Logo
image

ভাৰতীয় ক্ৰিকেটৰ বাবে ভাল খবৰ

২০২০ বৰ্ষৰ সমাপ্তিত ভাৰতীয় ক্ৰিকেটলৈ আহিল কেইবাটাও ভাল খবৰ৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ টেষ্ট শৃংখলাৰ প্ৰথম টেষ্টত শোচনীয়ভাৱে পৰাস্ত হৈ টীম ইণ্ডিয়া কঠোৰ সমালোচনাৰ সন্মুখীন হ’লেও মেলব’ৰ্নৰ দ্বিতীয় টেষ্টত সেই পৰাজয়ৰ পোতক তুলিলে  বিৰাট কোহলিবিহীন দলটোৱে৷ কোহলিৰ ওপৰত ভাৰতীয় দলৰ বেটিং বহু পৰিমাণে নিৰ্ভৰশীল বুলি চলি থকা ধাৰণাটো ভুল প্ৰমাণিত কৰি অজিংক্য ৰাহানেৰ নেতৃত্বত ভাৰতে বক্সিং ডে’ টেষ্টৰ চতুৰ্থ দিনতে অষ্ট্ৰেলিয়াক আঠ উইকেটত পৰাস্ত কৰি শৃংখলাত সমতা স্থাপন কৰিলে৷ এইদৰে এটা অনাকাংক্ষিত ৰেকৰ্ডৰ অধিকাৰী হোৱাৰ পৰাও হাত সাৰিল ভাৰতীয় দলটো৷ মেলব’ৰ্নত পৰাস্ত হোৱা হ’লে চলিত বৰ্ষত খেলা আটাইকেইখন টেষ্টত পৰাজয়ৰ গ্লানি সহিবলগীয়া হ’লহেঁতেন৷ মেলব’ৰ্ন টেষ্টৰ আগলৈকে খেলা তিনিওখন টেষ্টতে পৰাস্ত হৈছিল বিৰাট কোহলিৰ দলটো৷ এডিলেইডৰ প্ৰথম টেষ্টৰ পাছত বিৰাট কোহলিয়ে পিতৃত্বকালীন ছুটী লৈ স্বদেশলৈ উভতি যোৱাৰ পাছত কেইবাজনো ক্ৰিকেট বিশেষজ্ঞই মন্তব্য কৰিছিল যে কোহলিবিহীন দলটো অষ্ট্ৰেলিয়াৰ সন্মুখীন হোৱাটো হ’ব এটা ডাঙৰ প্ৰত্যাহ্বান৷ এই কঠিন পৰীক্ষাত অতি বিচক্ষণতাৰে দলটোক নেতৃত্ব দি জয়ী কৰালে ৰাহানেই৷ ৰাহানেৰ লগতে নৱাগত মহম্মদ ছিৰাজ আৰু শুভমন গীলেও ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা ল’লে৷ অধিনায়ক হিচাপেও মেলব’ৰ্ন টেষ্ট ৰাহানেৰ বাবে আছিল গুৰুত্বপূৰ্ণ৷ টেষ্ট কেৰিয়াৰত তৃতীয়খন খেলত তদাৰকী অধিনায়কৰ দায়িত্বত অৱতীৰ্ণ হৈছিল ৰাহানে আৰু তেওঁৰ নেতৃত্বত তিনিওখন টেষ্টত জয়ী হৈছে ভাৰতীয় দলটো৷

মেলব’ৰ্ন টেষ্টৰ এদিন পূৰ্বে বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্ছ সংস্থা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ দশকটোৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ [পুৰুষ] সন্মান লাভ কৰিছে ভাৰতীয় দলৰ নিয়মিত অধিনায়ক বিৰাট কোহলিয়ে৷ কেৱল সেয়াই নহয়, এদিনীয়া ক্ৰিকেটৰো দশকটোৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ বিবেচিত হৈছে কোহলি৷ আনহাতে, প্ৰাক্তন ভাৰতীয় অধিনায়ক মহেন্দ্ৰ সিং ধোনিলৈ আগবঢ়োৱা হৈছে দশকটোৰ ‘আই চি চি স্পিৰিট অৱ  ক্ৰিকেট’ পুৰস্কাৰ৷ কেইদিনমান পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলে ঘোষণা কৰিছিল দশকটোৰ শ্ৰেষ্ঠ টেষ্ট, এদিনীয়া আৰু টুৱেণ্টী২০ দল  আৰু সেই তিনিওটা দলতো ভাৰতীয় ক্ৰিকেটাৰক দিয়া হৈছিল গুৰুত্বপূৰ্ণ স্থান৷ প্ৰাক্তন অধিনায়ক ধোনিক এদিনীয়া আৰু টুৱেণ্টী২০ দলৰ অধিনায়ক নিৰ্বাচন কৰাৰ বিপৰীতে টেষ্ট দলৰ নেতৃত্বত ৰখা হৈছে কোহলিক৷ কোহলিয়ে দশকটোৰ শ্ৰেষ্ঠ তিনিওটা দলতে স্থান পোৱাৰ বিপৰীতে ধোনি আৰু ৰোহিত শৰ্মাক ৰখা হৈছে এদিনীয়া আৰু টুৱেণ্টী২০ দলত৷ তেনেদৰে অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে টেষ্ট আৰু পেচ বলাৰ যশপ্ৰীত বুমৰাই স্থান পাইছে  টুৱেণ্টী২০ দলত৷ আনহাতে, মহিলাৰ দশকটোৰ শ্ৰেষ্ঠ এদিনীয়া দলটোত স্থান পাইছে ভাৰতৰ অভিজ্ঞ পেচ বলাৰ ঝুলন গোস্বামীৰ লগতে মিতালী ৰাজে৷ সেইদৰে টুৱেণ্টী২০ দলত সুযোগ পাইছে হৰমনপ্ৰীত কৌৰ আৰু পুনম যাদৱে৷ কৰ’না ভাইৰাছৰ বাবে দীৰ্ঘদিন ক্ৰিকেটৰ গতিবিধি স্থবিৰ হৈ থকা সময়তে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ নতুন নিয়ম অনুসৰি টেষ্ট ৰেংকিঙৰ শীৰ্ষস্থান হেৰুৱাবলগীয়া হৈছিল ভাৰতে৷ তথাপি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেলব’ৰ্ন টেষ্টত জয়, বিৰাট কোহলি দশকটোৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ নিৰ্বাচিত হোৱা আৰু দশকটোৰ শ্ৰেষ্ঠ তিনিটা দলত পাঁচজন ভাৰতীয় ক্ৰিকেটাৰে স্থান পোৱাটো দেশখনৰ ক্ৰিকেটৰ ক্ষেত্ৰখনৰ বাবে উৎসাহৰ বিষয় হিচাপে বিবেচিত হৈছে৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম টেষ্টত মাত্ৰ ৩৬ ৰানত দ্বিতীয় ইনিংছ সামৰাৰ পাছত ভাৰতীয় দল যি কঠোৰ সমালোচনাৰ সন্মুখীন হৈছিল, দলটোৱে মেলব’ৰ্নত সেই সমালোচনাৰ যোগ্য প্ৰত্যুত্তৰ দিলে৷ শৃংখলাত আছে আৰু দুখন টেষ্ট৷ সেই দুখন টেষ্টতো অনুৰূপ প্ৰদৰ্শনেৰে প্ৰত্যয়জনকভাৱে টীম ইণ্ডিয়াই আৰম্ভ কৰক নতুন বছৰটো৷ তাকেই কামনা কৰে দেশখনৰ ক্ৰিকেটপ্ৰেমীয়ে৷