Logo
image

ত্ৰিপুৰাত বিনামূলীয়া গৃহ, খাদ্য স্বাস্থ্যসেৱা ঘোষণা মোদীৰ

ডিজিটেল ডেস্কঃ  দেশৰ ভিতৰত তৃতীয় ক্ষুদ্ৰতম ৰাজ্য ত্ৰিপুৰা৷ প্ৰায় ১০,৪৯১ বৰ্গ কিলোমিটাৰ ভোগোলিক এলেকাৰ ৰাজ্যখনৰ মূঠ ভোটাৰৰ সংখ্যা প্ৰায় ২৮ লাখ৷ বিধান সভা সমষ্টিৰ হিচাপত আছে মাথো ৬০খন আসন৷ পিছে এই ৰাজ্যখন এতিয়া বিজেপিৰ মূল লক্ষ্য হৈ পৰিছে৷ যিকোনো প্ৰকাৰে ত্ৰিপুৰা নিজৰ হাতত ৰখাৰ বাবে সৰ্বতোপ্ৰকাৰ চেষ্টা চলাইছে বিজেপিয়ে৷ উত্তৰ পূৰ্বাঞ্চলৰ এই ক্ষুদ্ৰ  ৰাজ্যখন নিজৰ হাতত ৰাখিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ত্ৰিপুৰালৈ আহিছে  তিনিবাৰ৷ নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিন সোমবাৰে     

তৃতীয় বাৰৰ বাবে ত্ৰিপুৰাত উপস্থিত হৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিপুৰাবাসীক দিয়ে বিনামূলীয়া চাউল, বিনামূলীয়া স্বাস্থ্যসেৱা আৰু বিনামূলীয়া ঘৰ দিয়াৰ প্ৰতিশ্ৰুতি৷ সোমবাৰে ত্ৰিপুৰাৰ আগৰতলাত উপস্থিত হৈ প্ৰধান মন্ত্ৰী মোদীয়ে কয়– ত্ৰিপুৰাত আমি শান্তি প্ৰতিষ্ঠা কৰাৰ উপৰি আনিছো আইনৰ শাসন৷ ইয়াৰ প্ৰমাণ নিৰ্বাচনী প্ৰচাৰ সভাত ৰাজ্যখনত সকলো দলৰ পতাকা উৰিছে৷ ত্ৰিপুৰাবাসীয়ে ‘ৰেড চিগনেল’ আঁতৰাই ‘ডৱল ইঞ্জিন’ৰ চৰকাৰ গঠন কৰিছে৷ বিগত সময়ছোৱাত শাসনৰ নামত বামপন্থী দলে কেৱল লুটি পুতি খালে৷ কংগ্ৰেছ-বাঁওপন্থী দলৰ শাসনত ধবংসৰ দিশে ধাৱমান হৈছিল ত্ৰিপুৰা৷ কিন্তু বিজেপি শাসনলৈ আহি ৰাজ্যখন ধৰি ৰাখিলে৷ মই প্ৰতিশ্ৰতি দিছিলো ‘হীৰা’ দিম বুলি৷ সেই প্ৰতিশ্ৰুতি মতে ৰাজ্যখনত হাইৱে, ইণ্টাৰনেট, ৰে’লৱে, এয়াৰৱে কাম দ্ৰুতগতিত আগবাঢ়িল৷ আমি আগৰতলা-আখৌৰা সংযোগী ৰে’লপথ মুকলি কৰিম বুলি কৈছিলো৷ শীঘ্ৰেই প্ৰকল্প সম্পূৰ্ণ হ’ব এই প্ৰকল্প৷ ইতিমধ্যে ভাৰতৰ  ফালৰ কাম সম্পূৰ্ণ  হৈ উঠিছে৷ ত্ৰিপুৰাবাসীৰ লগত বিজেপি সদায় আছে৷ ত্ৰিপুৰাবাসীক বিনামূলীয়া গৃহ, খাদ্য আৰু স্বাস্থ্যসেৱা দিবলৈ সংকল্প লৈছে বিজেপি৷ এই সংকল্প বাস্তৱ ৰূপ দিবলৈ ত্ৰিপুৰাবাসীয়ে বিজেপিক সমৰ্থন জনাব লাগে৷ লক্ষ্যনীয়ভাৱে ত্ৰিপুৰাৰ নিৰ্বাচনক লৈ কেইবাদিন ধৰি ত্ৰিপুৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাহৰ পাতি আছে যদিও সোমবাৰে প্ৰধানমন্ত্ৰী মোদীৰ কাষত দেখা নগ’ল মুখ্য মন্ত্ৰী শৰ্মাক৷ বিপৰীতে মুখ্য মন্ত্ৰী শৰ্মাই সোমবাৰে ত্ৰিপুৰাৰ উত্তৰ মহাৰাণী, কাক্ৰাবান, আশ্ৰমবাৰী আৰু গোলাগতিত নিৰ্বাচনী