Logo
image

দৌৰিলেই ফোপনি উঠে নেকি! মনত ৰাখক এই টিপ্‌ছ

আমাৰ অসম বিশেষঃ অলপ দৌৰিলেই ফোপনি উঠে নেকি? এই সমস্যা দূৰ কৰিবলৈ হ’লে কেতবোৰ কথাৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগিব৷ দৌৰিবৰ বাবে পেশীৰ প্ৰচুৰ পৰিমাণে এনাৰ্জিৰ প্ৰয়োজন হয়৷ এই সময়ত আমাৰ শৰীৰে অধিক মাত্ৰাত কাৰ্বনডাই অক্সাইড প্ৰস্তুত কৰে৷ যাৰ বাবে শৰীৰত অধিক অক্সিজেনৰ প্ৰয়োজন হয়৷ এই শ্বাস-প্ৰশ্বাসৰ দুৰ্বল পৰিৱৰ্তনৰ বাবে  বহুজনৰ অলপ দৌৰিলেই ফোপনি উঠে৷ দৌৰ আৰম্ভ কৰাৰ আগতে শৰীৰ গৰম কৰি লোৱা, আৰম্ভণিতেই দৌৰিবলৈ আৰম্ভ কৰা বা তাৰ পূৰ্বে শৰীৰ অলপ  গৰম কৰি ল’লে পেশী আৰু টিচু্যত  তেজৰ চলাচল সূচল হয়৷ ইয়াৰ বাবে দৌৰিবলৈ যোৱাৰ আগতে অলপ ব্যায়াম কৰি লোৱাতো ভাল৷ সাধাৰণ ষ্ট্ৰেচিং কৰিলেই শৰীৰ গৰম হ’ব পাৰে৷ দৌৰোতে ফোপনি উঠিলে মাজে মাজে সৰু সৰু বিৰতি লোৱা দৰকাৰ৷ এই জিৰণিয়ে দৌৰৰ ক্ষেত্ৰত যি ষ্ট্ৰেচ প্ৰস্তুত কৰে সেইটো কমাই দিয়ে৷ সমান্তৰালকৈ পুনৰ শ্বাস-প্ৰশ্বাস স্বাভাৱিক হৈ পৰে৷ যদি কোনোৱে বিৰতি ল’ব নিবিচাৰে তেন্তে তেওঁ দৌৰৰ গতি কমাব পাৰে৷ দৌৰৰ গতি কমালেও  ফোপনি উঠাৰ সমস্যা ঠিক হৈ যায়৷ শ্বাস-প্ৰশ্বাসৰ নিয়মিত ব্যায়ামে ফোপনি উঠাৰ সমস্যা কমায়৷ ইয়াৰ ফলত হাৰ্টৰ কৰ্মক্ষমতা বৃদ্ধি পায়৷ শ্বাস-প্ৰশ্বাসৰ ব্যায়ামৰ ক্ষেত্ৰত সকলোতকৈ সহজ উপায় হ’ল– নাকেৰে ধীৰে ধীৰে শ্বাস লোৱা আৰু মুখেৰে শ্বাস বাহিৰ কৰি দিয়া৷ এই ব্যায়াম নিয়মিত কৰিলে ফোপনি উঠা সমস্যা কমি যায়৷ যদিহে বাৰে বাৰে এই সমস্যা হৈ থাকে সেয়া হাৰ্টৰ কোনো সমস্যাৰ বাবে হ’ব পাৰে৷ সেয়ে কথাষাৰ মনত ৰখা উচিত৷ এনে হ’লে লগে লগে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