সেই হিচাপ কেতিয়াও কাৰো ওচৰত পোৱা নাযাব৷ কেৱল অনুমান কৰিব পাৰি, যিহেতু জিলাৰ পৰা আৰম্ভ কৰি পঞ্চায়ত পৰ্যায়লৈকে এই কাৰ্যসূচী আয়োজন কৰা হৈছে তেতিয়া নিশ্চয় এই বিশাল আয়োজনৰ বাবে বৃহৎ পৰিমাণৰ চৰকাৰী ধনৰ খৰচো হৈছিল৷ টি ভি ষ্ক্ৰীণ ভাৰা কৰাৰ পৰা আৰম্ভ কৰি, চকী-মেজ ভাৰা কৰালৈকে, খোৱাৰ যা-যোগাৰ ইত্যাদি সমগ্ৰ দেশজুৰি কৰোতে নিশ্চয় বিশাল পৰিমাণৰ ধনৰাশি ব্যয় কৰা হৈছিল৷ তাৰ বাবে আন কোনো আঁচনিৰ বাবে ৰখা ধনৰাশি ব্যয় কৰাও হ’ব পাৰে অথবা বিশেষভাৱে এই অনুষ্ঠানলৈ পৃথকে ধন ব্যৱহাৰ কৰিবও পাৰে৷ পিছে যিয়েই নহওক, এই টকা কাৰো ব্যক্তিগত নহয়, কোনো দলৰো নহয়৷ নিশ্চিতভাৱে সেই অনুষ্ঠানত ব্যয় হোৱা সকলো ধন চৰকাৰৰ ৰাজভঁৰালত থকা কিন্তু দেশৰ ৰাইজৰ অৰ্থাৎ কৰদাতাৰ ধন৷ বহুতেই কয় সমগ্ৰ দেশজুৰি আয়োজন কৰা এই বিশাল অনুষ্ঠানৰ বাবে ৫০০ কোটিৰো অধিক ধন ব্যয় হৈছে৷ কোৱা বাহুল্য মাথোঁ, চৰকাৰে অনুমতি নল’লেও এয়া দেশবাসীৰ অৰ্থাৎ সাধাৰণ লোকৰ পৰা কৰ হিচাপে চৰকাৰে লাভ কৰা ধন৷ জিলাৰ উপায়ুক্ত, ব্লক স্তৰৰ চৰকাৰী বিষয়া-কৰ্মচাৰীক লৈ এই অনুষ্ঠান আয়োজন কৰা হৈছিল৷ কৃষি বিভাগৰ সকলো কৰ্মচাৰী এই অনুষ্ঠানত উবুৰি খাই পৰিছিল৷ ২৫ ডিচেম্বৰৰ এই অনুষ্ঠানটোৰ বাবে দেশৰ ৮ কোটিৰো অধিক কৃষকৰ নাম পঞ্জীয়ন কৰা হৈছিল৷ এয়া কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰণালয়ে ৰাজহুৱাভাৱে প্ৰকাশ কৰা তথ্য৷ দেশৰ পঞ্জীয়ন কৰা কৃষকৰ এই সংখ্যা অবিস্মৰণীয়৷ প্ৰকৃততে কৃষকৰ এই সংখ্যাৰ এটা চৰকাৰী অডিট হোৱা উচিত৷ সকলো কৃষকৰ নামসহ ডাটা মুকলি কৰা উচিত৷ কিয়নো চৰকাৰী দাবী কৰা মতে দেশৰ ৯ কোটি কৃষকে সেই দিনটোত ১৮ হাজাৰ কোটি টকা পাইছে৷ প্ৰকৃততে কৃষকেই এই ধন পালেনে? এই প্ৰশ্ন এতিয়া উঠিছে৷ কিয়নো দৌৰা-দৌৰিকৈ আয়োজন কৰা এই অনুষ্ঠানটোৰ পূৰ্বে সমগ্ৰ দেশত ৯ কোটি কৃষকৰ নাম পঞ্জীয়ন কৰিবলৈ কৃষিবিভাগক দায়িত্ব প্ৰদান কৰা হৈছিল৷ প্ৰতিটো ব্লক আৰু প্ৰতিখন জিলাত কেইবাহাজাৰকৈ কৃষকৰ নাম পঞ্জীয়ন কৰা হৈছিল৷ থিতাতে কৃষিবিষয়াসকলে ইমানবোৰ কৃষকৰ নাম ক’ৰ পৰা গোটাই পঞ্জীয়ন কৰিলে? চৰ্চা হৈছে, কৃষিবিষয়াসকলে চৰকাৰী নিৰ্দেশ পালন কৰাৰ বাবে দৌৰা-দৌৰিকৈ যাকে য’তে পাইছে তাৰে নাম পঞ্জীয়ন কৰিলে কৃষক হিচাপে৷ এনে বহু চাকৰিয়াল বা আন জীৱিকাত থকা লোকে সেইদিনা টকা পালে সেয়া চৰকাৰে তথ্য প্ৰকাশ নকৰিলে কোনেও বিশ্বাস নকৰিব৷ এই ধন প্ৰদানৰ কাৰ্যসূচীৰ চৰকাৰী পূৰ্বপৰিকল্পনা নাছিল৷ ঘাইকৈ দিল্লীত চলি থকা কৃষকৰ আন্দোলনটো ম্লান কৰি তুলিবলৈ আৰু দেশৰ বিভিন্ন অংশৰ কৃষকৰ পৰা চৰকাৰী সমৰ্থন আদায় কৰিবলৈকে হঠাতে মোদী চৰকাৰে এই অনুষ্ঠানৰ আয়োজন কৰিছিল৷ ইয়াৰ ফলত একেপাত শৰতে চৰকাৰে দুটা চিকাৰ কৰিলে৷ এফালে দেশত চলি থকা কৃষকৰ আন্দোলনটোৰ পৰা বহুতৰ মন ঘূৰাই আনিলে আৰু আনফালে দেশৰ ৯ কোটি কৃষকৰ সমৰ্থন আদায় কৰিলে৷ চৰকাৰে এনেদৰে ভাবিলেও কিন্তু প্ৰকৃততে তেওঁলোকৰ উদ্দেশ্য চৰিতাৰ্থ নহ’ল৷ কিয়নো কৃষকৰ নামত সেইদিনা আন বহুতেহে চৰকাৰী ধন লাভ কৰিলে৷ জন-ধন একাউণ্ট থকা অসংখ্য লোকে চৰকাৰী টকা পোৱাটো সঁচা কিন্তু  সেই টকা পোৱা সকলোৱেই যে কৃষক নহয় সেয়াও সঁচা৷ প্ৰধানমন্ত্ৰী মোদীৰ টকাৰ শক্তিৰ ওপৰত বিশ্বাস থকালৈকে এনে প্ৰক্ৰিয়া অব্যাহত থাকিব৷