Logo
image

উৰুকাৰ দিনাই জনসংখ্যাত চীনক চেৰাই প্ৰথম হ’ব ভাৰত

আমাৰ অসম, ৯ জানুৱাৰী:  ‘যুক্তৰাষ্ট্ৰৰ ভৱিষ্যত বাণী অনুসৰি ভোগালী বিহুৰ উৰুকাৰ দিনাই ভাৰতবৰ্ষই চীনক চেৰাই পৃথিৱীৰ ভিতৰতে জনসংখ্যাৰ দিশত প্ৰথমস্থানত আৰোহন কৰিব৷ সেইদিনা ভাৰতৰ জনসংখ্যা হ’বগৈ ১৪৫ কোটি৷’ – এই মন্তব্য পদ্মশ্ৰী ডাঃ ইলিয়াছ আলী৷ দেওবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আগশাৰীৰ ডিজিটেল নিউজ চেনেল সংবাদ লহৰৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠানত জীৱনজোৰা চিকিৎসা সেৱা বঁটা গ্ৰহণ কৰি ডাঃ আলীয়ে কয়– ‘অৰ্থনৈতিক দিশত  ভাৰতৰ তুলনাত চীন দেশ পাঁচ গুণ বৃহৎ৷ ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ ৫৬৪ বিলিয়ন হোৱাৰ বিপৰীতে চীনৰ ৩১১৭ বিলিয়ন৷ মাটিৰ কালিৰ দিশৰ পৰাও ভাৰতৰ তুলনাত চীন দেশ তিনিগুণ ডাঙৰ৷’’ ভাৰতৰ এই জনবিস্ফোৰণ নিশ্চয়কৈ উদ্বেগৰ কাৰণ বুলি মন্তব্য কৰি ডাঃ আলীয়ে কয় যে ‘ সন্ত্ৰাসবাদেই হওক বা সাম্প্ৰদায়িক সংঘৰ্ষই হওক, গোষ্ঠীগত সংঘৰ্ষই হওক বা বিভিন্ন ৰাজ্যৰ মাজত হোৱা কন্দলেই হওক, প্ৰাকৃতিক দুৰ্যোগেই হওক বা মহামাৰীয়ে হওক এই সকলো বিপদ তথা অথন্তৰৰ মূলতেই হৈছে জনবিস্ফোৰণ৷ আমাৰ আহ্ৱান আছিল–জাতি ধৰ্ম,-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোৱে জনসংখ্যা প্ৰতিৰোধী সামাজিক আন্দোলন গঢ়ি তুলিব লাগে৷ এই আন্দোলন হ’ব বিৰতিবিহীন, দীৰ্ঘম্যাদী আৰু সৰ্বাত্মক৷ বিভিন্ন কাৰণত বিশেষকৈ শিক্ষাৰ অভাৱ, আধুনিক চিকিৎসাৰ চালুকীয়া অৱস্থা তথা সা-সুবিধা অভাৱৰ লগতে গোড়ামী, দাৰিদ্ৰতা, বাল্য-বিবাহ, বহু বিবাহ আদি সামাজিক ব্যাধি হৈছে চৰ-চাপৰি অভিবাসী মুছলমান সমাজৰ অবাধ জনসংখ্যা বৃদ্ধিৰ কাৰণ৷ আমি তেওঁলোকক পতিয়ন নিয়াইছিলো যে এই ইছলামেই এটি ধৰ্ম য’ত পৰিয়াল নিয়ন্ত্ৰণৰ ব্যৱস্থা ধৰ্মৰ আৰম্ভণিৰ পৰাই আছে৷ কিন্তু  এচাম গোড়া মুন্সী-মৌলনা, ৰাজনৈতিক নেতাই জন্ম নিয়ন্ত্ৰণ ব্যৱস্থাক ইছলাম বিৰোধী বুলি প্ৰচাৰ চলাই আহিছে৷’ উল্লেখ্য যে আজিৰ অনুষ্ঠানত জনপ্ৰিয় অভিনেত্ৰী চেতনা দাসক জীৱনজোৰা অভিনয় বঁটা, ড॰ নন্দ সিং বৰকলাক শ্ৰেষ্ঠ কবি-সাহিত্যিক বঁটা, প্ৰাঞ্জল প্ৰতীম হাজৰিকাক শ্ৰেষ্ঠ এংকৰ বঁটা, নয়নজ্যোতি ভূঞাক শ্ৰেষ্ঠ বৈদ্যুতিন মাধ্যম বঁটা, ভুৱন চেতিয়াক শ্ৰেষ্ঠ ছপা সাংবাদিকতা বঁটাৰে সন্মানিত কৰা হয়৷