Logo
image

অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল

অৱশেষত অসম লোকসেৱা আয়োগে পতা সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ [২০১৮] ফলাফল ঘোষণা কৰা হ’ল৷ প্ৰথমবাৰৰ কাৰণে এই ফলাফলক লৈ ৰাইজক সন্তুষ্ট হোৱা দেখা গ’ল৷ কোৱা হৈছে–এইবাৰ ধনৰ সলনি মেধাই স্বীকৃতি পাইছে৷ এজাক সপ্ৰতিভ আৰু মেধাৱী ছাত্ৰ-ছাত্ৰীক অসামৰিক সেৱা আৰু অন্যান্য পদৰ বাবে নিৰ্বাচিত কৰা হৈছে আৰু এই কথাটোৱে সমাজত এক ধনাত্মক বাৰ্তা প্ৰেৰণ কৰিছে৷ এটা সময়ত অসম লোকসেৱা আয়োগ মানে ভেটি, দুৰ্নীতি আৰু বিসংগতিৰ কেন্দ্ৰ হৈ পৰিছিল৷ ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাটো পৰিচালনাৰ বাবে প্ৰয়োজনীয় বিষয়া নিযুক্তিৰ দায়িত্ববাহী এই অনুষ্ঠানটো হৈ পৰিছিল চৰম দুৰ্নীতিৰ ঠাই৷ ৰাজনৈতিক আৰু পাৰিবাৰিক স্বজন-তোষণে শেষ কৰি পেলাইছিল অসামৰিক সেৱাৰ বাবে পৰীক্ষা পতা সৰ্বোচ্ছ অনুষ্ঠানটো৷ অধ্যক্ষ তাৰাপ্ৰসাদ দাসৰ দিনত আৰম্ভ হোৱা মুকলি কিনা-বেচাৰ কাৰবাৰটোৱে ৰাকেশ পালৰ দিনত সকলো সীমা অতিক্ৰম কৰিছিল৷ লাজ লগা পৰ্যায়লৈ গুছি গৈছিল লোকসেৱা আয়োগৰ দুৰ্নীতিৰাজ৷ কংগ্ৰেছ চৰকাৰৰ আমোলত হোৱা মুকলি দুৰ্নীতিয়ে আৱৰি পেলোৱা লোকসেৱা আয়োগৰ কাহিনী শুনিলে সভ্য মানুহে ঘৃণাত নাক কোঁচাবলগীয়া হৈছিল৷

ৰাকেশ পাল আৰু তেওঁৰ সংগীসকলে ৰাজনৈতিক পৃষ্ঠপোষকতাত কৰা অনৈতিক কাৰ্যই সীমা পাৰ হৈ যোৱাৰ পাছত ঘটনাক্ৰমে বিচাৰ আৰম্ভ হয়৷ তদন্তত ওলাই পৰে অধ্যক্ষকে ধৰি বেছিভাগ সদস্যই দুৰ্নীতিত নিমজ্জিত৷ পৰীক্ষাৰ সমগ্ৰ ব্যৱস্থাটোৱে গেলি গৈছিল৷ ধনৰ বিনিময়ত সকলো নীতি-নিয়ম জলাঞ্জলি দিয়া হৈছিল৷ নিজৰ অঙহী-বঙহী আৰু ধন দিয়াসকলকহে পৰীক্ষাত উত্তীৰ্ণ কৰাৰ নিজাববীয়া ব্যৱস্থা গঢ়ি তোলা হৈছিল৷ সকলো কথা পোহৰলৈ অহাত অধ্যক্ষ, সদস্যসকলো জে’ললৈ যাবলগীয়া হয়৷ বিচাৰ চলি আছে৷ সদস্যসকলে দীৰ্ঘদিন জে’লত থাকি জামিনত মুক্তি লাভ কৰিছে যদিও মূল অভিযুক্ত অধ্যক্ষ ৰাকেশ পাল আজিও জে’লতে আছে৷ হয়তো শেষ বিচাৰত ৰাকেশ পাল বাহিনীৰ ওপৰত কঠোৰ শাস্তি ঘোষণা কৰা হ’ব আৰু এতিয়াও পলাই থকা দুই-এজন কোনোকালেই অসমলৈ ঘূৰি আহিব নোৱাৰিব৷

