ৰাজনীতিৰ অলিয়ে-গলিয়ে (৩)
মনোজ কুমাৰ গোস্বামী
ভাৰতৰ সাংবাদিকতাৰ স্বৰ্ণযুগ কেতিয়াও নাছিল, কিন্তু আজিৰ দৰে ভস্মযুগো নাছিল –সিদিনা প্ৰাতিষ্ঠানিক সাংবাদিকতাৰ পৰা বাধ্যত পৰি বিদায় ল’ব লগা এজন প্ৰখ্যাত সাংবাদিকে এইদৰে খেদোক্তি কৰিছিল৷ এই মতামত সৰ্বাংশে সত্য নহ’বও পাৰে, কিন্তু আজিৰ সংবাদমাধ্যমৰ বহুচৰ্চিত অধঃপতনৰ চৰ্চাই মোক এটা কাহিনীলৈ মনত পেলাই দিলে৷
সেই সময়ত গুৱাহাটীৰ পৰা এখন নে দুখনহে দৈনিক বাতৰিকাকত প্ৰকাশ হৈছিল৷ তেনে এখন বাতৰিকাকততে এটা বিজ্ঞাপন প্ৰকাশৰ বাবে আহিল– ৰাজ্যৰ এজন প্ৰভাৱশালী মন্ত্ৰীৰ বিদেশী জাতৰ কুকুৰটো হেৰাইছে৷ কুকুৰটোৰ সন্ধান দিব পাৰিলে মন্ত্ৰীয়ে পাঁচ হাজাৰ টকা পুৰস্কাৰো ঘোষণা কৰিছে৷ আচলতে মন্ত্ৰী-পত্নীৰ আলাসৰ লাড়ু কুকুৰটো হেৰোৱাৰে পৰা মন্ত্ৰীৰ ঘৰত হাহাকাৰ৷ বিজ্ঞাপন ওলোৱাৰ দিনা বিয়লি মন্ত্ৰীয়ে নিজেই বাতৰিকাকতখনলৈ ফোন কৰিলে, কুকুৰটো সন্দৰ্ভত দিয়া বিজ্ঞাপনক লৈ কাৰোবাৰ পৰা কিবা সঁহাৰি আহিছে নেকি? পিছে কোনোৱে ফোনেই নুতুলিলে৷ সেয়ে উদ্বিগ্ন মন্ত্ৰীয়ে পাছদিনা দুপৰীয়া নিজৰ পিএ-জনকে বাতৰিকাকতখনৰ কাৰ্যালয়লৈ পঠিয়াই দিলে৷ পিএ-জনে বাতৰিকাকতৰ কাৰ্যালয়লৈ গৈ দেখে যে বিজ্ঞাপন বিভাগেই নহয়, নিউজ ডেস্কতো কোনো এজন নাই৷ অফিচ খালী৷ মন্ত্ৰীৰ পিএ-জনে কাকো লগ নাপাই চকীদাৰজনক সোধাত তেওঁ ক’লে– কালিৰে পৰাই আমাৰ অফিচলৈ সাংবাদিক আৰু কৰ্মচাৰীবোৰ অহা নাই৷ কোনোবা মন্ত্ৰীৰ ঘৈণীয়েকৰ কুকুৰ হেৰাইছে হেনো, তাকে বিচাৰি ফুৰিছে!
