Logo
image

আৱেগিক জাতীয়তাবাদে পৰাভূত কৰিব পাৰিবনে বিজেপিক

... লুৰীণজ্যোতি গগৈৰ প্ৰতি অসমৰ ৰাইজে আস্থা ৰাখিছে৷ যিকোনো ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰতো ৰাইজৰ সেই আস্থা আৰু প্ৰমূল্যবোধৰ ওপৰত তেওঁ গুৰুত্ব দিব লাগিব৷ যাতে কোনো ৰাষ্ট্ৰীয় শক্তিয়ে সেই প্ৰমূল্যবোধক বিধ্বস্ত কৰিব নোৱোৰে৷ সেই আস্থা আৰু শুভকামনাক অতি কৌশলেৰে ব্যক্তিস্বাৰ্থৰ ৰাজনৈতিক কাৰচাজিৰে কেৱল ক্ষমতা দখলৰ আহিলা নকৰি ৰাইজক আশ্বস্ত কৰিব লাগিব৷ প্ৰয়োজনত সাধাৰণ লোকৰ মাজলৈ গৈ এজন মানুহৰ মাজৰ নেতা হৈ প্ৰমাণ কৰিব লাগিব এটা প্ৰজন্মই কৰা ভুল তেওঁ পুনৰাবৃত্তি নকৰে ...

অসম প্ৰথম, সদায় আৰু চিৰদিন, এই মূলমন্ত্ৰ আগত লৈয়ে শিৱসাগৰৰ ব’ৰ্ডিং খেলপথাৰত অনুষ্ঠিত ৰাজনৈতিক অভিৱৰ্তন অনুষ্ঠানত ষোল্ল ডিচেম্বৰত অসম জাতীয় পৰিষদত সভাপতিৰূপে যোগদান কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে৷ আছুৰ মজিয়াত জন্মলাভ কৰা দ্বিতীয়টো আঞ্চলিক দলৰ প্ৰথমজন সভাপতি হিচাপে ইতিহাসৰ পৃষ্ঠাত নাম খোদিত হৈ ৰ’ল লুৰীণজ্যোতি গগৈৰ৷  এতিয়া জনগণৰ মনত আহিবলগীয়া প্ৰশ্নসমূহ এনে– কেনেবাকৈ লুৰীণজ্যোতি গগৈ হৈ পৰিব নেকি আছুৰ মজিয়াৰ পৰাই ৰাজনীতিত খোজ দিয়া দ্বিতীয়জন প্ৰফুল্ল কুমাৰ মহন্ত অথবা সৰ্বানন্দ সোণোৱাল? এক বৃহৎ ৰাষ্ট্ৰীয় শক্তি হিচাপে পৰিগণিত বিজেপিক পৰাভূত কৰিবলৈ অসম জাতীয় পৰিষদৰ প্ৰয়োজনীয়তাসমূহ অথবা লুৰীণজ্যোতি গগৈৰ ব্যক্তিত্বই পৰ্যাপ্ত হ’বনে? বুদ্ধিদীপ্ত ভাষণশৈলী, বাকচাতুৰ্য অথবা আৱেগিক জাতীয়তাবাদেই অসমত পৰাভূত কৰিব পাৰিবনে বিজেপিৰ কৌশলী স্থিতি?

নাগৰিকত্ব সংশোধনী আইনবিৰোধী আন্দোলনে লুৰীণজ্যোতি গগৈক সুবিধা দিলে আছুক সমুখৰ পৰা নেতৃত্ব দিয়াৰ৷ তেজোদীপ্ত ভাষণশৈলীৰে অসমৰ ৰাইজক বিশেষকৈ যুৱসমাজক উদ্বুদ্ধ কৰিবলৈ সক্ষম হৈছিল লুৰীণ গগৈয়ে৷ ৰাজনৈতিক নেতা-পালিনেতাৰ পৰা বহু শিল্পী, কলাকুশলী নাগপুৰীয়া শক্তিৰ ওচৰত বিক্ৰী যোৱাৰ সময়তে এক আপোচবিহীন চৰিত্ৰৰ পৰিচয় দিছিল সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকজনে৷ আশীৰ্বাদ লাভ কৰিছিল ৰাইজৰ৷ আন্দোলনৰ সময়ছোৱাত ‘কা’ৰ বিৰুদ্ধে যুঁজিবলৈ লুৰীণজ্যোতি গগৈৰ হাতত গাঁৱৰ বৃদ্ধাই তুলি দিছিল অন্ন আৰু নামমাত্ৰ টকাকেইটাও৷ মূৰ চুই আশীৰ্বাদ দিছিল দেশৰ হঁকে যুঁজিবলৈ আৰু জিকিবলৈ৷

