Logo
image

আহক অনুভৱ কৰোঁ, এটা শংখৰ ভিতৰত এটা শংখ বাজি উঠা

হে মোৰ সপোনৰ সূৰ্যৰ মানুহ, 

জয় জয়তে সমবেত সুধীসমাজৰ ওচৰত মই মূৰ দোঁৱাইছোঁ৷ নমস্কাৰ জনাইছোঁ৷ 

২০২১ বৰ্ষৰ জ্ঞানপীঠ সন্মান এই অকিঞ্চনলৈ আগবঢ়োৱা হৈছে, ই এক অসামান্য মানবিশিষ্ট বঁটা৷ মোৰ কবিতাৰ বাবে এয়া এক ওখ খাপৰ স্বীকৃতি৷ অসমীয়া ভাষাত কবিতা লিখা কবি এজনলৈ এই সন্মান আগবঢ়োৱাৰ মানসেৰে জ্ঞানপীঠ সমিতিয়ে মোৰ নাম বিবেচনা কৰাত মই ভাল পাইছোঁ, সুখী হৈছোঁ৷ সমিতিৰ লগত যুক্ত হৈ থকা সকলোকে ধন্যবাদ জনোৱাৰ লগতে অসমৰ মাননিয় মুখ্যমন্ত্ৰী প্ৰমুখ্যে অসম চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷   চাৰিওপিনে হিংসা– নিৰ্বিচাৰ নিৰ্মম নিৰ্যাতন

নিপীড়ণ হত্যাৰ খবৰৰ লগত মিল নোখোৱা খবৰ এইটো৷ 

ধৰ্মান্ধৰ উন্মাদনা

ৰাজনীতিৰ দুৰ্বৃত্তায়ন– দিনে দিনে বাঢ়ি অহা পৰিৱেশ প্ৰদুষণ

অনিশ্চয়তা

দৌৰা-দৌৰি৷ 

ভয়ৰ মাজত মোলৈ অহা এই ভাল খবৰটোৱে মুকলিকৈ উশাহ ল’ব পাৰিছেনে? 


চকিয়াল নামৰ অখ্যাত গাঁওখনৰ এমূৰত থকা হাবিখনৰ পৰা হাতৰ মুঠিত জোনাকী এটা লৈ তাহানিতেই গুৱাহাটী ওলাইছিলোহি৷ অন্তৰত বিষণ্ণ এক সেউজীয়া স্তব্ধতা

সোণাৰুৰ অকণমান সোণহালধীয়া লৈ

গেজেপনি হাবি এখনৰ পৰা ওলাই আহিছিলোঁ

নেঘেৰেটিঙৰ শিৱদৌল, দেওপাহাৰৰ শিলামূৰ্তিবোৰ আৰু আমাৰ গাঁৱৰ কাষেৰে বৈ যোৱা গেলাবিল নামৰ ৰূপহী নৈখনে মোৰ মন-প্ৰাণ প্ৰবাহিত কৰি নৰখা হ’লে মই আজিৰ এই ঠাই ওলাব নোৱাৰিলোহেঁতেন, সি খাটাং৷ তাৰ লগতে আছে এই চুটি ভাষণত নামোল্লেখ কৰিব নোৱাৰা মোৰ পুথিৰ প্ৰকাশকসকল, আলোচনীৰ সম্পাদকসকল, ঘৰখন, পৰিয়ালৰ সদৌতিকে ধৰি অসংখ্য শুভানুৰাগী, অনুৰাগীৰ মৰম-ভালপোৱা আৰু পূজনীয় পিতৃ-মাতৃৰ লগতে জ্যেষ্ঠ জনৰ আশীৰ্বাদ৷ 

জৰোশ্লাভ চিফাৰ্টৰ এফাঁকি কবিতাৰ প্ৰতিধবনি কৰি কওঁ, পৃথিৱীৰ কেইবা নিযুত কবিতাৰ মাজত মই মাত্ৰ কেইটামান কবিতাহে যোগ দিছোঁ, উঁইচিৰিঙাৰ মাততকৈ তাত বেছি জ্ঞানগৰ্ভ কথা একো নাই৷

চহৰত সুদীৰ্ঘকাল কটোৱাৰ পাছতো স্মৃতি-স্বৰ্গ , বিষাদ-আনন্দ হৈ সেই গাঁওখনেই অজস্ৰ কথা সুৰ-গন্ধ-বৰ্ণ, দিন আৰু ৰাতিৰ ৰহস্যময় দৃশ্য হৈ আজিও প্ৰতিনিয়ত মোৰ মন হূদয় আৰু কল্পনাক আলোড়িত কৰি ৰাখিছে৷ গাঁওখনৰ কাষেদি বৈ যোৱা বৰ্ষা-শীতৰ নৈখনৰ পাৰত থিয় হৈ আজিও যেন দূৰ দিগন্তলৈ চাইছোঁ আবেলি উৰি যোৱা চৰাইজাকৰ ফাললৈ৷