কাহিনীটো হয়তো কল্পিত বা অতিৰঞ্জিত৷ কিন্তু সেই দিনত পাঁচ হাজাৰ টকা কম নাছিল৷ আৰু এই কাহিনীটো আচলতে সংবাদ মাধ্যমৰ নীতি আৰু অৰ্থনীতিৰ এক প্ৰতীকী ছবি৷ স্বৰ্ণযুগ বা ভস্মযুগ যিয়েই নহওক, দুটা যুগৰ খুব এটা পাৰ্থক্য নাই– সেই ৫ হাজাৰ টকাৰ মুদ্ৰাস্ফীতি হৈ আজি সি ৫ কোটি বা ৫০ কোটি হ’ব পাৰে মাথোঁ৷ কিন্তু সেই বিজ্ঞাপনৰ মূল্য আজিও অসমৰ সংবাদ মাধ্যমে দি থাকিবলগীয়া হৈছে৷
জৰ্জ অৰৱেলৰ ‘১৯৮৪’ নামৰ উপন্যাসখনত শাসক দল ‘দ্য পাৰ্টী’ৰ তিনিটা বহুপ্ৰচলিত শ্লোগান আছিল– War is peace, Freedom is slavery আৰু Ignorance is strength. আচৰিত কথা ১৯৪৯ চনতে লিখা এই বিখ্যাত উপন্যাসৰ বহু কথাই আজি সমকালীন ৰাজনীতিত পৰিস্ফুট৷ ‘দ্য পাৰ্টী’ৰ সৰ্বময়কৰ্তা বা নেতা হ’ল Big brother, যি মানুহক ব্ৰেইন ৱাছ কৰি ৰাখে, ভয়ংকৰ নজৰদাৰীত ৰাখে আৰু সৃষ্টি কৰে এচাম অতি অনুগত মানুহ৷ ৰাষ্ট্ৰৰ পৰিপন্থী কিবা কৰাতো বাদেই, চিন্তা কৰিলেও সেয়া অপৰাধ বুলি (চিন্তাপৰাধ) গণ্য কৰা হয়৷ এনে অপৰাধীৰ গোন্ধ পালেই চিন্তা-পুলিচ (thought police) আহি তেওঁৰ মগজু প্ৰক্ষালন কৰি দিয়েহি৷ ‘দ্য পাৰ্টী’য়ে আনকি এনে এটা ভাষাও সৃষ্টি কৰিছে, যি ভাষাত ৰাষ্ট্ৰবিৰুদ্ধ কোনো শব্দ নাই আৰু সেই ভাষাই মানুহৰ চিন্তাক সংকীৰ্ণ কৰে, ফলত বিদ্ৰোহ বা বিপ্লৱ বাদেই, কোনো প্ৰতিবাদৰেই অস্তিত্ব লাহে লাহে নোহোৱা হৈ আহে৷
কি, ক’ৰবাত কিবা মিল পাইছে? নাই, নাই৷ এয়া অৰৱেলৰ কাল্পনিক ভৱিষ্যৎহে!
ঈছপ(Aesop)ৰ সেই সাধুটো মনত আছেনে? সেই যে কুকুৰনেচীয়া বাঘটো! পাহাৰৰ ওপৰত ৰৈ সি তলত জুৰিৰ পানী পি থকা ভেড়া এটাক মাৰি খোৱাৰ অজুহাত বিচাৰিছিল৷
– মই খোৱা জুৰিৰ পানী তই কিয় লেতেৰা কৰিলি? মই তোক এতিয়া খাম!
– ডাঙৰীয়া, আপুনি আছে ওপৰত, মই পানী খাইছোঁ তলত! ভেড়াই যুক্তি দিয়াৰ চেষ্টা কৰিছিল, মই আপোনাৰ খোৱাপানী কেনেকৈ লেতেৰা কৰিলোঁ?
– তই নকৰিব পাৰ৷ বাঘে উপায় নাপাই ক’লে, কিন্তু যিমানদূৰ মনত পৰিছে তোৰ বাপেৰে এবাৰ মোক বৰ বেয়াকৈ অপমান কৰিছিল৷ আজি তোক মই মাৰি তাৰ প্ৰতিশোধ ল’ম!
১৯৯৩ চন৷ সহকৰ্মী সাংবাদিক এজনক হিতেশ্বৰ শইকীয়াৰ আৰক্ষীয়ে অনাহকতে গ্ৰেপ্তাৰ কৰিছে৷ আমি প্ৰতিবাদত গুৱাহাটী প্ৰেছ ক্লাবত ধৰ্ণা দি নে অনশন কৰি আছোঁ৷ ধৰ্ণাত যোগ দিবলৈ অহা এজন প্ৰবীণ সাংবাদিকক মই ঘৰত নমাবলৈ প্ৰেছ ক্লাবৰ পদূলিলৈ ওলাই আহি গাড়ীত উঠিবলৈ ল’লোঁ৷ তেনেতে পুলিচ অফিচাৰ এজন আগবাঢ়ি আহিল– গোস্বামী, এইবোৰ ডেমনষ্ট্ৰেচন বন্ধ কৰক৷ নহ’লে আমি আপোনাকো এৰেষ্ট কৰিব লাগিব৷
– কিন্তু আমিতো নীৰৱে শান্তিপূৰ্ণভাৱে প্ৰেছ ক্লাব চৌহদৰ ভিতৰত প্ৰতিবাদ কৰি আছোঁ!