প্ৰচাৰ চলায়৷ একেদিনাই চুবুৰীয়া ৰাজ্যখনত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, সাংসদ কুইন ওজা, কামাখ্যা প্ৰসাদ তাছা, পল্লৱ লোচন দাসেও নিৰ্বাচনী প্ৰচাৰ চলায়৷ উল্লেখ্য, ইতিমধ্যে তৃণমূল কংগ্ৰেছ নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু তীপ্ৰা মথাৰ মুৰব্বী প্ৰদ্যুৎ বিক্ৰম মাণিক্য দেববাৰ্মাৰ সমূখত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ মুখামুখি হ’বলগীয়া হৈছে বৰ্তমানৰ শাসনাধিস্থ বিজেপি৷ ইতিমধ্যে পৃথক ৰাজ্যগঠনৰ দাবীত   জন্মলাভ কৰা তীপ্ৰা মথা একপ্ৰকাৰ অপ্ৰতিৰোধ্য হোৱাৰ পৰিপ্ৰেক্ষিতত বিজেপিয়ে নিৰ্বাচনী ইছ্যু  হিচাপে লৈছে ত্ৰিপুৰা বিভাগ নকৰা সন্দৰ্ভত৷ চুবুৰীয়া ৰাজ্যখনৰ নিৰ্বাচনৰ অন্যতম ষ্টাৰ কেম্পেইনাৰ ৰূপে ত্ৰিপুৰাত কেইবাদিন ধৰি বাহৰপাতি থকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়টোক প্ৰাধান্য দি নিৰ্বাচনী সভাত ভাগ লয়৷ দেওবাৰে ত্ৰিপুৰাৰ আম্পিনগৰ সমষ্টিত নিৰ্বাচনী সভাত ভাগ লৈ মুখ্যমন্ত্ৰী শৰ্মাই ত্ৰিপুৰাক খণ্ডিত হ’বলৈ নিদিয়ে বুলি প্ৰতিশ্ৰুতি দিয়ে৷ ত্ৰিপুৰাবাসীক উদ্দেশ্যি তেওঁ কয়– বৃহত্তৰ ত্ৰিপুৰাক আৰু বিভক্ত কৰিবলৈ দিয়া নহ’ব৷ ত্ৰিপুৰাক ভাগ ভাগ কৰি বৃহত্তৰ ত্ৰিপুৰা কেনেকৈ সম্ভৱ? ত্ৰিপুৰা নিৰ্মাণ হৈছে ত্ৰিপুৰা মাতৃৰ বাবে৷ কোনো অসম-মেঘালয়-নাগালেণ্ডৰ পৰা ত্ৰিপুৰা হোৱা নাই৷ কোনেও ত্ৰিপুৰাক ভাগ কৰিব নোৱাৰে৷ বিজেপি হাৰিলেও ত্ৰিপুৰাক ভাগ কৰিব দিয়া নহয়৷ বিজেপি হাৰিব পাৰে কিন্তু ত্ৰিপুৰা এক হৈয়ে থাকিব৷ আমাৰ প্ৰতিশ্ৰুতি– এক ত্ৰিপুৰা ছেভ ত্ৰিপুৰা৷ উল্লেখ্য, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও দেওবাৰে ত্ৰিপুৰাত বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ  চলায়৷ ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত  হ’ব ত্ৰিপুৰাৰ ৬০টা বিধানসভা সমষ্টিৰ নিৰ্বাচন৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও দেওবাৰে ত্ৰিপুৰাৰ কেইবাঠাইত নিৰ্বাচনী প্ৰচাৰ চলায়৷ উল্লেখ্য, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ত্ৰিপুৰাত উপস্থিত হৈ ত্ৰিপুৰাবাসীক দিয়ে ট্ৰিপল এ’ৰ টোপ৷ যোৱাটো বিধানসভা নিৰ্বাচনত ‘হীৰা’ দিয়াৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা দলটোৱে এইবাৰ ত্ৰিপুৰাবাসীক দিয়ে ‘ট্ৰিপল এ’ৰ নিৰ্বাচনী টোপ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  