Logo
image

য’তে হাতীৰ ভয় ত’তে জি-২০ হয়

আমাৰ অসম, ৩১ জানুৱাৰী: সন্মুখত জি-২০ সন্মিলন৷ জি-২০ সন্মিলনত অংশ লোৱাৰ বাবে ইতিমধ্যে গুৱাহাটীত আহি উপস্থিত হৈছে দেশী-বিদেশী প্ৰতিনিধিসকল৷ জি-২০ সন্মিলনৰ বাবে গুৱাহাটী মহানগৰীৰ সৌন্দৰ্যবন্ধনৰ লগতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে যদিও অজান আশংকাত এতিয়া টোপনি হৰিছে মহানগৰীৰ একাংশ বাসিন্দাৰ৷ এই ভয় কোনো চোৰ-ডকাইতলৈ নহয়, এই ভয় হৈছে হাতীৰ বাবেহে৷ কিয়নো কোন সময়ত মহানগৰীৰ নাগৰিক হস্তীকুলৰ উন্মাদনা তথা নৃশংস আক্ৰমণৰ বলি হয় তাৰ যেন কোনো নিশ্চয়তা নাই৷ এক কথাত যিখন চহৰত এই মুহূৰ্তত একাংশ নাগৰিকে হাতীৰ ভয়ত দিন পাৰ কৰিবলগীয়া হোৱাই নহয় গুৱাহাটীক আজিৰ তাৰিখত দেশৰ ভিতৰত অন্যতম বন্যহস্তীৰ সংঘৰ্ষস্থলীৰ চহৰ হিচাপেও চিহ্নিত কৰা হৈছে৷ আৰু সেইখন চহৰতে ঢাক-ঢোল বজাই আয়োজন কৰা হৈছে জি-২০ ৰ দৰে আন্তঃৰাষ্ট্ৰীয় সন্মিলন৷ এই মুহূৰ্তত গুৱাহাটী মহানগৰীত দেশী-বিদেশী অতিথিয়ে ভিৰ কৰিছে যদিও কেনেবাকৈ যদি মহানগৰীৰ ৰাজপথত এটা বন্যহস্তীয়ে প্ৰৱেশ কৰে তেনেহ’লে বন বিভাগ তথা প্ৰশাসনৰ উদাসীনতাৰ বাবে কি পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে সেয়া নক’লেও অনুমেয়৷ কিয়নো বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰা হাতীক নিয়ন্ত্ৰণৰ বাবে অসম চৰকাৰৰ নাই কোনো টাস্ক ফ’ৰ্চ তথা প্ৰশিক্ষণপ্ৰাপ্ত কৰ্মী৷ দুৰ্ভগ্যজনকভাৱে আজিৰ দিনটোত গুৱাহাটীৰ ৰাজপথত বন্যহস্তী প্ৰৱেশ কৰিলে দেশ-বিদেশৰ প্ৰতিনিধিৰ আগত অসম চৰকাৰ যে লজ্জানত হ’ব লাগিব সেয়া নিশ্চিত৷ বন্যহস্তীক নিয়ন্ত্ৰণৰ বাবে চৰকাৰৰ কোনো বিজ্ঞানসন্মত পৰিকল্পনা নথকাৰ বাবে জি-২০ সন্মিলনৰ খবৰৰ পৰিৱৰ্তে গুৱাহাটীৰ ৰাজপথৰ হাতীৰ খবৰেহে আন্তঃৰাষ্ট্ৰীয় সংবাদ শিৰোনাম দখল কৰিব৷ কিয়নো এদিন পূৰ্বে মহানগৰীৰ পাশ্বৰ্ৱতী চন্দ্ৰপুৰত বন্যহস্তীৰ গচকত দিলীপ নাথ নাথৰ গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ এজন জ্যেষ্ঠ অধিবক্তই প্ৰাণ হেৰুৱাবলগীয়া হৈছে৷ এই হৃদয় বিদাৰক ঘটনাৰ চাঞ্চল্যৰ মাৰ নৌযাওঁতেই পুনৰ গুৱাহাটী মহানগৰীত সোমবাৰে বন্যহস্তীৰ অবাধ বিচৰণ পৰিলক্ষিত হ’ল৷ সোমবাৰে পুনৰ সাতগাঁও-আমছিং-যোৰাবাটত জনাঞ্চলত বন্যহস্তীৰ বিচৰণক লৈ আতংকিত হৈ পৰিছে স্থানীয় লোকসকল৷ কিয়নো খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা হাতীয়ে এজন লোকৰ ঘৰৰ দেৱাল ভঙাত কাষৰীয়া লোকসকলে ভয়-শংকাৰ মাজত সময় পাৰ কৰিবলগীয়া হৈছে৷ কেৱল এইসকল লোকেই নহয়, হাতীৰ বাবে গুৱাহাটী মহানগৰীৰ বহু লোকেই ভয়ত থাকিবলগীয়া হৈছে৷ কিয়নো দিন চেৰেক পূৰ্বে জনাঞ্চললৈ ওলাই অহা হাতীয়ে নাৰেংগী-যোৰাবাট পথত চলন্ত বাহনলৈ চোঁচা লোৱা ঘটনা সংঘটিত হোৱাৰ লগতে নাৰেংগীত পথচাৰীক খুন্দিয়াই মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ দৰে কৰুণ ঘটনাও সংঘটিত হৈছে৷ কিন্তু ইয়াৰ পাছতো সোমবাৰে সাতগাঁৱৰ আমছিং-যোৰাবাটত জন অৰণ্যত প্ৰৱেশ কৰা এটা হাতীক প্ৰাণৰ আশংকাকো নেওচি এগৰাকী হৃদয়বান মহিলাই কল তথা খাদ্য সামগ্ৰী যোগান ধৰা দেখা গ’ল৷ সৌভাগ্যক্ৰমে হাতীটোৱে কোনো অনাকাংক্ষিত ঘটনা সংঘটিত নকৰাকৈ বনাঞ্চললৈ উভটি যায় যদিও বন্যহস্তীৰ আকস্মিক আক্ৰমণৰ পৰা নাগৰিকক উদ্ধাৰ কৰিবলৈ বন বিভাগত নাই প্ৰশিক্ষণপ্ৰাপ্ত টীম [টাস্ক ফ’ৰ্চ] তথা প্ৰয়োজনীয় সা-সৰঞ্জম ৷ আনকি বন্য হস্তীৰ আক্ৰমণৰ খবৰ দিবলৈও বন বিভাগত নাই কোনো হেল্প লাইন নম্বৰ৷ যাৰ বাবে জনাঞ্চলত হাতীৰ জাক প্ৰৱেশ কৰাৰ পাছত নাগৰিককে প্ৰথমে আৰক্ষীক খবৰ দিয়ে যদিও আৰক্ষীয়ে পুনৰ বন বিভাগক খবৰ দিয়াৰ পাছত ঘটনাস্থলীত বন কৰ্মী উপস্থিত হোৱালৈ বহু পলম হৈ যায়৷ চৰকাৰ তথা বন বিভাগৰ এনে অব্যৱস্থাপনাৰ বাবেই এতিয়া হাতী আৰু মানুহৰ সংঘাত বৃদ্ধি পাবলৈ ধৰিছে৷ আনকি উন্মত্ত লোকে বন্যহস্তীক আক্ৰমণৰ দৰে দুঃসাহসিক কাৰ্যত লিপ্ত হৈ নিজৰ মৃত্যুক যেন নিজেই মাতি অনা দৃশ্যও সুলভ হৈ পৰিছে৷ অথচ এনে লোকসকলক বাধা দিয়া বা সজাগ কৰাৰ বাবে বন বিভাগৰ তাৎক্ষণিক সঁহাৰি জনোৱা কোনো বিশেষ টাস্ক ফ’ৰ্চ নাই৷ এনে প্ৰেক্ষাপটতে বিগত ৫ বছৰত অসমত হাতী-মানুহৰ সংঘাতৰ পৰিণতিত ৩৮৫ জন লোকৰ মৃত্যু হৈছে৷ ইফালে, দুদিন পূৰ্বে দীপৰ বিলৰ পাৰত খাদ্যৰ সন্ধানত ওলাই অহা দুটাকৈ বনৰীয়া হাতী ৰে’লৰ খুন্দাত আঘাতপ্ৰাপ্ত  হ’বলগীয়া হয়৷ দীপৰ বিলত ৰে’লৰ খুন্দাত এতিয়ালৈ প্ৰায় ১৫ টাকৈ বন্যহস্তীৰ কৰুণ মৃত্যু  ঘটিছে৷ গুৱাহাটী মহানগৰীক উত্তৰ-পূবৰ দুৱাৰমুখ বুলি কোৱা হয় যদিও গুৱাহাটীৰ প্ৰতিটো প্ৰান্ততে হস্তী কৰিড’ৰত অবাধ বেদখলৰ ফলত হাতী-মানুহৰ সংঘাত বৃদ্ধি পাব ধৰিছে৷ হাতীৰ আতংকত উজাগৰী নিশা পাৰ কৰা লোকৰ এতিয়া আক্ষেপ– হাতীৰ আক্ৰমণত নিজৰ আত্মীয়ক নেহেৰুৱালৈকে চৰকাৰৰ বৰমুৰীয়াসকলে নুবুজে হস্তী-মানুহৰ সংঘাতৰ কৰুণ পৰিণতি কি?