ওখ ওখ গছবোৰৰ ওপৰলে হাত মেলি দিছোঁ

নৈ-সাগৰ অৰণ্যানি পৰ্বত-পাহাৰ মৰুভূমি পাৰ হৈ ক’ৰবাত মানুহ গৈ কোন সুদূৰত ওলাইছোঁগৈ৷

কোনোবা জনমৰ সুহূদ বুলি ইজনৰ পিছত সিজনক আঁকোৱালি লৈছোঁ

নিজকে পাহৰি গৈছোঁ, আকৌ নতুনকৈ নিজকে বিচাৰি পাইছোঁ

চিৰকালৰ মানুহৰ অমিত শক্তি

আশা-আকাংক্ষা

জয়-পৰাজয়ৰ গৌৰৱ-আনন্দ-গ্লানি-যন্ত্ৰণাৰ অংশীদাৰ হৈছোঁ

যেতিয়া পৃথিৱীৰ সৰ্বত্ৰ মানুহ আছে

জড় জীৱন্ত বস্তুবোৰ আছে

জুই-পানী আছে

হাঁহি আৰু চকুলোৰ জোন-বেলি তৰাবোৰ অনন্ত কাল ধৰি একেখন আকাশতে জ্বলি আছে৷

চি জি য়ুঙে এবাৰ কৈছিল– আধুনিক মানুহে এটা আত্মা বিচাৰি ফুৰিছে৷ আমাৰ বিশ্বাস, কবিতাৰ মাজেৰেই আধুনিক মানুহে এদিন সেই আত্মাৰ সন্ধান পাব, সন্ধান পাব এখন প্ৰেমৰ পৃথিৱীৰ– নতুন আধ্যাত্মিক প্ৰমূল্যৰ, সৰ্বাত্মক এটা মানৱিক যুগৰ৷

কবিতা ভাষা শিল্প, জীৱন শিল্পও৷ সমাজবোধ আৰু ইতিহাসবোধৰ পৰাই উৎসাৰিত হয় কবিতাৰ ভাষা৷

কিন্তু শেষত এই ভাষাৰো বন্ধন ছিঙি কবিতাই বিচাৰে অন্তহীন ব্যাপ্তি–

মানুহৰ তেজত

মঙহত-বতাহত-আকাশত

লিখিছোঁনে এনে এটা কবিতা যি ‘বচনাতীতৰ আস্বাদ’

আনন্দ ৰূপ অমৃত

নীল নিনাদি উঠা হুংকাৰ

যি জীৱনৰ প্ৰতিকল্প

য’ত কালাতীত মহাজীৱনৰ ধবনিময়-ৰূপময়-গন্ধময়-বৰ্ণময় বাণী সোণৰ সংগীত হৈ বাজি উঠিছে

গুঁজৰি গুমৰি মৰিছে

বহু প্ৰস্তুতি আৰু প্ৰতিক্ষাৰ পিছত পাওঁ এটা তন্ময়ৰ মুহূৰ্ত৷ লিখোঁ এটা কবিতা বা অকবিতা৷ তাৰ পাছত আকৌ সেই অতৃপ্তি৷

সেই ব্যৰ্থতাৰ ক্লেশ আৰু যন্ত্ৰণা৷ আকৌ সেই ৰৈ থকা আৰু সেই এজাক বৰষুণলৈ বাট চাই থকা৷

মানুহক মানুহ কৰাই সকলো কলাৰ লক্ষ্য৷ কবিতাৰো৷

মানুহৰ সৃজনীশক্তি, উপলব্ধি শক্তি, মংগলবোধক উদ্ৰেক কৰা বোধ-অনুভূতিক জীপাল, তেজাল, ধাৰাল কৰা– মানুহৰ সৃজনশীল চৈতন্যক সম্প্ৰসাৰিত কৰা

মানুহক দ্ৰষ্টা কৰা

স্ৰষ্টা কৰা৷

পৃথিৱীৰ সকলো কবিয়েই সম্ভৱতঃ বাঞ্ছা কৰে, পৃথিৱীৰ সকলো মানুহেই কবি হওক, বিদ্ৰোহী হওক, প্ৰেমিক হওক৷

