Logo
image

গ্ৰন্থ উৎসৱ

ক’ভিড-১৯ মহামাৰীৰ মাজতে অসম প্ৰকাশন পৰিষদৰ উদ্যোগত চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত বুধবাৰৰ পৰা আৰম্ভ হৈছে ৩৩সংখ্যক গুৱাহাটী গ্ৰন্থমেলা৷ বিগত প্ৰায় দহ মাহে কৰ’নাৰ বাবে গ্ৰন্থৰ বজাৰখনেও মূৰে-কপালে হাত দিয়া অৱস্থা হৈছিল৷ ফলত প্ৰকাশক, ছপাশালৰ উপৰি বিপণনৰ সৈতে জড়িত লোকৰ  উপাৰ্জনৰ পথ বন্ধ হৈছিল বা বন্ধ হোৱাৰ উপক্ৰম হৈছিল৷ অৱশ্যে, ইণ্টাৰনেটসৰ্বস্ব পৃথিৱীখনত সম্প্ৰতি ছপা গ্ৰন্থৰ চাহিদা কমি আহিছে৷ ইয়াৰ পৰিৱৰ্তে ই-বুকৰ চাহিদা বাঢ়ি আহিছে৷ তথ্য-প্ৰযুক্তিৰ উন্নয়নৰ লগে লগে অৱশ্যে মানুহে যিকোনো তথ্য হাতৰ মুঠিতে থকা ম’বাইলতে পাবলৈ সক্ষম হৈছে৷ ফলত ছপা কিতাপৰ প্ৰতি এচামৰ আকৰ্ষণ কমি আহিছে৷ ইয়াৰ উপৰি আজিকালি বহুতৰে অভিযোগ এনেধৰণৰ– ‘আজিকালি সকলোৱে লেখক হ’ব পাৰে৷ ইণ্টাৰনেটৰ পৰা তথ্য লৈ শুদ্ধই-অশুদ্ধই একোখন কিতাপ লিখিব পাৰে৷ ফলত লেখকৰ সংখ্যা বাঢ়িছে, কিন্তু পঢ়ুৱৈৰ সংখ্যা কমিছে৷ তদুপৰি বহু অসমীয়া লেখকে শুদ্ধকৈ অসমীয়া লিখিবই নাজানে৷ অশুদ্ধ বাক্য-গাঁথনি আৰু বাৰেপাচি বানান ভুলেৰে লিখা গ্ৰন্থ কোনেও নপঢ়ে৷’ এই অভিযোগ যদিহে সঁচা হয়, তেন্তে লেখকসকল সচেতন হ’ব লাগিব৷ লেখকসকলে নিজে যিটো বিষয়ত লিখিব খুজিছে, সেই বিষয়টোৰ দখল কিমান এবাৰ জুকিয়াই চোৱা প্ৰয়োজন৷ তদুপৰি লিখিব খোজা গ্ৰন্থখন যিটো ভাষাত লিখে, সেই ভাষাটো আয়ত্ত নকৰিলে গ্ৰন্থখনত সচেতন পাঠকে প্ৰতিটো পৃষ্ঠাতে উজুটি খাব৷ ফলত এনে গ্ৰন্থ আৰু লেখকৰ প্ৰতি বিৰাগ ভাব জন্মিব৷ অপ্ৰিয় হ’লেও সত্য যে অসমত বৰ্তমান দৈনিক যিমান গ্ৰন্থ প্ৰকাশ পায়, তাৰ আটাইবোৰ গ্ৰন্থৰ মান বিচাৰ্যৰ বিষয়৷ কিতাপ এখন প্ৰকাশ পোৱাৰ পাছত তাত দুই-এটা ভুল থাকিলে পাঠকে সেয়া ছপাৰ ভুল বা লেখকৰ কলমৰ ভুল বুলি ভাবিব পাৰে, কিন্তু পৃষ্ঠাই পৃষ্ঠাই যদি অজস্ৰ ভুল থাকে, তেন্তে সেয়া কেতিয়াও ছপাৰ ভুল হ’ব নোৱাৰে৷ সেয়া লেখকৰ ভুল৷ তদুপৰি কিমান  অসমীয়া লেখকে বছৰটোত প্ৰকাশ পোৱা আন অসমীয়া গ্ৰন্থ অধ্যয়ন কৰে, সেইটোও বিচাৰ্যৰ বিষয়৷ প্ৰতিজন লেখকে নিজে অধ্যয়ন কৰাৰ উপৰি পাঠক সৃষ্টিও কৰিব পাৰিব লাগিব৷

গ্ৰন্থই জ্ঞানৰ দুৱাৰ মুকলি কৰে৷ ছপা গ্ৰন্থই মনত যিদৰে প্ৰভাৱ পেলাব পাৰে, আন বৈদ্যুতিন মাধ্যমে তেনে প্ৰভাৱ পেলাব পাৰে বুলি আজিও বহুতে নাভাবে৷ সেয়ে আজিও গ্ৰন্থৰ আদৰ আছে৷ লেখক আৰু প্ৰকাশকে পাঠকৰ ৰুচিবোধ, প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰন্থ প্ৰকাশ কৰিলে, নিশ্চয় পাঠকে আদৰি ল’ব৷ কৰ’না কালত অনুষ্ঠিত হোৱা গুৱাহাটী গ্ৰন্থমেলাই আকৌ গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ ঘূৰাই আনক আৰু নতুন প্ৰজন্মকো ছপা গ্ৰন্থৰ প্ৰতি আকৰ্ষিত কৰোৱাৰ ব্যৱস্থা কৰক৷ নতুন প্ৰজন্মৰ যুৱক-যুৱতীয়েনো কি বিচাৰে, সেই বিষয় অনুধাৱন কৰি প্ৰকাশকে গ্ৰন্থ প্ৰকাশৰ ব্যৱস্থা কৰক৷ গ্ৰন্থমেলা হৈ পৰক বৌদ্ধিক কচৰতৰ এক অনুষ্ঠান আৰু ৰাজ্যৰ প্ৰতিজন লোকে নিজৰ ভাষা-সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত  অসমীয়া ভাষাৰ [লগতে জনগোষ্ঠীয় ভাষাৰ গ্ৰন্থও] বছা বছা গ্ৰন্থ ক্ৰয় কৰি অধ্যয়ন কৰক৷ ইয়ে ভাষা-সংস্কৃতি ৰক্ষাৰ উপৰি গ্ৰন্থ ব্যৱসায়ৰ লগত জড়িত এচাম লোককো জীয়াই থকাৰ বাট প্ৰশস্ত কৰিব৷