Logo
image

গুণোৎসৱত A+ গ্ৰেড লাভ কৰা স্কুলৰ দুৰৱস্থা : শ্ৰেণীকোঠাৰ অভাৱত মুকলি আকাশৰ তলতে শিক্ষাগ্ৰহণ কৰিছে কণ কণ শিক্ষাৰ্থীয়ে

ডিজিটেল সংবাদ, গোসাঁইগাঁও : গোসাঁইগাঁও শিক্ষাখণ্ডৰ অধীনস্থ নৈচাপুৰ টালা তোলা এল পি স্কুলে বিগত সময়চোৱাত গুণোৎসৱত এ গ্ৰেড লাভ কৰাৰ লগতে ২০২১ বৰ্ষত A+ গ্ৰেড লাভ কৰিছিল যদিও সমস্যাৰ অন্ত পৰা নাই বিদ্যালয়খনত। গুণোৎসৱত ভাল ফলাফল লাভ কৰিও বিভিন্ন সমস্যাৰে জৰ্জৰিত এইখন বিদ্যালয়।

দুগৰাকী টেট শিক্ষকৰ কষ্টৰ ফলত দুৰ্গম অঞ্চলৰ আদিবাসী অধ্যুষিত এলেকাৰ এইখন বিদ্যালয়ৰ ফলাফল সকলোৰে বাবে নিৰ্দশন হৈ পৰিছে। অন্যান্য স্কুলৰ শিক্ষকৰ বাবে এক আদৰ্শ হৈ পৰিছে যদিও বিদ্যালয়খনৰ দুয়োগৰাকী শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত জীৱন গঢ়িবলৈ চেষ্টা অব্যাহত ৰাখিছে। এশ শতাংশ আদিবাসী ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনে A+ গ্ৰেড লাভ কৰিছে যদিও সমস্যাৰ অন্ত পৰা নাই।

বিদ্যালয়খনত পঞ্চম শ্ৰেণীলৈকে শিক্ষা প্ৰদান কৰা হয়৷ ছটা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক পাঠদান দিবলৈ বিদ্যালয়খনত আছে কেৱল দুটা শ্ৰেণীকোঠা৷ যাৰ ফলত দুই-তিনিটা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক মুকলি আকাশৰ তলতে শিক্ষা প্ৰদান কৰি আহিছে শিক্ষকে। গুনোৎসৱত ভাল ফলাফল লাভ কৰা স্কুলসমূহৰ বাবে চৰকাৰে বিভিন্ন আঁচনি লৈছে যদিও এইখন বিদ্যালয় আজিও এশ এবুৰি সমস্যাৰে জৰ্জৰিত। অকল সেয়াই নহয় দুয়োগৰাকী টেট শিক্ষকৰ চাকৰি স্থায়ী নহয়। শ্ৰেণীকোঠাৰ লগতে চাৰি সীমাৰ দেৱাল নথকাত শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱা বুলি স্থানীয় ৰাইজৰ অভিযোগ। ইফালে দুয়োগৰাকী শিক্ষকৰ অপ্ৰাণ চেষ্টাৰ ফলত স্কুলখন A+ গ্ৰেড লাভ কৰি অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে।