Logo
image

মৃত্যু-প্ৰস্তুতি

গোটেই জীৱন এক ধৰণৰ শৃংখলাৰ মাজত থাকি, এটা সৰল সাধাৰণ জীৱন যাপন কৰা এজন মানুহ মৃত্যুৰ বাবে কিমান সচেতনভাৱে সাজু হ’ব পাৰে?

অৱশ্যে কবি নীলমণি ফুকনৰ কবিতাত বাৰে বাৰে আহিছে মৃত্যু বা মৃত্যুৰ আৱেশ, হত্যা বা জিঘাংসা৷ সেয়া নেলীৰ হত্যাকাণ্ডই হওক বা মৃত্যুৰ সাধাৰণ  দাৰ্শনিকতাই হওক৷

গাঁওখন যেতিয়া এজাক/ঢোঁৰা কাউৰী হৈ উৰি গ’লযকুকুহা হৈ ধানবোৰ/পকা ডালিমৰ গুটিৰ দৰে মাতবোৰ/যেতিয়া ছাই হ’ল...

কিন্তু কবিৰ পৰিয়ালৰ পৰা যেতিয়া জানিব পাৰিলোঁ, নীলমণি ফুকনে নিজেই তেওঁ মৃত্যু-পৰৱৰ্তী ইচ্ছাৰ কথা স্পষ্টভাৱে লিখাই থৈ গৈছে, তেতিয়া অলপ আশ্চৰ্য অনুভৱেই হ’ল৷ কবিয়ে অৱশ্যে নিজৰ কবিতাত এদিন লিখিছিল–

‘বিয়াল্লিছ ঘণ্টা মোৰ মৃতদেহটো

গুৱাহাটীৰ পদপথত পৰি আছিল৷’

এয়া কি আড়ম্বৰহীন মৃত্যুৰেই ইংগিত? কিন্তু এইদৰে মৃত্যুৰ পাছত আনুষ্ঠানিকতা নকৰিবলৈ নীলমণি ফুকনে পৰিয়ালক যিদৰে কৈ গৈছিল, সেয়া সাধাৰণ কথা নহয়৷ কবিয়ে নিজে লিখাই গৈছিল–

১] মোৰ মৃত্যুৰ পাছত মোৰ শৰীৰটো ক’তো ঘূৰাই লৈ নুফুৰিবা৷ ঘৰৰ পৰা পোনে পোনে ভূতনাথলৈ নিবা৷

২] মোক লৈ কোনো গ্ৰন্থ ৰচনা কৰিব নালাগে৷ ইতিমধ্যে মোৰ ওপৰত বহুত লিখা হৈ গৈছে৷

৩] মত্যুৰ পাছত কিবা অনুষ্ঠান পাতিলেও বহুত মানুহ মাতি এটা হুলস্থূল পৰিৱেশ নকৰিবা৷

৪] মোৰ নামত কোনো স্মৃতিৰক্ষা সমিতি নাপাতিবা৷

এই কথাখিনি মই পৰিয়ালৰ সকলোকে কৈ থৈ যাম৷

আজি মনত পৰিছে কবিৰ সৈতে সেই শেষ সাক্ষাৎকাৰৰ কথা৷ যোৱা ৫ নৱেম্বৰত দীৰ্ঘ বিৰতিৰ পাছত, প্ৰায় ১২/১৩ বছৰৰ পাছত মই কবিৰ ওচৰলৈ গৈছিলোঁ৷ খবৰ দি থৈছিলোঁ৷ তেখেতে মোক বৰ ভাল পাইছিল, ইটো-সিটোৰ আগত প্ৰায়েই মোৰ খবৰ লৈ থাকে৷ গৈ দেখিলোঁ, অশীতিপৰ কবি খুব দুৰ্বল, খুব ক্লান্ত৷ মই তেখেতক অসুবিধা বা আমনি দিব খোজা নাছিলোঁ, কিন্তু মনে আৰু নামানিলে৷

বিছনাৰ পৰা উঠি অহাত বহু অসুবিধা, দুজনে দাঙি আনিব লাগে৷ মই বাইদেউক ক’লোঁ, নালাগে ময়েই ভিতৰলৈ গৈ মাত এষাৰ দি আহিম৷ বাইদেৱে ভিতৰলৈ গৈ কোৱাত বহাকোঠালৈ আহিব বিচাৰিলে৷ দুজনৰ কান্ধত ভৰ দি আহিলো৷

প্ৰায় এটা যুগ পাৰ হৈ গৈছে শেষবাৰ লগ পোৱাৰ৷ কবিয়ে মাত লগালে, অ’ মনোজ, বহুত দেৰি কৰিলা!