জীৱনৰ অখণ্ড ৰূপৰ সাধনাই কবিৰ সাধনা৷

আৰু কবিতা– প্ৰেম, শক্তি, শান্তি, ঐক্য, সৌন্দৰ্যত আৰু সৃজনশীলতাত মানুহৰ অটল আস্থা৷ এই কাৰণেই ই অক্ষয় আৰু অনন্ত৷ প্ৰতিটো কবিতাই এটা মানৱিক মুহূৰ্ত, যি আনন্দ বেদনাৰ, শেষ হয় চেতনাৰ নিস্তব্ধ উজ্জীৱনত৷ কবিতা মানৱতাৰ কণ্ঠস্বৰ৷ কাণ পাতিলেই প্ৰতিজনে নিজৰ মনৰ নিজানত শুনিবলৈ পাব পুৱা-সন্ধ্যাৰ, সত্য আৰু সৌন্দৰ্যৰ সেই আৱহমান ৰাগমালা৷

সাৰ্থক কবিতা এটা পঢ়িলে

বা শুনিলে আমি নিজকে পাওঁ

আনকো পাওঁ

হঁহা দেখোঁ

কন্দা দেখোঁ

জীৱন্ত জড় বস্তুবোৰক নিজৰ মাজত দেখোঁ

ক’ৰবাত নিজকে এৰি থৈ কাৰোবাক বিচাৰি ক’ৰবালৈ গুচি যাওঁ৷


বিশ্ব প্ৰকৃতি আৰু জীৱনৰ ৰহস্যৰ লগত জনা-নজনাকৈ আমাৰ এটা সম্পৰ্ক হয়৷ নিজৰ কল্পনা আৰু বোধ অনুভূতিৰে মানুহৰ অস্তিত্ব, অস্তিত্বৰ যন্ত্ৰণা, সত্য অসত্যক, অতীত, বৰ্তমান আৰু ভৱিষ্যতক জীৱনৰ পূণতা, অপূৰ্ণতাক, জনা-নজনাক অনুভৱ উপলব্ধি কৰোঁ৷ ব্যক্তিমন সাৰ্বজনীন মনৰ লগত কালস্ৰোত আৰু ইতিহাসৰ লগত অন্বিত হয়৷

কবি মাত্ৰেই তেওঁ এজন সৰ্বপ্ৰাণবাদী, প্ৰেমিক, বিদ্ৰোহী, মানৱতাবাদী, মানুহৰ মৈত্ৰী-মমতাবোধত শান্তি-ঐক্য আৰু মানুহৰ ভৱিষ্যতত বিশ্বাসী৷ পৃথিৱীৰ সকলো কবিয়েই বাঞ্ছা কৰে, সৰ্বত্ৰ শোষণ-পীড়নৰ অন্ত হওক, ভ্ৰাতৃঘাতী আত্মঘাতী সংঘাত, সংঘৰ্ষ, যুদ্ধ-বিগ্ৰহ, ৰক্তপাতৰ অন্ত হওক, মানুহৰ মানুহলৈ ভয় নোহোৱা হওক৷


পৃথিৱীৰ প্ৰতিজন মানুহেই প্ৰতিজন মানুহৰ মাজত বিচাৰি পাওক চিৰকালৰ এজন পৰম সুহূদ৷ মানুহৰ জীৱনৰ প্ৰতিটো মুহূৰ্তই হওক একোটা মানৱিক মুহূৰ্ত– একোটা আধ্যত্মিক মুহূৰ্ত৷

ছাঁ জাঁ পেৰ্ছৰ এফাঁকি কথাৰ প্ৰতিধবনি কৰি কওঁ–

কবিতা মাটিৰ চাকি৷

কবিৰ হাতত থকা এই মাটিৰ চাকিটিৰ পোহৰেই আজিৰ এই পৰিস্থিতিত যথেষ্টনে? যথেষ্ট– যদি মানুহে কেৱল মনত ৰাখে মাটিক৷

প্ৰখ্যাত সমালোচক চি এম বাওৰাৰ কথাৰ সুৰত কওঁ– মোৰ প্ৰতিটো কবিতা সভ্যতাৰ বাটেৰে আহি থকা আধুনিক মানুহৰ মনৰ বিকাশ– উন্মুখ এটা এটা নৱীন খোজহে মাথোঁন৷ মানুহ, মানুহ, মানুহ, মানুহ, মানুহ– মোৰ সপোনৰ সূৰ্যৰ মানুহ– মোৰ অপাৰ অগাধ-অটল আস্থাৰ থলী৷