পূৰ্বৰ ত্ৰিপুৰা ভ্ৰমনৰ সময়ত ত্ৰিপুৰাৰ ৰাধাকিশোৰপুৰৰ পৰা ত্ৰিপুৰাবাসীক দিছে ‘ট্ৰিপল এ’ অৰ্থাৎ ‘আৱাস’, ‘আৰোগ্য’ আৰু ‘আয়’ৰ টোপ৷ কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েই নহয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা আৰম্ভ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰ্যন্ত বিজেপিৰ অধিকাংশ ৰথী-মহাৰথী এতিয়া ব্যস্ত ত্ৰিপুৰাক লৈ৷ উত্তৰ-পূৰ্বাঞ্চলৰ এই ৰাজ্যখনত দ্বিতীয়বাৰৰ কাৰণে বিজেপি দলক শাসনত বহুৱাবলৈ যুদ্ধক্ষেত্ৰত নামি পৰিছে সমগ্ৰ দলটোৰ নেতা-মন্ত্ৰী-সাংসদ৷ অৱশ্যে তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু তীপ্ৰা মথাৰ মুৰব্বী প্ৰদ্যুৎ বিক্ৰম মানিক্য দেৱবাৰ্মাৰ পৰা তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হ’বলগীয়া হৈছে বিজেপি দল আৰু চৰকাৰ৷ আনহাতে, বৰ্তমানো ত্ৰিপুৰাত কংগ্ৰেছ আৰু বাঁওপন্থীৰ শক্তি স্থান বিশেষে অক্ষুন্ন আছে৷ যাৰ ফলত ত্ৰিপুৰা বিধানসভাৰ ৬০খন আসনৰ বাবে ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত পুনৰবাৰ জয়ী হোৱাৰ স্বাৰ্থত সৰ্বশক্তিৰে নিৰ্বাচনী যুদ্ধক্ষেত্ৰত জঁপিয়াই পৰিছে গেৰুৱা দলটো৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে একেটা দিনত ত্ৰিপুৰাৰ তিনিখন জিলাত তিনিখনকৈ বিশাল জনসভাত ভাষণ দি দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়৷ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এদিনত দুখনকৈ জনসভাত উপস্থিত থাকি নিৰ্বাচনী প্ৰচাৰ চলায়৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কেইবাখনো সমাৱেশত উপস্থিত থকাৰ উপৰি এটা ৰোডশ্ব’ত অংশ লয়৷ ইয়াৰ পূৰ্বে ত্ৰিপুৰালৈ দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিল বিজেপিৰ ৰাষ্ট˜ীয় সভাপতি জে পি নড্ডা৷ লক্ষণীয়ভাৱে দলৰ কেন্দ্ৰীয় নেতৃত্বই নহয়, ত্ৰিপুৰাৰ নিৰ্বাচনী প্ৰচাৰত অন্যতম ষ্টাৰ কেম্পেইনাৰ হিচাপে আছে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ আজিৰ দিনটোতো মুখ্যমন্ত্ৰী ড॰ শৰ্মাই চুবুৰীয়া ৰাজ্যখনত ৩খনকৈ গণসমাৱেশত উপস্থিত থাকে৷ তেওঁ নিতৌ একাধিক নিৰ্বাচনী সমাৱেশত অংশ লৈছে৷ মুখ্যমন্ত্ৰীৰ সমান্তৰালভাৱে ত্ৰিপুৰাত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছে মন্ত্ৰীসভাৰ সদস্য ক্ৰমে ৰঞ্জিত কুমাৰ দাস, জয়ন্ত মল্ল বৰুৱা, পীয়ূষ হাজৰিকা, অশোক সিংহাল আদিয়ে৷ উল্লেখ্য, মন্ত্ৰী ৰঞ্জিত দাসে ত্ৰিপুৰাবাসীৰ মন জয় কৰিবলৈ বজাৰৰ মাজলৈ গৈছে, দোকানে পোহাৰেও সোমাই মত বিনিময় কৰিছে৷ সাংসদ কুইন ওজাই এগৰাকী প্ৰাৰ্থীক নিজৰ কন্যাৰ স্বীকৃতি দিছে৷ ইফালে নিৰ্বাচনী প্ৰচাৰৰ মাজতে ত্ৰিপুৰাৰ কেইবাঠাইতো বিজেপি, কংগ্ৰেছৰ সমৰ্থকৰ মাজত লাগিছে খণ্ড যুদ্ধ৷ স্মৰ্তব্য নিৰ্বাচনত বিজেপিয়ে আইপিএফটিৰ লগত মিত্ৰতা কৰাৰ বিপৰীতে কংগ্ৰেছ আৰু বাঁওপন্থী দলসমূহ একেলগে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে৷ দল দুটাৰ মাজত আসন বুজাবুজি হৈছে৷ বিজেপিৰ আগ্ৰাসী নিৰ্বাচনী প্ৰচাৰৰ বিপৰীতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীও ত্ৰিপুৰাত বাহৰ পাতি অব্যাহত ৰাখিছে নিজৰ নিৰ্বাচনী প্ৰচাৰ অভিযান৷ নিৰ্বাচনী সভাত ভাষণ দিয়াৰ উপৰি ভোটাৰৰ মন জয়ৰ কৌশল হিচাপে তেওঁ সাধাৰণ ভোটাৰৰ মাজত সোমাই যোৱাৰ আপ্ৰাণ চেষ্টা চলাইছে৷ ’২৪ লোকসভা নিৰ্বাচনলৈ আৰু প্ৰায় এটা বছৰ বাকী৷ ইতিমধ্যে লোকসভা নিৰ্বাচনলৈ নিৰ্বাচনী যুঁজত নামিছে শাসক-বিৰোধী৷ বিজেপিয়ে ইতিমধ্যে ২০২৪ৰ লোকসভা নিৰ্বাচনতো প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীৰূপে নৰেন্দ্ৰ মোদীৰ নাম ঘোষণা কৰিছে৷ কিন্তু লোকসভা নিৰ্বাচনক  লৈ ‘মুড অব দ্য নেছন’ৰ সমীক্ষাক লৈ সন্তুষ্ট নহয় শাসনাধিস্থ দলটো৷ ‘মুড অব দ্য নেছন’ৰ সমীক্ষা মতে আজিৰ তাৰিখত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’লে বিজেপিৰ আসন হ্ৰাস পাব৷ ২০১৯ চনত ৩৪০খন আসন লাভ কৰা এন ডি এ খুব বেছি ২৯৮ খন আসনত জয়লাভ কৰিব৷ দল হিচাপে বিজেপিৰ আসনো হ্ৰাস পাব৷ বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এৰ আসন যথেষ্ট বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ ২০১৯ চনত ৯০ খনৰ অলপ বেছি আসন লাভ কৰা ইউ পি এ পাব পাৰে ১৫৩ খন আসন৷ অকল কংগ্ৰেছে ৯১ খনৰো অধিক আসন লাভ কৰিব পাৰে বুলি সমীক্ষাটোত কোৱা হৈছে৷ এই মুহূৰ্তত নিৰ্বাচন অনুষ্ঠিত হ’লে এন ডি এ পূৰ্বতকৈ ২ শতাংশ কম অৰ্থাৎ ৪৩ শতাংশ ভোট লাভ কৰিব৷ মুড অব দ্য নেছনৰ সমীক্ষাৰ প্ৰতিবেদন এতিয়া বিজেপিৰ শীৰ্ষ নেতৃত্বৰ কামোৰণি হৈছে৷

ত্ৰিপুৰাৰৰ লুৰীণজ্যোতি গগৈৰ নিৰ্বাচনী প্ৰচাৰ

