Logo
image

কৰ্মচাৰীৰ ছুটীৰ ক্ষেত্ৰত কঠোৰ চৰকাৰ

ডিজিটেল সংবাদ, ১৪ জানুৱাৰী: মাঘ বিহু আৰু টুছু পূজাৰ বন্ধ ৰাজ্য চৰকাৰে ক্ৰমে ১৫ আৰু ১৬ জানুৱাৰীত নতুনকৈ নিৰ্ধাৰণ কৰিছে৷ পূৰ্বে এই বন্ধ ১৪, ১৫ জানুৱাৰী বুলি চৰকাৰী বন্ধৰ তালিকাত উল্লেখ কৰা হৈছিল৷ উল্লেখ্য যে ১৪ জানুৱাৰী দ্বিতীয় শনিবাৰ আৰু ১৫ জানুৱাৰী দেওবাৰ৷ সেই হিচাপে এই দুয়োটা দিন ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ স্বাভাৱিক বন্ধৰ দিন৷ গতিকে বিহুৰ বন্ধৰ দিন দুটা এইবাৰ মূলতঃ চৰকাৰৰ স্বাভাৱিক বন্ধৰ সূচীতে অন্তৰ্ভুক্ত হ’ল৷ গতিকে মাঘৰ বিহু বাবে সুকীয়া বন্ধৰ দিন নাই বুলি ক’লেও ভুল নহ’ব৷ 

আনহাতে ১৬ জানুৱাৰী অৰ্থাৎ সোমবাৰৰ দিনটো টুছু পূজাৰ বাবে বন্ধ থাকিব৷ ইফালে ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাই শুকুৰবাৰে এক জাননী জাৰি কৰি অকতৃৰ্ত্বশীলভাৱে কাৰ্যালয়ত উপস্থিত নথকা চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কেতবোৰ কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰিছে৷ সেই অনুসৰি অকতৃৰ্ত্বশীলভাৱে কাৰ্যালয়ত উপস্থিত নথকা চৰকাৰী কৰ্মচাৰীয়ে এতিয়াৰে পৰা দৰমহা আৰু ভাট্টা লাভ নকৰিব৷ কোনো অকতৃৰ্ত্বশীল ছুটিক আৰ্জিত ছুটী, হাফ পে লীভ বা কমুটেড লীভৰ দৰে পেইড পীভলৈ সলনি কৰিব নোৱাৰিব৷ কাৰ্যতঃ  নৱবৰ্ষৰ পহিলাতে কৰ্মচাৰীৰ ছুটীৰ ক্ষেত্ৰত কঠোৰ হ’ল চৰকাৰ৷ বিত্ত বিভাগৰ সূত্ৰই জনোৱা মতে ৰাজ্যৰ চৰকাৰৰ বহু বিষয়া-কৰ্মচাৰীয়ে অকতৃৰ্ত্বশীলভাৱে কাৰ্যালয়ত উপস্থিত নাথাকে৷ পিছত এই অকতৃৰ্ত্বশীল অনুপস্থিতিক আৰ্জিত ছুটী বা কমুডেট লীভলৈ সলনি কৰি সম্পূৰ্ণ দৰমহা আদায় কৰে৷ সেয়ে এইবাৰ চৰকাৰে এনে বিষয়া-কৰ্মচাৰীৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণৰ কথা ঘোষণা কৰিছে৷