তাৰ পিছতো মোৰ মনলৈ এই ভাব আহে– আপুনি কবিতা পঢ়েনে? নিচেই কমসংখ্যক মানুহেহে কবিতা পঢ়ে আৰু কাচিৎ কোনোবাজনেহে কবিতাৰ দ্বাৰা সামান্য প্ৰভাৱিত হয়৷ মানুহ য’তেই আছে, তাতেই জড় জীৱন্ত বস্তুবোৰ আছে৷ তাতেই কবিতা আছে৷ জীয়াই থকাটোৱেই কবিতা৷ জীৱনেই কবিতা৷ কেৱল মানুহৰেই গান আছে৷ মানুহৰেই আছে এটা চিন্তাশীল আৱেগিক ভাব জীৱন, এটা বৃহত্তৰ জীৱন৷ মানুহৰ অন্তৰাত্মাৰ ব্যাকুলতাৰ অন্ত নাই৷ মানুহেই কেৱল কল্পনা আৰু সৃজনীশক্তিৰ অধিকাৰী৷ এই কল্পনাই জ্ঞান, আৰু সৃজনীশীল চৈতন্যই পোহৰ৷ সৃজনীশীল চৈতন্যৰ সমৃদ্ধি আৰু ব্যাপ্তিতেই মৰণশীল মানুহৰ শৌৰ্য আৰু মনুষ্যত্বৰ গৌৰৱ৷

আহক কবিতা পঢেঁ.া৷ কবিতাই অমৃত মণি, অভয়৷ পাৰাপাৰহীন প্ৰেমৰ মাজত অনাবিল সৌন্দৰ্যৰ মাজত নগ্ন হওক, মগ্ন হওক, স্তব্ধ হওক– মুক্ত কৰক মন আৰু হূদয়ক৷ আৰু আপুনি নিজেই হৈ উঠক এটা কবিতা৷

আপুনিও এটা শুভবাৰ্তাৰ কাৰণে ৰৈ আছে, মানৱতাৰ মুহূৰ্তবোৰৰ কাৰণে৷ আহক উপলব্ধি কৰোঁ অনিৰ্বচনীয় এক আনন্দ আৰু বেদনাক, যি আনন্দৰ, বেদনাৰ শেষ হয় চেতনাৰ নিস্তব্ধ বোধনত৷

আহক অনুভৱ কৰোঁ–

মনৰ ভিতৰত ৰঙা হালধীয়া ফুলবোৰ ফুলি উঠা,

এটা শংখৰ ভিতৰত এটা শংখ বাজি উঠা৷

অনুভৱ কৰোঁ– মানুহ মুক্ত, জীৱন সুন্দৰ, জুই সুন্দৰ, পানী সুন্দৰ, উঁইচিৰিঙাৰ মাতটো সুন্দৰ, টিপচি চৰাইটো সুন্দৰ, সুন্দৰ মানুহৰ মৃত্যু৷

মই এক অসমীয়া, মোৰ কবিতাৰ ভাষা অসমীয়া, তাৰ মাজেৰেই মই বিশ্বমন, হূদয় আৰু প্ৰাণৰ সৈতে যুক্ত হৈ থাকোঁ৷ দেশ, কাল, ভাষাৰ সীমা চেৰাই গৈ পোৱা মুকুতিৰ স্নিগ্ধ আনন্দত লালিত মোৰ কল্পনা৷

অসমৰ বিনন্দীয়া প্ৰকৃতিয়ে মোৰ কল্পনাক প্ৰাণৱন্ত কৰি ৰাখে৷ ইয়াৰ পাহাৰ, ভৈয়ামৰ মাটি, শইচৰ সেউজ-সোণালীয়ে মোৰ সংবেদনত জোকাৰ তুলি থাকে অনবৰতে, ইয়াৰ কলৰৱমুখৰ নৈবোৰৰ সৌন্দৰ্য-মাধুৰ্য, নৈৰ পাৰৰ ছোৱালীহঁতৰ ৰূপ-জেউতীয়ে মোৰ সৃজনশীল মনটোক নিয়ত আলোড়িত কৰি ৰাখে৷ মোলৈ অহা অতিকে সন্মানজনক জ্ঞানপীঠ বঁটা এই সকলোৰে লগত মই ভগাই ল’বলৈ পাই পুলকিত হৈছোঁ৷

শেষত, পুনৰবাৰ সমৱেত সুধী সমাজক কৃতজ্ঞতা জনাই মূৰ দোৱাইছোঁ, সেৱা জনাইছোঁ৷

ধন্যবাদ৷

–নীলমণি ফুকন

১১ এপ্ৰিল, ২০২২

[৫৬সংখ্যক জ্ঞানপীঠ সন্মান গ্ৰহণ কৰি দিয়া ভাষণ]