Logo
image

২হেজাৰ বছৰ পূৰ্বেও আছিল ফাষ্টফুডৰ ব্যৱসায়

ইটালীত খনন কাৰ্যত ওলাল প্ৰমাণ

আমাৰ অসম, ২৯ ডিচেম্বৰঃ আজিৰ পৰা ২০০০ বছৰ পূৰ্বেও ফাষ্টফুডৰ ব্যৱসায়ৰ প্ৰচলন আছিল৷ শেহতীয়াকৈ ইটালীৰ পম্পেই নামৰ ‘মৃত’ চহৰ এখনত প্ৰত্নতাত্ত্বিক বিভাগে চলোৱা খনন কাৰ্যত এই তথ্য পোহৰলৈ আহিছে৷ উল্লেখ্য যে ৭৯ খ্ৰীষ্টাব্দত ভিচুভিয়াছ আগ্নেয়গিৰিৰ লাভাত পোত খাইছিল ইটালীৰ পম্পেই চহৰ৷ এই ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগটোত চহৰখনৰ প্ৰায় ১৫,০০০ বাসিন্দাৰ মৃত্যু ঘটিছিল৷ সমগ্ৰ চহৰখন প্ৰায় ছফুটতকৈ অধিক উচ্ছতাৰ লাভাই ঢাকি পেলাইছিল৷ সেই মৃত চহৰখনত শেহতীয়াকৈ প্ৰত্নতাত্ত্বিক বিভাগে খনন আৰম্ভ কৰাত লাভাৰ ছাঁইৰ তলত উদ্ধাৰ হয় ফাষ্টফুড তৈয়াৰৰ বাবে ব্যৱহাৰ কৰা চৌকা আৰু অন্যান্য সা-সামগ্ৰী৷ পৰৱৰ্তী সময়ত বিভাগটোৱে এই সন্দৰ্ভত অধ্যয়ন চলাই পম্পেই চহৰত ২০০০ বছৰৰ পূৰ্বে ফাষ্টফুড ব্যৱসায়ৰ এনে কেন্দ্ৰ ৮০টাতকৈও অধিক আছিল বুলি নিশ্চিত হয়৷ বিভাগটোৰ মতে সেই সময়ত ইটালীত ফাষ্টফুডৰ ব্যৱসায়ক ‘থাৰ্মোপলিয়াম’ বুলি কোৱা হৈছিল৷ গ্ৰীক শব্দ ‘থাৰ্মোৰ’ অৰ্থ গৰম, আনহাতে ‘পলেও’ৰ অৰ্থ বিক্ৰী৷ অৰ্থাৎ সেই সময়ত গৰমে গৰমে খাদ্য বিক্ৰী কৰিবলৈ এনে ব্যৱসায় কেন্দ্ৰসমূহৰ প্ৰচলন আছিল৷