Logo
image

ভুৱা সংঘৰ্ষই নহয়, আৰক্ষীয়ে অভিযুক্তৰ গুপ্তাংগও ছেদ কৰিছিল

ডিজিটেল ডেস্কঃ অসম চৰকাৰ তথা অসম আৰক্ষীয়ে ভুৱা এনকাউণ্টাৰৰ কথা নস্যাৎ কৰিলেও তদন্ত কমিটী আৰু মানৱ অধিকাৰ আয়োগে এটাৰ পাছত এটাকৈ ভুৱা এনকাউণ্টাৰৰ সত্যতা পোহৰলৈ আনিছে৷ তদানীন্তন অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ তদন্তত ইতিমধ্যে নগাঁৱৰ ছাত্ৰনেতা কীৰ্তিকমল বৰাৰ ভুৱা এনকাউণ্টাৰৰ তথা উন্মোচন হোৱাৰ পাছত এইবাৰ ৰাজ্যিক মানৱ অধিকাৰ আয়োগে দৰঙৰ খাৰুপেটীয়াৰ আশা বাবু নামৰ এজন  অভিযুক্তৰ এনকাউণ্টাৰকো ভুৱা এনকাউণ্টাৰ অভিহিত কৰিছে৷ আনকি উক্ত ভুৱা এনকাউণ্টাৰত জিম্মাত থকা অভিযুক্ত আশা বাবুক গুলীয়াই হত্যা কৰাৰ পৰিপ্ৰেক্ষিতত খাৰুপেটীয়া থানাৰ তদানীন্তন অ’ চি অভিজিৎ কাকতি আৰু পৰিদৰ্শক অচ্যুৎ দত্তক দোষীক সাব্যস্ত কৰি ভুক্তভোগীৰ পৰিয়ালক ৭ লাখ টকা ক্ষতিপূৰণ দিয়াৰো নিৰ্দেশ দিছে৷ লক্ষণীয়ভাৱে আশা বাবুৰ ভুৱা এনকাউণ্টাৰৰ ঘটনাটোৱে অসম আৰক্ষীৰ বৰ্বৰতা তথা নৃশংসতাৰ আন এক ক’লা অধ্যায় যেন মুকলি কৰিলে৷ কিয়নো ২০২১ চনৰ ১০ আগষ্টত চুৰিজনিত গোচৰত ঘৰত চেলাইন লৈ থকা অৱস্থাত উঠাই নি নিশা অসুস্থ অভিযুক্ত আশা বাবুক শীতল মস্তিস্কই গুলীয়াই হত্যা কৰিছিল আৰক্ষীয়ে৷ আনকি হত্যাৰ পূৰ্বে আৰক্ষীয়ে আশা বাবুৰ ওপৰত চলাইছিল নিৰ্মম অত্যাচাৰ৷ আৰক্ষীৰ নৃশংসতা এনে পৰ্যায় পাইছিল গৈ যে জিম্মাত থকা অভিযুক্তজনৰ গুপ্তাংগ কাটি দিছিল৷ মানৱ অধিকাৰ আয়োগত হত্যাৰ বলি হোৱা আশা বাবুৰ পত্নী মনোৱাৰা বেগমে অভিযোগ কৰা মতে–দীৰ্ঘদিনৰ পৰা বিভিন্ন ৰোগত অসুস্থ হৈ আছিল আশা বাবু৷ ২০২১ চনৰ ১০ আগষ্টত খাৰুপেটীয়া আৰক্ষীয়ে আশা বাবুক গ্ৰেপ্তাৰ কৰাৰ সময়ত অসুস্থতাৰ ঘৰতে বাবে চেলাইন লৈ আছিল৷ কিন্তু এনকাউণ্টাৰৰ পাছত আৰক্ষীয়ে যেতিয়া মৃতদেহ উভতাই দিছিল তেতিয়া আশা বাবুৰ দেহৰ বিভিন্ন স্থানত ক’লা দাগ দেখিছিল পত্নীয়ে৷ আনকি হাতৰ আঙুলিও ভাঙি পেলোৱাৰ লগতে গুপ্তাংগ কাটি পেলোৱা চিহ্ন দেখা পাইছিল৷ আনকি আশা বাবুৰ ডিঙিত ৰদ সোমাই দিয়াৰ দৰে আঘাতৰ চিহ্নও দেখিছিল পত্নী মনোৱাৰাই৷ আশা বাবুৰ মৃতদেহত আঘাতৰ চিহ্ন থকা ফটোগ্ৰাফো মানৱ অধিকাৰ আয়োগক প্ৰমাণ হিচাপে দাখিল কৰিছিল দুৰ্ভগীয়া মনোৱাৰা বেগমে৷ মানৱ অধিকাৰ আয়োগে সকলো তথ্য প্ৰমাণৰ ভিত্তিত আশা বাবুৰ মৃত্যুৰ ঘটনাক ভুৱা এনকাউণ্টাৰ বুলি ৰায় প্ৰদান কৰিছে যদিও এই ঘটনাই অসম আৰক্ষীৰ আন এক নৃশংস তথা নিষ্ঠুৰ মানসিকতাও যেন পোহৰলৈ আনিলে৷ জিম্মাত থকা অভিযুক্তক নিশাৰ আন্ধাৰত কোনো সাক্ষী তথা প্ৰমাণ নোহোৱাকৈ আৰক্ষীয়ে গুলীয়াই হত্যা কৰাই নহয়, অসহায় অভিযুক্তজনক যে জিম্মাত নিৰ্মম নিৰ্যাতন চলোৱা হৈছিল তাৰ ছবিখনকো উদঙাই দিলে৷ ৰাজ্যিক মানৱ অধিকাৰ আয়োগে আশা বাবুৰ ভুৱা এনকাউণ্টাৰৰ বাবে অ’ চি অভিজিৎ কাকতি আৰু পৰিদৰ্শক অচ্যুৎ দত্তক শাস্তি প্ৰদান কৰি ভুক্তভোগী আত্মীয়ক ৭ লাখ টকা ক্ষতি পূৰণ দিবলৈ ৰায় দিলেও মানৱ অধিকাৰ আয়োগৰ নিৰ্দেশৰ সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে৷ মঙলবাৰে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আৰক্ষী সঞ্চালক প্ৰধানজনে ভুৱা এনকাউণ্টাৰৰ সন্দৰ্ভত মানৱ অধিকাৰ আয়োগৰ নিৰ্দেশৰ কোনো প্ৰতিলিপি বৰ্তমানলৈ লাভ কৰা নাই বুলিহে জানিবলৈ দিয়ে৷