Logo
image

‘কা’ আন্দোলন স্তিমিত কৰাৰ বাবেই ৬নং দফাৰ কাৰচাজি

শনিবাৰে অসম ভ্ৰমণলৈ আহি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জাতীয়   শ্বহীদসকলৰ প্ৰতি চূড়ান্ত অপমানসূচক মন্তব্য কৰি থৈ গ’ল৷ গণআন্দোলনৰ যিটো ধাৰা বা গণতান্ত্ৰিক বিধি-ব্যৱস্থাত গণআন্দোলনৰ যিটো ভূমিকা, সেই ব্যৱস্থাটোক চূড়ান্তভাৱে নস্যাৎ কৰিলে গৃহমন্ত্ৰীগৰাকীয়ে৷ অসমৰ আন্দোলনকাৰীক উপলুঙা কৰিবলৈ গৈ অমিত শ্বাহে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলন আৰু সেই আন্দোলনৰ শ্বহীদসকলকো অপমান কৰিলে৷ আন আন সমাজ পৰিৱৰ্তনকামী আন্দোলনকো তেওঁ চূড়ান্তভাৱে ভেঙুচালি কৰিলে, ইতিকিং কৰিলে৷ আন্দোলন কৰি যিসকল বীৰ শ্বহীদ হ’ল আৰু জাতীয় জীৱনৰ বাবে সৰ্বোচ্ছ ত্যাগ কৰিলে, দেশৰ ভৱিষ্যতৰ কাৰণে তেওঁলোকে জীৱন দিলে– সেই প্ৰতিগৰাকী বীৰ শ্বহীদক চূড়ান্তভাৱে উপলুঙা কৰিলে অমিত শ্বাহে৷ জাতীয় জীৱনৰ প্ৰতি, জাতীয় শ্বহীদৰ প্ৰতি এই অপমান অত্যন্ত দুৰ্ভাগ্যজনক৷ ভাৰতৰ গৃহমন্ত্ৰী এগৰাকী সন্মানীয় ব্যক্তি৷ তেওঁৰ দৰে এগৰাকী সন্মানীয় ব্যক্তিয়ে জাতীয় জীৱনৰ বীৰ শ্বহীদসকল আৰু গণ আন্দোলনত জীৱন আহুতি দিয়া বীৰ শ্বহীদসকলৰ প্ৰতি কৰা এনেকুৱা মন্তব্য কৰাটো অত্যন্ত অশোভনীয়, গৰ্হিত৷ গৃহমন্ত্ৰীৰ এনে ভাষ্য নিন্দনীয়৷ ভাৰতৰ দৰে এখন গণতান্ত্ৰিক দেশত গণসংগ্ৰামৰ মূল্য সদায় থাকিব৷ কেৱল অসমেই নহয়, দেশৰ আন আন প্ৰান্তৰ জনতায়ো প্ৰাপ্যৰ বাবে সংগ্ৰাম কৰিছে৷  কেৱল স্বৈৰতান্ত্ৰিক আৰু  ফেচিষ্ট মানসিকতাৰ লোকসকলেহে গণআন্দোলন আৰু সেই পথেৰে আগবঢ়া ব্যক্তিসকলৰ বিষয়ে এনেধৰণৰ অৰুচিকৰ আৰু তুলুঙা মন্তব্য কৰিব পাৰে৷ তেওঁলোকৰ মুখতহে এনেধৰণৰ কথা উচ্ছাৰিত হয়৷ গণতান্ত্ৰিক ব্যৱস্থাত কোনো জনপ্ৰতিনিধি– তেওঁ লাগিলে দেশৰ প্ৰধানমন্ত্ৰীয়েই নহওক কিয়, তেওঁলোকৰ মুখত এনেধৰণৰ কথা শোভা নাপায়৷ আমি সকলোৱে জানো যে অসমৰ জনগণক বিজেপি চৰকাৰে নিৰ্বাচনৰ সময়ত যিবোৰ প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি পুৰণ কৰিব নোৱাৰিলে৷ তেওঁলোকে দিয়া প্ৰতিশ্ৰুতি অনুসৰিয়েই অসম চুক্তিৰ ৬নং দফাৰ অধীনত অসমে পাবলগীয়া সুবিধাসমূহ অসমে পাব লাগিছিল৷ সেই সুবিধাসমূহ আজিও নাপালে৷ অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিছিল এখন উচ্ছ পৰ্যায়ৰ  কমিটী৷ সেই কমিটীৰ প্ৰতিবেদন