Logo
image

আজি পবিতৰাত জি-২০ৰ প্ৰতিনিধি

আমাৰ অসম, ৪ ফেব্ৰুৱাৰী:  শনিবাৰে পুৱাই গুৱাহাটীৰ পাশ্বৱৰ্তী পবিতৰা অভয়াৰণ্যত উপস্থিত হ’ব জি-২০ৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ অহা এটা বৃহৎ প্ৰতিনিধি দল৷ প্ৰায় ৪৫ জনীয়া এই প্ৰতিনিধি দলটোৱে চৰকাৰী আতিথ্যত পবিতৰা অভয়াৰণ্যত পুৱাৰ চফৰ কৰিব৷ বিশ্বৰ সৰ্বাধিক ঘনত্বৰ এশিঙীয়া গঁড়ৰ বাসভূমি বুলি জনজাত পবিতৰা অভয়াৰণ্যত নিচেই কাষৰ পৰাই বিদেশী প্ৰতিনিধি দলটোৱে অসম গৌৰব গঁড় প্ৰত্যক্ষ কৰিব পাৰিব বুলি আশা কৰা হৈছে৷ জি-২০ৰ প্ৰতিনিধি দলক আদৰিবৰ বাবে ইতিমধ্যে চূণতেল সানি পবিতৰা অভয়াৰণ্যৰ ভিতৰ-বাহিৰ চিকুণাই তোলা হৈছে৷ গঁড়ৰৰ লগতে হাদুক ওলোমা সেঁতু হ’ব বিদেশী পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ বিন্দু৷ উল্লেখ্য যে জি-২০ ত অংশগ্ৰহণ কৰিবলৈ অহা প্ৰতিনিধি দলে ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিছে৷ কাইলৈ বস্ত্ৰ নগৰী শুৱালকুছিতো উপস্থিত হ’ব জি-২০ৰ প্ৰতিনিধি দল৷ গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত জি-২০ৰ প্ৰথমখন বহনক্ষম বিত্তীয় কাৰ্যকৰী গোট চমুকৈ এছ এফ ডব্লিউ জিৰ বৈঠকৰ আজি সামৰণি পৰে৷ বৃহস্পতিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত এই বৈঠকত জি-২০ৰ সদস্য দেশৰ ৯৫গৰাকী প্ৰতিনিধি, আমন্ত্ৰিত দেশৰ ১০জন প্ৰতিনিধি তথা আই এম এফ, ইউ এন ডি পি, এডিবি, ৱল্ড বেংককে ধৰি ১৪টা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে৷ ইয়াৰ বাহিৰেও আন বহু আন্তঃৰাষ্ট্ৰীয় সংস্থাই বিদেশৰ পৰাই ভাৰ্চুৱেলী জি-২০ৰ বৈঠকত অংশগ্ৰহণ কৰে৷ গুৱাহাটীত আজি সামৰণি পৰা জি-২০ৰ প্ৰথমখন বহনক্ষম বিত্তীয় কাৰ্যকৰী গোটৰ বৈঠকত মুখ্যতঃ ক্লাইমেট ফাইনেন্স, বহনক্ষম উন্নয়ন আৰু ইক ছিছটেম গঠনৰ ওপৰত আলোচনা হয়৷ উল্লেখ্য যে বৃহস্পতিবাৰে কেন্দ্ৰীয় জাহাজ, বন্দৰ, জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জি-২০ৰ প্ৰথমখন বহনক্ষম বিত্তীয় গোটৰ বৈঠকৰ উদ্বোধন কৰিছিল৷ ইফালে অহা ৭ আৰু ৮ ফেব্ৰুৱাৰীত গুৱাহাটীৰ ৰেডিচন ব্লু হোটেল আৰু আই আই টি গুৱাহাটীত জি-২০ৰ ৱাই-২০ বা যুৱ-২০ বৈঠক অনুষ্ঠিত হ’ব৷ এই বৈঠকত জি-২০ আৰু আমন্ত্ৰিত দেশৰ ২৫০জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব৷ এই বৈঠকত অসমৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ৪০০ ছাত্ৰ-ছাত্ৰীয়েও অংশগ্ৰহণ কৰিব৷ এই ৱাই ২০ৰ মূল বিষয় সমূহ হৈছে শান্তি আৰু বুজাপৰা, কৰ্ম উদ্যোগৰ ভৱিষ্যত, জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগৰ আশংকা হ্ৰাস কৰা, গণতন্ত্ৰ আৰু প্ৰশাসন, যুৱ শক্তি আৰু সুস্বাস্থ্য তথা ক্ৰীড়া৷ উল্লেখ্য যে জি-২০ৰ বৈঠকত ভাৰতকে ধৰি জি-২০ অন্তৰ্গত আন ১৯ খন দেশ ক্ৰমে–আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, ব্ৰাজিল, কানাডা, চীন, ফ্ৰান্স, জাৰ্মানী, ইেণ্ডোনেছিয়া, ইটালী, জাপান, মেক্সিকো, ৰিপাব্লিক অব কোৰিয়া, ৰাছিয়া, চৌদি আৰব, দক্ষিণ আফ্ৰিকা, তুৰ্কী, ইংলেণ্ড, আমেৰিকা আৰু ইউৰোপীয়ান ইউনিয়নে ভাগ লৈছে৷ আনহাতে সন্মিলনত বাংলাদেশ, ইজিপ্ত, মৰিছাছ, নেডাৰলেণ্ড, স্পেইন, চিংগাপুৰ, ওমান, সংযুক্ত আৰব ৰাষ্ট্ৰ আৰু নাইজেৰিয়াকে ধৰি ৯খন দেশ অতিথি ৰাষ্ট্ৰ হিচাপে উপস্থিত আছে৷ ৬-৮ ফেব্ৰুৱাৰীৰ ৱাই-২০ বৈঠকৰ পাছত গুৱাহাটীত ক্ৰমে ১৩-১৫ মাৰ্চ আৰু ৩-৫ এপ্ৰিলত ক্ৰমে তৃতীয় আৰু চতুৰ্থখন জি-২০ বৈঠক অনুষ্ঠিত হ’ব৷ ২৪ আৰু ২৫ মাৰ্চত ডিব্ৰুগড়তো জি-২০ৰ বৈঠক অনুষ্ঠিত হ’ব৷ লক্ষণীয় বিগত বৰ্ষত জি-২০ অধ্যক্ষৰ দায়িত্বভাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোৱাৰ পাছত ভাৰতত প্ৰথমবাৰ অনুষ্ঠিত হৈছে জি-২০ বৈঠক৷