অসমক ধৰ্মৰ ভিত্তিত বিভক্ত কৰাৰ ষড়যন্ত্ৰ পতা হিমন্ত বিশ্ব শৰ্মাৰ তিপ্ৰালেণ্ডৰ বিৰোধিতা কৰাৰ নৈতিক অধিকাৰ নাই৷  এই গুৰুত্বপূৰ্ণ মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ৷ সোমবাৰে ত্ৰিপুৰাৰ গোমতি জিলাৰ উদয়পুৰত তিপ্ৰামথা দলৰ হৈ নিৰ্বাচনী সমাৱেশত ভাষণ দি গগৈয়ে লগতে কয় উত্তৰ-পূৰ্বাঞ্চলৰ কোনোবা নেতাই যদি অসমৰ বাহিৰলৈ গৈ এই অঞ্চলৰ খিলঞ্জীয়াৰ কথা কৈছে, তেনেহ’লে সেইজন ‘বুবাগ্ৰা’ প্ৰদ্যুৎ মাণিক্য৷ বাকী যিসকল নেতা দিল্লীলৈ যায়, তেওঁলোকে দিল্লীৰ ওচৰত আঁঠু লৈ আহে৷ হিমন্ত বিশ্ব শৰ্মায়ো দিল্লীত আঁঠু লৈ থৈছে৷ দিল্লীৰ চকুত চকু থৈ কথা কোৱাৰ সাহস দেখুৱাইছে তিপ্ৰামথাৰ নেতা প্ৰদু্যৎ মাণিক্যই৷ গতিকে প্ৰদু্যৎ মাণিক্যহে আচলতে উত্তৰ পূৰ্বাঞ্চলৰ নেতা৷ প্ৰদু্যৎ মাণিক্যৰ হাত শক্তিশালী কৰিবলৈ উত্তৰ পূবৰ সকলো জাতীয়তাবাদী আঞ্চলিক দলে তিপ্ৰামথাৰ প্ৰতি সমৰ্থন আগবঢ়ওৱা উচিত বুলি গগৈয়ে মত প্ৰকাশ কৰে৷ আগন্তক১৬ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া ত্ৰিপুৰাত দেওবাৰে আন তিনিগৰাকী দলীয় সতীৰ্থসহ উপস্থিত হয় গগৈ৷ তেওঁ সোমবাৰে উদয়পুৰত তিপ্ৰামথাৰ সভাপতি মহাৰাজ প্ৰদু্যৎ মাণিক্যৰ সৈতে এখন নিৰ্বাচনী সমাৱেশত ভাগ লয়৷ দেশৰ আন কেইবাখনো ৰাজ্যৰ পৰা অহা সমভাৱাপন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ উপস্থিতিত নিৰ্বাচনী সমাৱেশত ভাষণ দি গগৈয়ে, ‘ত্ৰিপুৰাৰ খিলঞ্জীয়া জনগোষ্টীসমূহে বহিৰাগত আগ্ৰাসনৰ ফলত তেওঁলোকৰ ভাষা-সংস্কৃতি হেৰুওৱা নিজ চকুৰে দেখিছো৷ আমি অসমীয়া মানুহৰ সন্মুখতো একে সংকটে দেখা দিছে৷ গতিকে আপোনালোকৰ মনৰ বেদনা অনুভৱ কৰিব পাৰিছো৷ আৰু সেই কাৰণে আপোনালোকৰ গ্ৰেটাৰ তিপ্ৰালেণ্ডৰ দাবীৰ প্ৰতি আমি সমৰ্থন আগবঢ়াইছো৷ কাৰণ আমি বুজি পাওঁ যে অকল গ্ৰেটাৰ তিপ্ৰালেণ্ডৰ জৰিয়তেহে আপোনালোকৰ ৰাজনৈতিক অধিকাৰ প্ৰাপ্তি সম্ভৱ৷ বিজেপিয়ে উত্তৰ পূবৰ খিলঞ্জীয়াৰ দুখ নুবুজে৷ তেওঁলোকে কেৱল ঘৰিয়ালৰ চকুপানী টোকে৷ উত্তৰ-পূবৰ সকলো খিলঞ্জীয়া একত্ৰিত হ’ব পাৰিলেহে দিল্লীয়ে আমাৰ কথা শুনিব৷’ ‘তিপ্ৰামথা দলৰ প্ৰতি সমৰ্থন আগবঢ়োৱা সন্দৰ্ভত গগৈয়ে কয়, ‘বুবাগ্ৰাক সমৰ্থন দিছো কাৰণ তেওঁ দিল্লীৰ সৈতে আপোচ কৰা নাই৷ উত্তৰ পূৰ্বাঞ্চলৰ বেছিভাগ নেতাই দিল্লীৰ সৈতে আপোচৰ নীতি লোৱাৰ বাবেই দিল্লীয়ে আমাক উপেক্ষা কৰিব পাৰিছে৷’ আগন্তক ১৬ ফেব্ৰুৱাৰীৰ দিনা আনাৰসৰ ছবিত ভোট দি তিপ্ৰামথাৰ প্ৰাৰ্থীসকলক বিজয়ী কৰিবলৈ গগৈয়ে ৰাইজক আহ৩ান জনায়৷

মেঘালয়ত নিৰ্বাচনী প্ৰচাৰ সৰ্বানন্দ সোণোৱালৰ