– সেইবোৰ আমি চাই ল’ম! মই ড্ৰাইভিং ছীটত বহিবলৈ লওঁতে দুৱাৰখন বন্ধ কৰিব নোৱৰাকৈ পুলিচ অফিচাৰজনে বাট ভেটি ক’লে, আপোনাক এতিয়াই ৰেকলেছ (Reckless) ড্ৰাইভিঙৰ বাবে গ্ৰেপ্তাৰ কৰিব পাৰোঁ৷
– কিন্তু মইতো এতিয়ালৈকে গাড়ী চলোৱাই নাই/!মই ঈছপৰ সাধুৰ ভেড়াটোৰ দৰে কৈ উঠিলোঁ৷
আচলতে আমি আধুনিক ৰাজনীতিৰ আৱৰ্তত থকা একো একোজন উত্তৰ-আধুনিক ‘অপৰাধী’! যিকোনো কথাতেই আমি অভিযুক্ত হৈ যাব পাৰোঁ৷ ৰাষ্ট্ৰ যিমানেই শক্তিশালী হয়, নাগৰিক হৈ পৰে সিমানেই অসহায়, দুৰ্বলতৰ৷ আপুনি ফেচবুকত এটা বাক্য লিখিলেও গ্ৰেপ্তাৰ হ’ব পাৰে, যিমানেই ন্যায়ালয়ে আইটি এক্ট ২০০০১ ৬৬A ধাৰা অমূলক বুলি কওক কিয়? উচ্ছতম ন্যায়ালয়ে ব্ৰিটিছৰ যুগৰ দেশদ্ৰোহ আইন কেতিয়াবাই খাৰিজ কৰি দিলেও সেই গোচৰতে শ শ নিৰপৰাধী লোক দেশৰ বহু জে’লৰ কুঠৰীত আজিও সোমাই আছে৷ কোনোবা এদিন ৰাস্তাৰে গৈ থাকিলেও পুলিচৰ গাড়ী আহি আপোনাক উঠাই লৈ যাব পাৰে, কাৰণ আপুনি পথৰ বাঁওফালেৰে নগৈ সোঁফালে গৈছে৷ ৰাষ্ট্ৰ প্ৰবল শক্তিশালী হৈ পৰাত স্বাভাৱিকতে গণতন্ত্ৰৰ অন্যতম স্তম্ভ ন্যায়পালিকা লাহে লাহে দুৰ্বল হৈ পৰিল৷ কেইদিনমানৰ পূৰ্বে স্বয়ং ভাৰতৰ মুখ্য ন্যায়াধীশেই জানো বিলাপ কৰা নাই– বিচাৰৰ বাণীয়ে আজি নীৰৱে-নিভৃতে কান্দিছে৷ শীৰ্ষ আদালতৰ এই অপৰাধবোধ আৰু অনুতাপৰ পাছতো এটাৰ পাছত আন এটা গণবিৰোধী ৰায়ে জনসাধাৰণক স্তম্ভিত-চকিত কৰিছে৷ বিচাৰ ব্যৱস্থা আজি হয় অতি সক্ৰিয়তা বা চৰম নিষ্ক্ৰিয়তাৰ দোষত দুষ্ট৷ চৰম অন্যায় দেখিও আজি ন্যায়পালিকাই চৰকাৰৰ সৈতে সংঘাতত যাব নিবিচাৰে, প্ৰশাসনো চৰকাৰৰ প্ৰতি ১১০ শতাংশ আনুগত্য দেখুওৱাত ব্যস্ত৷ বিৰোধী-স্বৰ দমনৰ বাবে ইডি, আয়কৰ, চিবিআই, ভিজিলেঞ্চ, আৰক্ষী জঁপিয়াই পৰিব পাৰে৷ আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ? ভুল নকৰিব, সংবিধানৰ ক’তো সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হোৱা নাই৷ ই স্বতঃসিদ্ধ বুলি ধৰি লোৱা এক ধাৰণাহে৷ সেই সংবাদ মাধ্যমে যদি ক্ষমতাক প্ৰশ্ন কৰাৰ সাহস হেৰুৱায় বা উলংগ স্তাৱকতাত নামি পৰে, কিমানেইবা দায়ী কৰিব পাৰি৷ সংবাদ মাধ্যম এক দুঃচক্ৰ (vicious cycle)ত বন্দী৷ এফালে মালিক পক্ষৰ চৰকাৰী বিজ্ঞাপন হেৰুওৱাৰ আশংকা আৰু ব্যৱসায়ত ক্ষতিৰ ভয়, আনফালে সম্পাদক, সাংবাদিকসকল চৰকাৰ-মালিক দুয়োপক্ষৰ দমনৰ আশংকাত উদ্বিগ্ন৷ ‘লক্ষ্মণৰেখা’ অতিক্ৰম কৰি সম্পাদকে পদবী হেৰুওৱা বা সাংবাদিকে চাকৰি হেৰুওৱা ঘটনা অসমতো খুবেই সুলভ! আৰু সেই যে কৈছিলোঁ আধুনিক ৰাজনীতিৰ আৱৰ্তত আজি আমি সকলো নাগৰিকেই একোজন উত্তৰ-আধুনিক ‘অপৰাধী’৷ শাসকৰ স্বাৰ্থ ক্ষুণ্ণ হোৱা যেন পালে আপোনাৰ ঘৰৰ ‘অবৈধ’ অংশ ভাঙিবলৈ আহিব পাৰে পৌৰ নিগমৰ বুলড’জাৰ, দহ বছৰ পুৰণি নিৰীহ গোচৰ খুঁচৰি আৰক্ষীয়ে মাজনিশা দুৱাৰত টোকৰ দিব পাৰে, আপোনাৰ কোনো আত্মীয়ৰ চাকৰিত গণ্ডগোল দেখুৱাই আপোনাক দুৰ্নীতিক প্ৰশ্ৰয় দিয়া বুলি সামাজিকভাৱে হেনস্থা কৰিব পাৰে৷ তাৰ পাছত ছ’চিয়েল মিডিয়াত আপোনাৰ চৰিত্ৰ হনন আৰু অৱমাননাৰ বাবে এটা চাম সাজু আছেই৷ তেতিয়ালৈ আপোনাৰ ঘনিষ্ঠ শুভাকাংক্ষীসকলৰো আপোনাৰ হৈ মাত মতাৰো সাহস নাথাকিব৷
টিভিৰ ৰঙীণ পৰ্দাত আপোনালোকে যিবোৰ মুখ দেখে সপ্ৰতিভ সুন্দৰ এংকৰ বা বাকপটু, সুবেশী-সুসজ্জিত নিউজ ৰীডাৰ... এইবোৰৰ আঁৰত আন এখন পৃথক পৃথিৱী থাকে৷ আঁৰকাপোৰৰ পিছৰ পৰা এনে শ শ কৰ্মীয়ে এটা অনুষ্ঠান সফল কৰিবলৈ অবিৰত কাম কৰি থাকে৷ তেওঁলোকক আপোনালোকে চিনি নাপায়, তেওঁলোকৰ বাবে কোনো প্ৰশংসাৰ পুষ্পস্তৱক ৰৈ নাথাকে, কোনেও তেওঁলোকক ধন্যবাদ নিদিয়ে৷ নিজৰ প্ৰতিষ্ঠানৰ বাবেও তেওঁলোক যেন অপৰিচিত, দৰ্শকৰ কথা বাদেই দিলোঁ৷ তেওঁলোকৰ কাৰোবাৰ হয়তো সমুখত মাকৰ অপাৰেচন আছে– হাতত টকা নাই, কোনোবাই হয়তো দুমাহৰ ঘৰভাৰা দিব পৰা নাই, পৰিয়ালটোক এদিন ফুৰাবলৈ লৈ যোৱাৰ মন– ছুটী নাই৷ তথাপি নীৰৱে, নিৰৱচ্ছিন্নভাৱে তেওঁলোকে কাম কৰি যায়৷ সেই কামৰ দাম কোনোৱে ভালকৈ উপলব্ধি নকৰে৷
