Logo
image

পাকিস্তানত ভয়াৱহ অৰ্থনৈতিক সংকট : ১ কেজি আটাৰ দাম ১৫০ টকা, ১০০০ টকাত বিক্ৰী ৰন্ধন গেছৰ চিলিণ্ডাৰ

ডিজিটেল ডেস্ক : ভয়াৱহ অৰ্থনৈতিক সংকটত পাকিস্তান৷ শ্ৰীলংকাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে পাকিস্তানত৷ খাদ্য-সামগ্ৰীৰ বাবে হাহকাৰ কৰিব লগা হৈছে পাকিস্তানৰ নাগৰিকে৷ প্ৰতিটো বস্তুৰে দাম অভাৱনীয় হাৰত বৃদ্ধি পাইছে দেশখনত৷ পাকিস্তানত আটাৰ ব্যাপক নাটনিয়ে দেখা দিছে৷ দেশখনত আটাৰ অভাৱ ইমানেই যে আটাৰ বাবে যুদ্ধ কৰি এতিয়ালৈকে ৪ জন লোকৰ মৃত্যু হৈছে৷ আনহাতে এটা ৰন্ধন গেছৰ চিলিণ্ডাৰ ১০ হাজাৰ টকাত বিক্ৰী হৈছে।

ৰাজধানী ইছলামাবাদ আৰু বাণিজ্যিক ৰাজধানী কৰাচীত আটাৰ দাম আকাশচুম্বী হৈছে। দেশখনত বৰ্তমান ১ কিলোগ্ৰাম আটাৰ দাম হৈছেগৈ ১২৫ টকা। পাকিস্তান পৰিসংখ্যা ব্যুৰোৰ তথ্য অনুসৰি ২০ কিলোগ্ৰাম আটাৰ বেগ ২,৫০০ টকাত বিক্ৰী হৈছে। যোৱা সপ্তাহত, ২০ কিলোগ্ৰাম আটাৰ বেগৰ দাম আছিল ২৪০০ টকা। উল্লেখ্য যে পাকিস্তানৰ ইতিহাসত প্ৰথমবাৰৰ বাবে  আটাৰ বেগৰ দাম হৈছেগৈ ২,৫০০ টকা। শেহতীয়াকৈ কৰাচী, হায়দৰাবাদ আৰু কোৱেটাত ২০ কিলোগ্ৰাম আটাৰ বেগৰ দাম ১০০ টকাকৈ বৃদ্ধি পাইছে। 

প্ৰতিটো এলপিজি চিলিণ্ডাৰ বিক্ৰী হৈছে দহ হাজাৰ টকাত

পাকিস্তানত খাদ্য-সামগ্ৰী আৰু বিদ্যুতৰ পিছত ৰন্ধন গেছৰ বাবে হাহাকাৰ কৰিছে জনতাই। গেছ চিলিণ্ডাৰৰ নাটনিৰ ভয়ত সাধাৰণ জনতাই জমা কৰিছে ৰন্ধন গেছৰ চিলিণ্ডাৰ। উল্লেখ্য যে শেহতীয়াকৈ পাকিস্তানত এলপিজি চিলিণ্ডাৰ ১০ হাজাৰ টকাত বিক্ৰী হৈছে৷