এজন প্ৰাৰ্থীৰ এজাহাৰ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দুৰ্নীতিৰ বিৰুদ্ধ সবল স্থিতিৰ বাবে অসম লোকসেৱা আয়োগৰ তদন্তত সকলো কথা পোহৰলৈ আহিছে৷ কংগ্ৰেছৰ দিনত দুৰ্নীতিৰ সম্ৰাট আয়োগৰ অধ্যক্ষ তাৰাপ্ৰসাদ দাসক দলৰ টিকট দি বিধায়ক পতা হৈছিল৷ ধৰা নপৰিলে হয়তো ৰাকেশ পালেও আজি কংগ্ৰেছৰ টিকট লাভ কৰি বিধায়ক হৈ থাকিলহেঁতেন৷ ঘটনাক্ৰমে পোহৰলৈ অহা দুৰ্নীতিৰ তদন্ত প্ৰক্ৰিয়া ব্যাহত কৰিবলৈ বহু চেষ্টা কৰা হৈছিল যদিও ৰাইজৰ হেঁচা আৰু সংবাদ মাধ্যমৰ সতৰ্কতাৰ বাবেই সফল নহ’ল৷ কংগ্ৰেছৰ কাৰ্যকালত দুৰ্নীতিৰ ধনেৰে শকত হোৱা কিছুমান বিধায়ক, মন্ত্ৰী এতিয়া বিজেপিৰ আগশাৰীৰ নেতা৷ তেনে নেতাৰ হেঁচা অতিক্ৰমি সৰ্বানন্দ সোণোৱালে অসম লোকসেৱা আয়োগৰ দুৰ্নীতি পোহৰলৈ অনাত সহায় কৰে৷

ইতিমধ্যে অসম লোকসেৱা আয়োগত ভালেখিনি সংস্কাৰ কৰা হৈছে৷ তেনে কাৰণতে এইবাৰৰ পৰীক্ষাৰ ফলাফলক সকলোৱে গ্ৰহণ কৰিছে৷ প্ৰথমাৱস্থাত প্ৰশ্নোত্তৰত ওলোৱা ভুলৰ বাবে প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল কেইবাবাৰো সলাবলগীয়া হৈছিল৷ কোনোবা দায়িত্বজ্ঞানহীন প্ৰশ্নকাকত প্ৰস্তুত কৰোঁতাৰ অমনোযোগিতা বা অসাৱধানতাৰ বাবে হোৱা বিসংগতিৰ ফলত পৰীক্ষাৰ প্ৰক্ৰিয়াটো দীঘলীয়া হ’বলগীয়া হয়৷ প্ৰশ্নোত্তৰৰ বিসংগতিৰ বাবেই বিষয়টো আদালতৰ মজিয়া পায়৷ প্ৰাৰম্ভিক পৰীক্ষাত অনুত্তীৰ্ণ পৰীক্ষাৰ্থীয়ে মূল পৰীক্ষা পাছ কৰাৰ বিষয়ো আদালতৰ ওচৰ পায়৷ পাছত আদালতৰ নিৰ্দেশত সাক্ষাৎকাৰ অনুষ্ঠিত হয় যদিও বিষয়টো পুনৰ বিচাৰাধীন হয়৷ অৱশেষত আদালতে ছটা পদ সংৰক্ষিত কৰি ৰাখি সাক্ষাৎকাৰৰ ফলাফল ঘোষণা কৰিবলৈ নিৰ্দেশ দিয়ে৷ তেনে নিৰ্দেশৰ আধাৰত ঘোষিত হৈছে পৰীক্ষাৰ ফলাফল আৰু সকলোৱে প্ৰকাশ কৰিছে সন্তুষ্টি৷

ৰাজ্যখনৰ ভৱিষ্যতৰ স্বাৰ্থতে অসম লোকসেৱা আয়োগক যিকোনো মূল্যৰ বিনিময়ত দুৰ্নীতিমুক্ত কৰি নিকা প্ৰতিষ্ঠান হিচাপে গঢ়ি তুলিব লাগিব, যাতে মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ সপোনবোৰ জীয়াই ৰাখিব পাৰি৷