বাতৰিকাকতৰ পাতে পাতেও এনে বহু বঞ্চিত সাংবাদিক-সংবাদকৰ্মীৰ ঘামৰ গোন্ধ থাকে৷ কম্পিউটাৰ-টেলিপ্ৰিণ্টাৰৰ কী-ব’ৰ্ডৰ শব্দত, নিশাৰ প্ৰিণ্টিং মেচিনৰ ঘৰ্ঘৰ আৱাজত এনে বহুতৰ সুখ-দুখ, আশা-হতাশা তল পৰি যায়৷
সিদিনা নলবাৰীত এজন মন্ত্ৰীয়ে স্থানীয় সাংবাদিকসকলক উপলুঙা কৰি কোৱা শুনিলোঁ– তোমালোকৰ লগত কথা পাতি কি লাভ হ’ব৷ তোমালোকৰ পৰা যোৱা বাতৰি ভিতৰৰ পৃষ্ঠাতহে প্ৰকাশ হ’ব৷ মোৰ বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিব পৰাৰ ক্ষমতা মোৰ আছে৷ আচলতে মন্ত্ৰীয়ে বুজাব খুজিছে যে সংবাদ মাধ্যম এতিয়া তেওঁলোকৰ কুক্ষিগত৷ বাতৰিকাকতৰ অলিখিত মেনুৱেলত স্থানীয় সাংবাদিকসকল(Local Correspondent)ক কাকতখনৰ মেৰুদণ্ড হিচাপে জ্ঞান কৰা হয়৷ কিন্তু পৰিস্থিতি সলনি হৈছে, সংবাদ মাধ্যম সলনি হৈছে, মেৰুদণ্ডৰ ব্যাখ্যাও সলনি হৈছে৷
ক’ৰবাৰ পৰা ক’ৰবালৈ আহিলোঁ! ক’বলৈ খুজিছিলোঁ, পৰ্দাৰ আঁৰৰ পৰা কাম কৰা সাংবাদিকসকলৰ কথা৷ সাংবাদিকতাৰ গ্লেমাৰ জগতখনৰ পৰা বহু দূৰৈত তেওঁলোকৰ অৱস্থান৷ অসমৰ দৰে ৰাজ্যতো ইলেক্ট্ৰনিক মিডিয়াত সম্পাদকৰ মাহিলী দৰমহা আজি কেইবালাখ টকা হৈ গ’ল, কিন্তু সেই সাধাৰণ সাংবাদিক বা সংবাদকৰ্মীসকলৰ আজিও ঘৰ চলোৱাই টান৷ আশ্চৰ্যকৰ কথা সংবাদ প্ৰতিষ্ঠানৰ কাৰ্যালয়েই আজি বঞ্চনা আৰু বৈষম্যৰ আঁতুড় ঘৰ৷
মই মুখ্য সম্পাদক হিচাপে থকাৰ সময়ত এটা নিউজ চেনেলত এটা ৰাজনৈতিক ব্যংগ অনুষ্ঠান আৰম্ভ কৰিছিলোঁ৷ ‘চুপতি’ নামৰ সেই ছ্যাটায়াৰ খুবেই জনপ্ৰিয় হৈছিল৷ নিয়মীয়াকৈ অভিনয় কৰাকেইজনৰ দক্ষতাৰ বাবেও দৰ্শকৰ পৰা প্ৰভূত সমাদৰ পাইছিল৷ অৱশ্যে ‘চুপতি’ৰ সৰু-সুৰা চৰিত্ৰত প্ৰয়োজন অনুসৰি চেনেলটোৰ এমেচাৰ কৰ্মচাৰীয়েহে অভিনয় কৰিছিল! কিন্তু সমস্যাটো হ’ল প্ৰতিসপ্তাহতে সম্প্ৰচাৰ হোৱা ‘চুপতি’ৰ স্ক্ৰিপ্ট মই লিখি দিব লগা হয়৷ যদি মই গুৱাহাটীৰ বাহিৰত বা বিদেশতো থাকোঁ, ‘চুপতি’ৰ প্ৰডিউচাৰজনক মই ই-মেইল বা ৱাট্ছএপযোগে স্ক্ৰিপ্ট লিখি পঠিয়াবলগীয়া হয়৷ লগতে ফোনযোগে কিছু