Logo
image

অমিত শ্বাহক কবিতাৰে আক্ৰমণ সাংসদ মহুৱা মৈত্ৰৰ

আমাৰ অসম, ২৯ ডিচেম্বৰঃ বৰদিন উপলক্ষে পশ্চিমবংগৰ কৃষ্ণনগৰৰ সাংসদ মহুৱা মৈত্ৰই লিখা কবিতাত অন্তৰ্ভুক্ত হৈছে গৃহমন্ত্ৰী অমিত শ্বাহৰ নাম৷ সাংসদগৰাকীয়ে কবিতাটোৰ জৰিয়তে অমিত শ্বাহলৈ উদ্দেশ্যি আগবঢ়াইছে তীব্ৰ বাক্য বাণ৷ উল্লেখ্য যে বৰদিনৰ কেৰল ‘ডেক্‌ দ্য হলছ’ৰ অনুকৰণেৰে মহুৱাই নিজৰ টুইটাৰ হেণ্ডলত তেওঁৰ কবিতাটো প’ষ্ট কৰে দেওবাৰে৷ ইংৰাজীত লিখা কবিতাটো অনুবাদ কৰিলে এনেধৰণৰ হয়– ‘এইটো হাঁহি-স্ফূৰ্তিৰে থকাৰ বতৰযএইটো চিবিআইৰ খেল দেখুওৱাৰ বতৰয এইটো বিৰোধীসকলক ধৰাধৰি কৰাৰ বতৰয কিন্তু সাৱধান হওঁক শ্বাহজী, এয়া মূৰ্খামি৷’ উল্লেখ্য যে নিৰ্বাচনৰ আগমুহূৰ্তত পশ্চিমবংগত শেহতীয়াকৈ তৎপৰ হৈ উঠিছে চি বি আই৷ ইয়াৰ পূৰ্বৰ নিৰ্বাচনতো চি বি আইৰ এনে তৎপৰতা দেখিবলৈ পোৱা গৈছিল৷ কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৰ এনে তৎপৰতাৰ বিৰুদ্ধে বিৰোধী দলসমূহ সৰৱ হৈ পৰিছে৷ কিন্তু তৃণমূলৰ সাংসদগৰাকীয়ে এই সন্দৰ্ভত কবিতাৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছে অমিত শ্বাহক৷