মই আৰু পৰিবাৰে হাতযোৰ কৰি ৰৈ থাকিলোঁ৷

– মোৰতো যোৱাৰ সময় হ’ল৷ এটা এটা শব্দ কষ্টেৰে উচ্ছাৰণ কৰি কবিয়ে কৈ উঠিল, প্ৰিমনিচন আহি আছে!

চকুপানী আৰু ধৰি ৰাখিব নোৱাৰি৷ কবিয়ে কিমান যে আশীৰ্বাদ দিলে আমাক দুয়োকে!বহু কথা পাহৰি গৈছে, কিন্তু আচৰিত ধৰণে বহু পুৰণি কথাও সুধিলে৷ নীলপৱন বৰুৱাৰ কথাও উলিয়ালে৷ নীৰৱে কবিৰ ক্ষীণ উষ্ণ হাতখন ধৰি থাকিলোঁ কিছু সময়৷ মাজে মাজে মাথোঁ অসহায় আৰ্তনাদৰ দৰে চিঞৰি উঠে– মনোজ, মই শেষ!

কি দিম, দুখন কিতাপ দিলোঁ৷ অলপ গ্ৰীন টীও লৈ গৈছিলোঁ৷

নিজে আৰু পঢ়িব নোৱাৰে, লিৰিকি-বিদাৰি চাই কিতাপ দুখনকে বুকুত লৈ সেৱা কৰাৰ দৰে কৰিলে৷

আমাৰ ওভতাৰ সময় হ’ল৷ মই ক’লোঁ, দহ বছৰৰ পাছত আকৌ আহিম৷ আপুনি কিন্তু ভালে থাকিব লাগিব৷ মোৰ আয়ুস দি গ’লোঁ!

হয়তো পৃথিৱীৰ সকলো কবিতাৰ মৃত্যু হৈছে, কিন্তু কবি নীলমণি ফুকন যেন জীয়াই থাকক অনন্ত কাললৈ, এই আশা কৰিছিলোঁ৷ কিন্তু সেইদিনা এইটোও মোৰ উপলব্ধি হৈছিল, কবিয়ে যেন নিজকে তিল তিলকৈ মৃত্যুৰ বাবে প্ৰস্তুত কৰিছে৷ এই কবিয়েইতো লিখিছিল সেই অপূৰ্ব কাব্যিক মৃত্যুকথা–

ভুলতে তোমাক বিছনাখনত

খেপিয়াই ফুৰিছিলোঁ,

তুমি যে পৰ্বতটোৰ নামনিত

তিলফুল হৈ

হালি-জালি ফুলি আছা

আজি বহুতে উৎসুক হৈ ৰৈ আছে সেই ‘টোপনিতো তেওঁ মোক খেদি ফুৰিছিল’-কাণ্ডৰ আঁৰৰ কাহিনী কি জানিবলৈ৷ এটা ঘটনাত নীলমণি ফুকনে এনে আঘাত পাইছিল যে নিজৰ ক্ষোভ, বেদনা, উপলব্ধি, অনুযোগ সকলো লিখি এটা বন্ধ খামত ভৰাই লেখক-সাংবাদিক নিত্য বৰাৰ হাতত তুলি দিছিল৷ লগতে এটা অনুৰোধ, কবিৰ মৃত্যুৰ পাছতহে যেন সেই এনভেলপটো খোলা হয়৷ কি আছে সেই বন্ধ খামৰ ভিতৰত সেয়া মানুহে কেতিয়াবা জানিব, কিন্তু বিতৰ্ক আৰু ষড়যন্ত্ৰত জৰ্জৰ কবিৰ এই আৱেদনে তেওঁৰ মৃত্যুৰ দীৰ্ঘ প্ৰস্তুতিৰ কথাও সূচায়৷ তেওঁ কবি, তেওঁ কিয় জীৱনকালত কিছুমান স্বাৰ্থান্বেষী কৃতঘ্ন মানুহৰ সৈতে ছায়াযুদ্ধত নামিব? কিন্তু তেওঁ সত্য জনাই যাব, মৃত্যুৰ পাছত৷ এজন কবিৰ দৰে, কাব্যিক উপায়েৰে৷

আজি ব্ৰহ্মপুত্ৰৰ পাৰত কবিৰ চিতাৰ জুই জ্বলিছে৷ আমি ৰৈ আছোঁ, দূৰত সূৰ্যাস্তৰ হেঙুল আকাশ৷ দাউ-দাউকৈ জ্বলা চিতাৰ উত্তাপ আমাৰ শৰীৰত৷ কিন্তু কবিয়েতো নিজৰ এই মৃত্যু-দৃশ্য আঁকি গৈছে কেতিয়াবাই৷

– ‘হৰিৎ প্ৰান্তৰত হঠাৎ বাজি উঠিল এটা ঘণ্টা

জুই নুনুমুৱা চিতাৰ ওপৰত এতিয়া সন্ধ্যা’