Logo
image

শ্বাহৰুখ খানক চিনি নাপায় মুখ্যমন্ত্ৰীয়ে : নাচায় 'পাঠান'

ডিজিটেল ডেস্ক : পাঠান বিতৰ্কক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীয়ে ক'লে, মই পাঠান চাবলৈ নাযাও৷ তাৰ সলনি মই অসমীয়া চিনেমা চাবলৈ যাম৷ লগতে শ্বাহৰুখ খান কোন বুলিও প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীয়ে৷ তেওঁ কয় যে আমাৰ ইয়াত বহু শ্বাহৰুখ আছে৷

শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে মুক্তিৰ পূৰ্বেই বিতৰ্কত সোমাই পৰিছে শ্বাহৰুখ খান-দীপিকা পাডুকন অভিনীত 'পাঠান'৷ হিন্দুৰ সভ্যতা-সংস্কৃতিক অপমান কৰাৰ অভিযোগত মুক্তিৰ পূৰ্বেই বিতৰ্কত সোমাই পৰিছে চিনেমাখন৷

সমান্তৰালভাৱে অসমতে ছবিখন প্ৰদৰ্শনী বন্ধ কৰাৰ হুংকাৰ দিছে হিন্দুত্ববাদী সংগঠনে৷ গুৱাহাটী মহানগৰীতো পাঠান বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হৈছে৷ নাৰেংগীস্থিত এল জি টাৱাৰৰ ডিজিটেল চিনেমা গৃহৰ সন্মুখত শ্বাহৰুখ খান আৰু দীপিকা পাডুকন অভিনীত চিনেমা ‘পাঠান’ৰ পোষ্টাৰ দাহ কৰি শুকুৰবাৰে সন্ধিয়া বজৰং দলৰ নাৰেংগী সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ বজৰং দলৰ সদস্যসকলে সন্ধিয়া নাৰেংগীস্থিত এল জি টাৱাৰ ডিজিটেল চিনেমা গৃহৰ সন্মুখত সমবেত হৈ পাঠান চিনেমাখনৰ প্ৰদৰ্শনী বন্ধ কৰিবলৈ দাবী জনায়৷

অসমত চলি থকা পাঠান বিতৰ্কক লৈ জ্ঞাত নহয় বুলি কয় মুখ্যমন্ত্ৰীয়ে৷ লগতে তেওঁ কয় যে চিনেমা হ'লৰ মালিকে তেওঁক কোনোধৰণৰ ৰিকুৱেষ্ট কৰা নাই৷ যদি আইন-শৃংখলা বিঘ্নিত কৰাৰ পৰিস্থিতিৰ সৃষ্টি হয়, তেন্তে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কয় মুখ্যমন্ত্ৰীয়ে৷ লগতে মুখ্যমন্ত্ৰীয়ে কয় যে শ্বাহৰুখ খানেও তেওঁলৈ ফোন কৰা নাই৷ কিবা সমস্যা থাকিলে নিশ্চয় ফোন কৰিলে হয় শ্বাহৰুখ খানে৷ শ্বাহৰুখ খানে ফোন কৰিলে সমস্যাৰ ওপৰত গুৰুত্ব দিব বুলিও কয় মুখ্যমন্ত্ৰীয়ে৷