Logo
image

ড্ৰাইৰান কি?

আমাৰ অসম, ০৩ জানুৱাৰীঃ কৰ’নাৰ ভেক্‌চিন আহিলেই আৰম্ভ হ’ব টীকাকৰণ৷ কিন্তু কেনেকৈ এই ভেক্‌চিন দিয়া হ’ব? ইতিমধ্যে সমগ্ৰ দেশত আজিৰ দিনটোত অনুষ্ঠিত হয় টীকাকৰণৰ অনুশীলন৷ ড্ৰাই ৰান হিচাপে অভিহিত কৰা হৈছে এই অনুশীলনক৷ অৰ্থাৎ টীকাকৰণৰ মকড্ৰীল৷ শনিবাৰৰ পূৰ্বে ২৮ আৰু ২৯ ডিচেম্বৰত দেশৰ চাৰিখন ৰাজ্য ক্ৰমে পাঞ্জাব, গুজৰাট, অসম আৰু অন্ধ্ৰপ্ৰদেশত অনুষ্ঠিত হৈছিল ড্ৰাই ৰান৷ এই সময়ছোৱাত কেন্দ্ৰসমূহত পৰীক্ষামূলকভাৱে চলিল ভেকচিন প্ৰদানৰ অনুশীলন৷ ভেকচিন আহিলে কেনেকৈ ইয়াক দিয়া হ’ব, ভেকচিন দিয়াৰ সময়ত বা ইয়াৰ পাছত উদ্ভৱ হ’ব পৰা পৰিস্থিতি কিদৰে মোকাবিলা কৰা হ’ব, সম্ভাব্য সমস্যা আদিৰ অনুশীলন কৰা হয় আজিৰ এই ড্ৰাই ৰানত৷ ড্ৰাই ৰান সম্পূৰ্ণ ৰূপে স্বাস্থ্যকৰ্মীৰ মাজত আভ্যন্তৰীণ অনুশীলন৷ এই ড্ৰাই ৰানৰ বাবে প্ৰতিটো কেন্দ্ৰত ২৫জনকৈ স্বাস্থ্যকৰ্মীক হিতাধিকাৰী হিচাপে চিহ্নিত কৰা হয় যিয়ে ডেমি ভেকচিন গ্ৰহণ কৰে৷ ভেকচিন ক’ত প্ৰদান কৰা হ’ব তাৰ বাবে ইতিমধ্যে উপযুক্ত স্থান নিৰ্বাচন কৰিবলৈ ৰাজ্য চৰকাৰসমূহক কোৱা হৈছে৷ এই মডেল স্থানসমূহত প্ৰৱেশ আৰু প্ৰস্থান পথ পৃথক হ’ব লাগিব৷ প্ৰতিটো কেন্দ্ৰত তিনিটা পৃথক কোঠা থাকিব লাগিব৷ প্ৰতিটো কোঠাত বহাৰ উপযুক্ত ব্যৱস্থা থাকিব লাগিব৷ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰ ১৫০ পৃষ্ঠাৰ প্ৰশিক্ষণ গাইডলাইন প্ৰস্তুত কৰি ৰাজ্যসমূহলৈ প্ৰেৰণ কৰিছে৷ ভেকচিন আহি পোৱাৰ পাছত ইয়াক ক’ত ৰখা হ’ব, কিদৰে হিতাধিকাৰী বাছনি কৰা হ’ব, হিতাধিকাৰীক কিদৰে ভেকচিন গ্ৰহণৰ সময় আৰু তাৰিখ অৱগত কৰোৱা হয়, কিদৰে ভেকচিন প্ৰদান কৰা হ’ব, ভেকচিন প্ৰদানৰ পাছত হিতাধিকাৰী আৰু স্বাস্থ্যকৰ্মীৰ কি কি দায়িত্ব থাকিব বা কি কৰিব লাগিব সেই সকলোবোৰ প্ৰক্ৰিয়া আজিৰ ড্ৰাই ৰানৰ সময়ত অনুশীলন কৰা হয়৷ সমগ্ৰ প্ৰক্ৰিয়াটো যাতে কোনোধৰণৰ আসোঁৱাহ থাকি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ এই অনুশীলন পৰ্ব অনুষ্ঠিত হয়৷ অনুশীলনৰ সময়ত দেখা দিয়া আসোঁৱাহ দূৰ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হয়৷ অসমৰ শোণিতপুৰ আৰু নলবাৰী জিলাত ইতিমধ্যে ড্ৰাই ৰান সম্পূৰ্ণ হৈছে৷