Logo
image

পদত্যাগ কৰিব নিউজীলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডেনে

আমাৰ অসম, ২০ জানুৱাৰী: নিউজীলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডেনে পদত্যাগ কৰিব৷ অহা মাহত তেওঁ পদত্যাগ-পত্ৰ দাখিল কৰাৰ লগতে ভৱিষ্যতে আৰু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে বুলি ঘোষণা কৰিছে৷ বৃহস্পতিবাৰে তেওঁ নিজৰ দল লেবাৰ পাৰ্টীৰ বৈঠকত এই ঘোষণা কৰে৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়– ‘মোৰ সময় হৈ গৈছে৷ অহা চাৰি বছৰ টানি নিয়াৰ ক্ষমতা মোৰ আৰু নোহোৱা হৈ পৰিছে৷’ তেওঁ লগতে জনায় যে ছাউথ পেচিফিক নেশ্বনৰ নেতা হিচাপে পাঁচ বছৰ কাল সম্পূৰ্ণ হোৱাৰ লগে লগে তেওঁ পদত্যাগ-পত্ৰ দাখিল কৰিব৷ উল্লেখ্য, ২০১৭ চনত নিউজীলেণ্ডৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল জেচিণ্ডা আৰ্ডেন৷ নিউজীলেণ্ডৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী  জেচিণ্ডা৷