নিৰ্দেশ৷ বুধবাৰে টিভিত সম্প্ৰচাৰ হ’বলগীয়া ‘চুপতি’ৰ মই খুব দেৰিকৈ হ’লেও সোমবাৰে স্ক্ৰিপ্ট দিব লাগে৷ কাৰণ শ্বুটিঙৰ বাবে টিভি ষ্টুডিঅ’ৰ শ্লট বুক কৰিব লাগে, অভিনেতাকেইজনক সাজু কৰাব লাগে৷ আপাত দৃষ্টিত সহজ যেন লাগিলেও ব্যংগ লিখা ইমান সহজ নহয়৷ তাতে ৰাজনৈতিক ব্যংগ! থিম আৰু ভাষাত নিয়ন্ত্ৰণ আৰু ভাৰসাম্য ৰাখিব লাগে, সীমা চেৰাই যোৱাও উচিত নহয়, ছ্যাটায়াৰে তাল কাটি যাব পাৰে৷ সেয়ে প্ৰায় আঠ বছৰতকৈও অধিক কাল নিজেই ‘চুপতি’ৰ স্ক্ৰিপ্ট লিখি আছিলোঁ৷
২০১৯ চনৰ মে’ মাহৰ এদিন দেউতা ঢুকাল৷ নিশা মোৰ কোলাতে মূৰটো থৈ দেউতাই শেষ উশাহটো লৈছিল৷ মোৰ জীৱনৰ সেয়া আছিল চৰমতম দুখৰ মুহূৰ্ত৷ পুৱা দেউতাৰ মৃতদেহ ঘৰৰ চোতাললৈ উলিয়ালোঁ, এজন এজনকৈ আত্মীয়-স্বজনবোৰ আহি পাইছেহি, চৌদিশে কান্দোনৰ ৰোল উঠিছে৷ মোৰ ম’বাইলটো বাজি আছে৷ আত্মীয় দুজনমানে শেষকৃত্যৰ ব্যৱস্থাৰ কথা আলোচনা কৰিছে৷ বুকু ভাগি গৈছে, মাত মাতিলেই যেন মোৰ হু-হুৱাই কান্দোন ওলাই আহিব৷
তেনেতে দেখিলোঁ, ‘চুপতি’ৰ প্ৰডিউচাৰজনে ফোন কৰিছে– ছাৰ, খবৰটো পাই বৰ দুখ পালোঁ৷ অলপ ৰৈ তেওঁ অস্বস্তিৰে আকৌ ক’লে– কাইলৈ ‘চুপতি’ৰ শ্বুটিং আছিল৷ এই সপ্তাহ অনুষ্ঠানটো বন্ধ কৰি থওঁ নেকি ছাৰ?
নালাগে! মই মনটো চম্ভালি ল’লোঁ৷ ক’লোঁ, দুঘণ্টামানৰ পাছত মোক ফোন কৰা! শেষ যাত্ৰাৰ কামখিনি আগবঢ়ালোঁ, দেউতাৰ মুখাগ্নি কৰিলোঁ৷ চিতাৰ জুই দাউদাউকৈ জ্বলি উঠিছে৷ ল’ৰাটোৰ হাতত থকা মোৰ ম’বাইল ফোনটো ঘনে ঘনে বাজি আছে৷ তাৰ পৰা ফোনটো খুজি ল’লোঁ৷ হয়, ‘চুপতি’ৰ প্ৰডিউচাৰজনে ফোন কৰি আছে৷ মনতে কথাখিনি জুকিয়াই ল’লোঁ৷ জ্বলন্ত চিতাৰ কাষৰ পৰা অলপ আঁতৰি আহিলোঁ৷ এজন অৱসৰপ্ৰাপ্ত শিক্ষকৰ মৃত্যুৰ বাবে এটা নিয়মীয়া শ্ব’ বন্ধ হ’ব নোৱাৰে৷ জীৱনৰ দুঃসহ এক ট্ৰেজেডীৰ মাজত ৰৈ শ্মশানৰ পৰাই মই এটা ৰাজনৈতিক কমেডীৰ চিত্ৰনাট্য গাবলৈ ল’লোঁ৷ মাতটো যিমান পাৰি স্বাভাৱিক কৰি প্ৰডিউচাৰজনক ক’লোঁ– লিখা...
কাৰণ, দ্য শ্ব’ মাষ্ট গ’ অন!