দাখিল কৰাৰ পাছত আজিলৈকে কেন্দ্ৰীয় চৰকাৰে সেই প্ৰতিবেদন গ্ৰহণ কৰিবলৈ সময় নাপালে৷ আমিনগাঁৱলৈ আহিও এই সন্দৰ্ভত টু শব্দও উচ্ছাৰণ কৰিবলৈ ‘আহৰি’ নাপালে অমিত শ্বাহে৷ এই সমগ্ৰ ঘটনাৱলীয়ে অসমৰ প্ৰতি, অসমৰ ৰাইজৰ প্ৰতি যে তেওঁলোকৰ দায়বদ্ধতাৰ অভাৱ সেয়া পুনৰ প্ৰমাণ কৰিলে৷ ইয়াৰ পাছতো তেওঁলোকে অসমৰ কথা, জাতি-মাটি-ভেটিৰ কথা আওৰাই থকাটো স্ববিৰোধী আৰু পুতৌজনক৷ লগতে এই কথাও প্ৰমাণ হ’ল  যে অসম চুক্তিৰ ৬ নং দফাটো তেওঁলোকে কেৱল ৰাজনৈতিক হাথিয়াৰ হিচাপেহে ব্যৱহাৰ কৰিব খুজিছিল৷ ‘কা’বিৰোধী গণআন্দোলনক স্তিমিত কৰিবলৈ তেওঁলোকৰ যে সেয়া ষড়যন্ত্ৰ আছিল সেই কথাও প্ৰমাণ হৈ গ’ল৷ ‘কা’বিৰোধী আন্দোলন স্তিমিত কৰিবৰ বাবেই ৬নং দফাক লৈ কাৰচাজি কৰিলে বিজেপিয়ে৷ ‘কা’বিৰোধী আন্দোলনত ৫গৰাকী যুৱক শ্বহীদ হোৱাৰ পাছতো ‘কা’বিৰোধী আন্দোলন সম্পৰ্কত তেওঁলোক শ্ৰদ্ধাশীল নহয়৷ চৰকাৰী বাহিনীৰ নিৰ্মম অত্যাচাৰত পাঁচজনকৈ পাহোৱাল যুৱকে প্ৰাণ দিলে৷ অমিত শ্বাহে সেই বিষয়ে একোৱেই নক’লে৷ ইয়াৰ বিপৰীতে জাতীয় শ্বহীদ, শ্বহীদ পৰিয়াল আৰু অসমৰ সংগ্ৰামী-স্বাভিমানী জনতাক চূড়ান্তভাৱে অপমান কৰিলে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে৷  আমি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বক্তব্যক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ৷ অসমৰ বীৰ শ্বহীদসকলক এনেধৰণৰ তুলুঙা কথাৰে  উপলুঙা নকৰিবৰ বাবে, অসন্মান আৰু অশ্ৰদ্ধা প্ৰদৰ্শন নকৰিবৰ বাবে কেৱল অমিত শ্বাহকে নহয়, সকলোকে সকীয়াই দিলোঁ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সুধিব খুজিছোঁ– আন্দোলন নকৰাকৈ অসমে কি পাইছে? তেল শোধনাগাৰ, ব্ৰহ্মপুত্ৰৰ ওপৰত দলং, ৰাজ্যভাষা, অসম চুক্তি? কোনো এটাই আন্দোলন অবিহনে সম্ভৱ হোৱা নাই৷ ইতিহাসৰ এইখিনি ন্যূনতম জ্ঞান অমিত শ্বাহৰ নাথাকিব পাৰে, কিন্তু অসমবাসীৰ আছে৷ অমিত শ্বাহৰ কাষতে বহি হাত চাপৰি বজাই থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো ক’ব খুজিছোঁ– আন্দোলনৰ মাজেৰে আহিয়েই যে আপুনি নেতা হৈছে আৰু মুখ্যমন্ত্ৰী হৈছে, সেই কথা পাহৰি যোৱা অনুচিত৷ আপোনালোকে অমিত শ্বাহক মনত পেলাই দিয়া উচিত আছিল যে ছবছৰীয়া অসম আন্দোলনকালত বাজপেয়ী-আদৱানি আদি বিজেপি নেতাসকল অসমলৈ আহি ঐতিহাসিক অসম আন্দোলনত ঘৃতাহুতি দিছিল৷