মেঘালয়ত দুৰ্নীতি আৰু পৰিয়ালতন্ত্ৰৰ ওৰ পেলাবলৈ হ’লে বিজেপিক ভোট দিয়াৰ বাহিৰে গত্যান্তৰ নাই৷  এন পি পি দলৰ দুৰ্নীতি আৰু স্বজন-তোষণৰ বাবে ৰাজ্যখন বহু পিছুৱাই গৈছে৷ ইয়াৰ অন্ত পেলাবলৈ হলে ৰাইজে বিজেপিৰ পক্ষত মাৰবান্ধি ভোট দিব লাগিব৷ এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ৷ সোমবাৰে গুৱাহাটীৰ কাষৰীয়া বৰ্ণিহাটত মেঘালয়ৰ ১০ নং জিৰাং সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ৰিয়া চাংমাৰ হৈ এখন বিশাল নিৰ্বাচনী সভাত ভাগ লৈ ৰাইজক এই আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ সভাত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয় নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰে মেঘালয় চৰকাৰক যথেষ্ট সহায়-সহযোগিতা আগবঢ়াইছিল যদিও এন পি পি চৰকাৰে বাস্তৱ ক্ষেত্ৰতে কোনো আঁচনিয়েই সঠিককৈ ৰূপায়ণ নকৰিলে৷ তেওঁলোক ব্যস্ত হৈ থাকিল পৰিয়ালতন্ত্ৰ আৰু দুৰ্নীতিৰ মাজত৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলত  উত্তৰ-পূব ভাৰতে নিজৰ হৃত গৌৰৱ পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ মোদীৰ দূৰদৰ্শী নীতি আৰু সদিচ্ছাৰ বাবেই অঞ্চলটোৱে এতিয়া ভাৰতৰ বিকাশৰ নতুন ইঞ্জিন হিচাপে আত্মপ্ৰকাশ কৰিছে৷ বিগত ৯ বছৰত সমগ্ৰ দেশতে যি আমূল পৰিৱৰ্তনৰ সূচনা হৈছে, সেই উন্নয়নৰ যাত্ৰাত উত্তৰ-পূৰ্বাঞ্চলেও সমানেই চামিল হৈছে৷ এয়া সম্ভৱ হৈছে মোদীৰ সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সৰকা প্ৰয়াস নীতিৰ বাবে৷ তেওঁ জনজাতীয় লোকসকলৰ সৰ্বাংগীণ উন্নয়ন আৰু সবলীকৰণতো যথেষ্ট গুৰুত্ব আৰোপ কৰিছে৷ এইবাৰৰ বাজেটতো দেশৰ জনজাতীয় লোকসকলৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ বাবে বহুগুণে পুজি বৃদ্ধি কৰা হৈছে৷ মেঘালয়ৰ বুকুত যথেষ্ট শক্তি-সম্ভাবনা আছে, যাৰ বিষয়ে গভীৰভাৱে হৃদয়ংগম কৰিছে বিজেপি চৰকাৰে৷ ৰাস্তা, বিজুলী, বিনামূলীয়া অন্ন, ৰন্ধন গেছ, বাসগৃহ আদিৰ স্থাপন আদিত গুৰুত্ব দি মোদীৰ বলিষ্ঠ নেতৃত্বত এখন আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ দিশত এখন শক্তিশালী মেঘালয় গঢ়ি তোলাৰ বাবে আমি সকলোৱে হাতে হাত ধৰি আগুয়াই যাওঁ৷ ইয়াৰ বাবে বিজেপিৰ পক্ষত ভোটদান কৰিবলৈ সৰ্বস্তৰৰ লোককে মই আন্তৰিকতাৰে আহ্বান জনালোঁ বুলি সৰ্বানন্দ সৰ্বানন্দ সোণোৱাল সদৰি কৰে৷ সভাত দলৰ প্ৰাৰ্থী ৰিয়া চাংমা, অসম বিজেপিৰ কেবাজনো নেতা উপস্থিত থাকে৷