Logo
image

ক’ভিডভীতিৰ মাজতে ক’ভিড-ৰাজনীতি

ডিজিটেল ডেস্ক, ২৪ ডিচেম্বৰ: মাহৰ মাৰ দেখি তিলে বেত মেলাৰ দৰে চীনত ক’ভিডে পুনৰ সংহাৰ সৃষ্টি কৰা দেখি ভাৰততো সম্ভাৱ্য ক’ভিড সংক্ৰমণৰ আশংকাত চৰকাৰে ক’ভিড ৰোধৰ বাবে আগতীয়াকৈ ব্যাপক তৎপৰতা আৰম্ভ কৰিছে৷ ইয়াৰ পূৰ্বে দুটাকৈ ক’ভিড ঢৌত এই মহামাৰীয়ে ভাৰতৰ স্বাস্থ্য ব্যৱস্থাৰ ফোঁপোলা ৰূপ উদঙাই দি ব্যাপক সংহাৰ সৃষ্টি কৰিছিল৷ প্ৰথমটো ঢৌত তেনেই অচিন ৰোগৰ বিৰুদ্ধে দেশৰ স্বাস্থ্য ব্যৱস্থা  পৰাজিত হোৱাতো কিছু পৰিমাণে গ্ৰহণীয় আছিল৷ কিন্তু দ্বিতীয় ঢৌত আক্ৰান্তক চিকিৎসালয়ত ভৰ্তি কৰিব পৰাকৈ ঠাইৰ নাটনি হোৱা আৰু অক্সিজেনৰ অভাৱৰ বাবে হাজাৰ হাজাৰ ৰোগীৰ প্ৰাণহানি হোৱাৰ ঘটনাই কেন্দ্ৰীয় চৰকাৰ ক’ভিডৰ বাবে প্ৰস্তুত হৈ নথকাতো উদঙাই দিছিল৷ পিছে এইবাৰ কেন্দ্ৰীয় চৰকাৰে দেশত ক’ভিডৰ সংক্ৰমণ নৌহওঁতেই প্ৰস্তুতি আৰম্ভ কৰিছে আৰু কেনেকৈ ক’ভিডৰ প্ৰাদুৰ্ভাৱ ঘটিলে এইবাৰ ৰোধ কৰিব তাৰ আখৰা বা ‘মকড্ৰিল’ কৰিবলৈকো  সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এফালে মোদী চৰকাৰে যিদৰে ক’ভিড ৰুধিবলৈ প্ৰস্তুতি চলাইছে, ঠিক সেইদৰে ক’ভিডৰ জৰিয়তে ৰাজনীতি কৰিবলৈকো পূৰ্ণ প্ৰয়াস অব্যাহত ৰাখিছে৷ বিজেপি নেতৃত্বাধীন নৰেন্দ্ৰ মোদী চৰকাৰ ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ ক্ৰমবৰ্ধিত জনপ্ৰিয়তাত সিমান সুখী নহয় বুলি চৰ্চা হৈছে৷ কংগ্ৰেছৰ অভিযোগ, ক’ভিডৰ অজুহাতত মোদী চৰকাৰে ভাৰত জোড়ো যাত্ৰা বন্ধ কৰাৰ ষড়যন্ত্ৰ কৰিছে৷ উল্লেখ্য, দুদিন পূৰ্বে অৰ্থাৎ যোৱা বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই ৰাহুল গান্ধী আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটলৈ পত্ৰ প্ৰেৰণ কৰি ভাৰত জোড়ো যাত্ৰাত ক’ভিড বিধি কঠোৰভাৱে পালন কৰিবলৈ আৰু প্ৰতিষেধক লোৱা ব্যক্তিয়েহে অংশগ্ৰহণ কৰিব পাৰিব বুলি নিৰ্দেশ দিছিল৷ অন্যথা ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা বন্ধ কৰিব লাগিব বুলি তেওঁ জনাইছিল৷ সম্প্ৰতি হাৰিয়ানাৰ পৰা উত্তৰ প্ৰদেশত প্ৰৱেশোদ্যত ভাৰত জোড়ো যাত্ৰাক লৈ দেশৰ ৰাজনীতিত উত্তাপ বৃদ্ধি পাইছে৷ ঠিক সেই সময়তে চীনত ক’ভিডে পুনৰ ভয়ংকৰ ৰূপ লোৱাত ভাৰতত বিজেপি নেতৃত্বাধীন চৰকাৰে ক’ভিডৰ প্ৰথম ঢৌত শ্বাহিনবাগৰ  ‘কা’ আন্দোলন উৎখাত কৰাৰ দৰে ভাৰত জোড়ো যাত্ৰা বন্ধ কৰাৰ বাবে ষড়যন্ত্ৰ কৰা বুলি অভিযোগ উঠিছে৷ মোদী চৰকাৰৰ এই উদ্দেশ্য মৰ্মে মৰ্মে উপলব্ধি কৰি ভাৰত জোড়ো যাত্ৰাৰ নেতৃত্ব প্ৰদান কৰা ৰাহুল গান্ধীয়ে গুজৰি উঠিছে৷ মোদী চৰকাৰক উদ্দেশ্য কৰি তেওঁ কৈছে– কোনো পৰিস্থিতি, কোনো অজুহাততে ভাৰত জোড়ো যাত্ৰা বন্ধ নহ’ব৷ বিজেপি চৰকাৰে দেশখন টুকুৰা টুকুৰ কৰিবলৈ ওলাইছে৷ আমি দেশ জোৰা লগাবলৈ বিচাৰিছো৷ বিজেপি চৰকাৰে ঘৃণা সিঁচি দিছে৷ আমি দেশবাসীৰ মাজত প্ৰেম-ভ্ৰাতৃত্ববোধৰ জন্ম দিছো৷ বিজেপি চৰকাৰৰ এই উদ্দেশ্য সফল হ’বলৈ নিদিওঁ, ভাৰত জোড়ো যাত্ৰাও কোনো কাৰণতে বন্ধ হ’বলৈ নিদিওঁ৷  

