Logo
image

ঠিকাভিত্তিক শিক্ষকক নিয়মীয়াকৰণৰ দাবী সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ ঠিকাভিত্তিক শিক্ষকক বিনাচৰ্তে বেতনসহ চাকৰি নিয়মীয়াকৰণৰ দাবী জনাইছে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে। সোমবাৰে দিছপুৰ প্ৰেছ ক্লাৱত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ উদ্যোগত আনুষ্ঠিত এখন সংবাদ মেলত সমাজৰ সভাপতি ত্ৰৈলোক্য ডেকাই কয়, "চলিত বছৰৰ ২৩ জানুৱাৰীত ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত অনুসৰি ৯ ফেব্ৰুৱাৰীত ৰাজ্যপাল অনুমোদিত এক নিৰ্দেশনা প্ৰকাশ পায়। এই নিৰ্দেশনা অনুসৰি ২০২২-২৩ বৰ্ষৰ গুণোৎসৱত ধাৰাবাহিকভাবে এ+ গ্ৰেড প্ৰাপ্ত বিদ্যালয়ৰ ঠিকাভিত্তিক আৰু ষ্টেটপুল শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ কথা উল্লেখ কৰা হয়। এই নিদেৰ্শনাত আমি ক্ষোভ প্ৰকাশ কৰিছোঁ। এই নিৰ্দেশনাত কোৱা হৈছে যে ক্ৰমাগতভাৱে গুণোৎসৱত ২০২২ আৰু ২৩ বর্ষত এ+ গ্ৰেড লাভ কৰা বিদ্যালয়সমূহত কৰ্মৰত ঠিকাভিত্তিক আৰু ষ্টেটপুল শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰা হ'ব আৰু নিয়মীয়া খালী পদৰ বিপৰীতে নতুনকৈ নিযুক্তি দিয়া দিনটোৱেই চাকৰিত যোগদানৰ তাৰিখ বুলি ধৰা হ'ব। যিটো ঠিকাভিত্তিক শিক্ষকৰ বাবে চূড়ান্ত অন্যায়জনক সিদ্ধান্ত। গুণোৎসৱ বিদ্যালয় আৰু ছাত্র-ছাত্ৰীৰ শিক্ষণ দক্ষতা মূল্যায়নৰ এক সমূহিক প্ৰয়াস। ই কেতিয়াও চাকৰি নিয়মীয়াকৰণৰ মাপকাঠি অর্থাৎ চৰকাৰৰ ৰাজনৈতিক উদেশ্যপ্ৰণোদিত আহিলা হোৱা অনুচিত। সেয়েহে আমাৰ দাবী পূৰণ নহ'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ প্ৰেৰণ কৰাৰ লগতে অনাগত দিনত 'দিল্লী চালো' কাৰ্যসূচী গ্ৰহণ কৰিম। সমগ্ৰ দেশবাসীৰ মাজত এই সম্পৰ্কে জনমত গঠন কৰিম। উপায়ন্তৰ হলে ৰাজ্যৰ প্ৰায় ৩৫ হাজাৰ শিক্ষকে নিজৰ লগতে পৰিয়ালৰ ভৱিষ্যতৰ স্বাৰ্থত যিকোনো চৰম পৰ্যায়ৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হ'ম।" সংবাদ মেলত সমাজৰ সাধাৰণ সম্পাদকদ্বয় কুলজিৎ ঠাকুৰীয়া, পাৰ্থপ্রতিম গগৈ আদি উপস্থিত থাকে।