অসমৰ দৰে এখন প্ৰদেশত এখন ৰাজনৈতিক যুঁজত অৱতীৰ্ণ হ’বলৈ কোনোবাখিনিত যে লুৰীণজ্যোতি গগৈ পৰ্যাপ্ত পৰিমাণে যোগ্য হৈ পৰিছে, সেয়া নুই কৰিব নোৱাৰি৷ কিন্তু এই সকলো বৰ্তমানলৈকে সীমিত হৈ আছে এক আৱেগসৰ্বস্ব জাতীয়তাবাদৰ সীমাৰে৷ বসন্ত ডেকা, ড॰ কৃষ্ণগোপাল ভট্টাচাৰ্য, জগদীশ ভূঞা, অদীপ ফুকনৰ দৰে লোকৰ তত্ত্বাৱধানত অৱশ্যে জাতীয় পৰিষদে তৈয়াৰ কৰিছে এক শৃংখলাবদ্ধ ৰণকৌশল৷ কিন্তু বিজেপিৰ দৰে এক বৃহৎ শক্তিৰ সৈতে যুঁজিবলৈ সেই ৰণকৌশলে তৃণমূল পৰ্যায়ক ঢুকি পোৱাত ক’ৰবাত কিছু পলম হৈছে বুলিও বহুতে সমালোচনা কৰিছে৷ অভিৱৰ্তনৰ জাকজমকতাৰ পৰা আঁতৰি, আৱেগিক জাতীয়তাবাদক ব্যৱহাৰিক জাতীয়তাবাদলৈ ৰূপান্তৰকৰি সাধাৰণ ৰাইজৰ মাজলৈ লৈ যোৱাৰ সময় ইতিমধ্যে আহি পৰিছে৷ আৰু পৰৱৰ্তী সময়ছোৱাত এই গুৰুদায়িত্বৰ মূল কাণ্ডাৰীজনেই হ’ব লাগিব লুৰীণজ্যোতি গগৈ৷