সম্ভাব্য ক’ভিড পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ, ক’ভিড ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে এইবাৰ আগতীয়াকৈ ব্যাপক পৰিকল্পনা কৰিছে৷ আগতীয়া সতৰ্কতা লৈ ইতিমধ্যে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাকে ধৰি ক’ভিডবিধি পালনৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে৷ শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ে দেশৰ সকলো ৰাজ্য তথা কেন্দ্ৰীয়শাসিত প্ৰদেশৰ স্বাস্থ্যমন্ত্ৰীৰ সৈতে বৈঠক অনুষ্ঠিত কৰে৷ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই অধ্যক্ষতা কৰা এই বৈঠকত সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত প্ৰদেশক তিনিটা ‘টি’ আৰু ‘ভি’ৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ নিৰ্দেশ দিয়ে৷ তিনিটা ‘টি’ হৈছে ‘টেষ্ট’, ‘ট্ৰেক’, ‘ট্ৰীট’ আৰু ‘ভি’ হৈছে ‘ভেকচিনেচন’ বা টিকাকৰণ৷ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মাণ্ডব্যই জনায় যে, কেনেকৈ ক’ভিড ৰোধ কৰা হ’ব তাৰ আখৰা কৰিবলৈ অহা ২৭ ডিচেম্বৰত সমগ্ৰ দেশত ‘মক্‌ড্ৰিল’ আয়োজন কৰা হ’ব৷ এই ‘মক্‌ড্ৰিল’ ৰাজ্যই ৰাজ্যই, চহৰে চহৰে চিকিৎসালয়ত ব্যাপকভাৱে সম্পন্ন কৰা হ’ব৷ অচিৰেই এই সন্দৰ্ভত কেন্দ্ৰই সবিশেষ প্ৰকাশ কৰিব৷ আনহাতে শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে ক’ভিড প্ৰতিষেধকৰ ‘বুষ্টাৰ’ হিচাপে নাকত টোপালৰূপে দিব পৰা প্ৰতিষেধক ‘ইনক’ভেক’ক অনুমোদন জনাইছে৷ ইনক’ভেক নামৰ এই নাসিকা ভেক্‌চিন বেচৰকাৰী হাস্পতালত পোৱা যাব৷ যিসকল ব্যক্তিয়ে এতিয়াও ‘বুষ্টাৰ ড’জ’ লোৱা নাই তেওঁলোকেহে এই নাসিকা প্ৰতিষেধক ল’ব পাৰিব৷ অৰ্থাৎ ১৮ বছৰৰ উৰ্ধৰ যি ব্যক্তিয়ে এই পৰ্যন্ত ক’ভিড প্ৰতিষেধকৰ দুপালি লৈছে কিন্তু ‘বুষ্টাৰ’ লোৱা নাই, তেওঁলোকৰহে এই ইনক’ভেক লোৱাৰ অনুমোদন থাকিব৷ অন্যাৰ্থত ইনক’ভেকক ‘বুষ্টাৰ ড’জ’ হিচাপে ল’বলৈ অনুমতি দিছে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ে৷ ইয়াৰ মূল্য কিমান হ’ব সেয়া এিতয়াও প্ৰকাশ কৰা হোৱা নাই৷ ইনক’ভেক বিনামূলীয়া নহ’ব আৰু চৰকাৰী চিকিৎসালয়ত পোৱা নাযাব৷ ইনক’ভেক গ্ৰহণ কৰোতাই ‘ক’উইন’ এপৰ জৰিয়তে যিকোনো বেচৰকাৰী চিকিৎসা প্ৰতিষ্ঠানত গৈ নিজে ধন ব্যয় কৰি ল’ব লাগিব৷