‘কা’বিৰোধী আন্দোলনৰ ঢৌ মাৰ যোৱাবলৈ বিজেপিয়ে অসমত যি চতুৰতাৰে বিভিন্ন কূট-কৌশল আৰম্ভ কৰিছিল, তাক প্ৰতিহত কৰাটো বৰ্তমান ব্যৱহাৰিক দিশত এজেপি বা লুৰীণজ্যোতি গগৈৰ বাবে হ’ব এক বৃহৎ প্ৰত্যাহ্বান৷ ৰাইজক দিগভ্ৰান্ত কৰিবলৈ ঘোষণা কৰা হৈছিল বহু টোপ৷ প্ৰথম, গোলাঘাটত নিৰ্মাণ কৰা হ’ব সতী সাধিনী ৰাজ্যিক বিশ্ববিদ্যালয়, দ্বিতীয়, কমতাপুৰ, মৰাণ-মটক এই তিনিওখন ঠাইৰ স্বাযত্ত পৰিষদীয় আইন বিধানসভাত অনুমোদিত হ’ব, তৃতীয়, মৰাণ-মটক-চুতীয়াৰ কাৰণে ধাৰ্য কৰা হ’ব পাঁচশ কোটি টকা, আহোম সম্প্ৰদায়ৰ মাজত এশ পঁচিছ কোটি, আৰু টাই আহোম ডেভেলপমেণ্ট কাউঞ্চিলৰ কাৰণে দুশ পঁঞ্চাছ কোটি টকা৷ চতুৰ্থতে,  চাহ জনগোষ্ঠীৰ কাৰণে বছৰি ধাৰ্য কৰা বাজেট এশ শতাংশ বৃদ্ধি কৰা হ’ব, লগতে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি এশ সাতষষ্ঠি টকালৈ৷ ধন-জন-বাহুবল আৰু ক্ষমতাৰে এনে বহুখিনি টোপ প্ৰয়োজনত সৰ্বানন্দ সোণোৱাল বা হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব পাৰে আৰু কৰিছে৷ কিন্তু জাতীয় পৰিষদ বা লুৰীণজ্যোতি গগৈৰ হাতত বৰ্তমান সেই ধন বা ক্ষমতাৰ অভাৱ৷ যাৰ বাবে গগৈয়ে গুৰুত্ব দিব লাগিব কেতবোৰ ব্যৱহাৰিক যুক্তিত, বিশ্বাসযোগ্য তথা প্ৰণিধানযোগ্য কেতবোৰ প্ৰতিশ্ৰুতিত আৰু কালক্ৰমত সেইবোৰ পূৰণৰ দৃঢ়তা আৰু মানসিকতাৰে মঞ্চৰ পৰা নামি আহি খোজ দিব লাগিব ৰাইজৰ দুৱাৰে দুৱাৰে৷ এনে প্ৰত্যাহ্বান নতশিৰে গ্ৰহণ কৰিলেহে এক সমুখসমৰ সম্ভৱ৷ অৱশ্যে জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তনত সভাপতি হিচাপে দায়িত্ব লৈ ভাষণ প্ৰসংগত লুৰীণজ্যোতি গগৈয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কথা উনুকিওয়া পৰিলক্ষিত হ’ল৷ ইয়াৰ ভিতৰত এসত্তৰক ভিত্তি বৰ্ষ হিচাপে লৈ তাৰ পূৰ্বে অসমলৈ অহা কোনো লোকেই সংশয় আৰু ভয়ত জীৱন অতিবাহিত কৰিব নালাগে বুলি দিয়া নিশ্চিতি প্ৰণিধানযোগ্য৷ একে ভাষণতে বিভিন্ন জাতি-জনগোষ্ঠী আৰু আৰ্থিক বুনিয়াদ গঢ়া জাতীয় ভেটিক শক্তিশালী কৰাৰ লক্ষ্যৰে ঐক্যবদ্ধ সংগ্ৰামৰ পোষকতা, অখিল গগৈৰ মুক্তিৰ দাবী, সহযোগিতাৰে সমভাবাপন্ন ৰাজনৈতিক শক্তিয়ে একত্ৰিতভাৱে আগবাঢ়ি যোৱাৰ সংকল্প আদি কথাবোৰ একো একোটা ইতিবাচক দিশ৷

লুৰীণজ্যোতি গগৈৰ প্ৰতি অসমৰ ৰাইজে আস্থা ৰাখিছে৷ যিকোনো ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰতো ৰাইজৰ সেই আস্থা আৰু প্ৰমূল্যবোধৰ ওপৰত তেওঁ গুৰুত্ব দিব লাগিব৷ যাতে কোনো ৰাষ্ট্ৰীয় শক্তিয়ে সেই প্ৰমূল্যবোধক বিধ্বস্ত কৰিব নোৱোৰে৷ সেই আস্থা আৰু শুভকামনাক অতি কৌশলেৰে ব্যক্তিস্বাৰ্থৰ ৰাজনৈতিক কাৰচাজিৰে কেৱল ক্ষমতা দখলৰ আহিলা নকৰি ৰাইজক আশ্বস্ত কৰিব লাগিব৷ প্ৰয়োজনত সাধাৰণ লোকৰ মাজলৈ গৈ এজন মানুহৰ মাজৰ নেতা হৈ প্ৰমাণ কৰিব লাগিব এটা প্ৰজন্মই কৰা ভুল তেওঁ পুনৰাবৃত্তি নকৰে৷ পুনৰাবৃত্তি নকৰে জাতি আৰু মাটিৰ লগতে হৈ থকা প্ৰতাৰণা আৰু বিশ্বাসঘাতকতাৰ৷ আঠশ পঁচপন্নজন  শ্বহীদৰ লগতে ‘কা’বিৰোধী আন্দোলনত প্ৰাণ দিয়া পাঁচজন শ্বহীদ তেওঁৰ বাবে প্ৰাতঃস্মৰণীয় হ’ব লাগিব৷ তেহে অসমৰ ৰাইজৰ মনত জাতীয়তাবাদৰ প্ৰতি, আঞ্চলিকতাবাদৰ প্ৰতি আস্থা জাগ্ৰত  হ’ব৷

ফোনঃ ৯৫০৮৬-৯১৪১৫