Logo
image

গুৱাহাটীৰ ৰাজপথত ‘খিলঞ্জীয়া’

গুৱাহাটী মহানগৰীৰ পদপথৰ এখন ক্ষুদ্ৰ দোকান৷ নাম ‘খিলঞ্জীয়া’৷ নামটোৱে প্ৰতিজন খিলঞ্জীয়াৰ এতিয়া আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে৷ ‘খিলঞ্জীয়া’ কেৱল এখন পদপথৰ ক্ষুত্ৰ দোকান নহয়, ‘খিলঞ্জীয়া’ হৈ পৰিছে সৃষ্টিশীলতাৰ এক মাধ্যম৷  সৃষ্টিশীললোকে এখন্তেকৰ বাবে আহে খিলঞ্জীয়ালৈ৷  চিত্ৰকলাৰ পৰা আৰম্ভ কৰি  নানা ধৰণৰ থলুৱা সামগ্ৰীৰে আকৰ্ষণীয় কৰি সজাই তোলা হৈছে ক্ষুদ্ৰ দোকানখন৷ ‘খিলঞ্জীয়া’ লৈ গলে আপুনি বহিবলৈ পাব সুন্দৰ সুন্দৰ বাহৰ মুঢ়াত৷ জুতি ল’ব পাৰিব চাহ, জলপান আৰু অসমীয়া থলুৱা খাদ্যৰ৷ ‘খিলঞ্জীয়া’ত ৭ টকাৰ পৰা ৬৯ টকা মূল্যতে ল’ব পাৰিব চাহ, জলপান আৰু অসমীয়া খাদ্যৰ জুতি৷ পেচাত এজন চিভিল ইঞ্জিনীয়াৰ হৈও চাকৰিৰ পৰা অব্যাহতি লৈ জীৱন বিচৰাৰ সন্ধানত উদীয়মান যুৱক চিৰঞ্জীব কাশ্যপে জন্ম দিলে ‘খিলঞ্জীয়া’৷ তেওঁৰ যাত্ৰাপথৰ বিষয়ে ‘আমাৰ অসম’ক এনেদৰে কয়– ‘খিলঞ্জীয়া’ মোৰ এক সপোন৷ ৮ ফেব্ৰুৱাৰীত আমাৰ এই প্ৰচেষ্টাই দুমাহ সম্পূৰ্ণ কৰিলে৷ ২০২২ চনৰ ৮ ডিচেম্বৰত আৰম্ভ কৰিছিলোঁ ‘খিলঞ্জীয়া’৷ ইয়াৰ জৰিয়তে আমাৰ শিপা ধৰি ৰখাৰ প্ৰয়াস কৰিছোঁ৷ পিঠা, লাড়ু, দৈ, চিৰা, কোমল চাউল, পইতা ভাত, বিভিন্ন থলুৱা অসমীয়া খাদ্যৰ জুতি ল’ব পাৰিব খিলঞ্জীয়াত৷ মোৰ পিতৃ টংলাৰ তবলাবাদক মুক্তাৰাম ডেকা, মাতৃ দুলুমণি ডেকা, ভগ্নী হিয়ামণি ডেকাই মোক এই ক্ষেত্ৰত সহায় কৰে৷ পুৱা ৮ বজাৰ পৰা সন্ধিয়ালৈ আমাৰ এই ক্ষুদ্ৰ বিপণীখন সকলোৰে বাবে মুকলি ৰখা হয়৷ মঙলদৈৰ প্ৰতিষ্ঠিত ব্যৱসায়ী এছ আৰ ডেকাৰ সাফল্যই মোক ব্যৱস্যায় কৰিবলৈ অনুপ্ৰেৰণি কৰে৷ মই জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰচেষ্টাত জন্ম লাভ কৰা ‘প্ৰতিধবনী’ দলৰ সৈতেও জড়িত৷ ‘প্ৰতিধবনী’ হৈছে লোকবাদ্য সমূহক জনমানসত জীয়াই ৰখাৰ প্ৰয়াস৷ লগতে আন্ত: ৰ্জাতিক পৰ্যায়ত আৰু থলুৱা বাদ্যযন্ত্ৰক লৈ যোৱাৰ এক প্ৰয়াস৷ মই জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ অনুষ্ঠানবোৰত ঢোল বাদনৰ দায়িত্বত থাকোঁ৷ শৈশৱৰ পৰা মই সাংস্কৃতিক দিশৰ প্ৰতি আকৰ্ষিত হওঁ৷ বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ পৰা সাংস্কৃতিক দিশৰ প্ৰতি আকৰ্ষিত হওঁ৷ পৰৱৰ্তী সময়ত মই গুৱাহাটীৰ ৰাজগড়ত থকা জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ‘অভিনয়া’ৰ পৰা নাটকৰ পাঠ্যক্ৰম গ্ৰহণ কৰোঁ৷ পৰৱৰ্তী সময়ত নতুন দিল্লীস্থ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়লৈ গৈ তাত কেইবাখনো নাটকৰ কৰ্মশালাত অংশগ্ৰহণ কৰোঁ৷ নাটকৰ ক্ষেত্ৰৰ বাহাৰুল ইছলাম, জ্যোতি নাৰায়ণ নাথ, পৱিত্ৰ ৰাভা আদিৰ পৰা যথেষ্টখিনি শিকাৰ সমল লাভ কৰিলোঁ৷ সেইদৰে ঢোলৰ প্ৰশিক্ষণ  সোমনাথ বৰা ওজাৰ পৰা গ্ৰহণ কৰোঁ৷ ঢোল, খোল, নাগাৰা, পেঁপা আদি বজোৱাৰ লগতে মাজে মাজে বিহুগীতো পৰিবেশন কৰোঁ৷ ইতিমধ্যে ৰং আৰু ৰেঙনীৰ জৰিয়তে সম্প্ৰচাৰিত শকুন্তলা, অলকানন্দা, নীলাঞ্জনা, বেহাৰবাৰী আউট পোষ্ট আদিত অভিনয় কৰিছোঁ৷ মই অসমবাসী ৰাইজৰ আশীৰ্বাদত বাদ্যযন্ত্ৰত যুৱ শিল্পীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছোঁ৷ সম্প্ৰতি আমি উজানবজাৰত স্থায়ীভাৱে বসবাস কৰি মনে বিচৰা কামত মনোনিবেশ কৰি আছোঁ৷ গুৱাহাটীৰ ৰজনীকান্ত বৰদলৈ (কচমপলিটান ছাত্ৰাবাসৰ) সমীপত তথা কটন এলাম্‌ নাই ভৱনৰ সন্মুখত থকা ‘খিলঞ্জীয়া’ কটনিয়ানৰ অতি আপোন৷ ইয়াত প্ৰতি সন্ধিয়া শুনিবলৈ পোৱা যায় নানা সুৰৰ লহৰ৷ সংগীত অনুৰাগী সকলে সমবেত হৈ নিজৰ পছন্দৰ বাদ্য বজোৱাৰ লগতে প্ৰিয় গীত পৰিবেশন কৰি মানসিক প্ৰশান্তি লাভ কৰে৷ ইয়াত পথচাৰীয়ে ইতিবাচক আড্ডাৰ মাজতে জন্ম দিয়ে নানা সৃষ্টিশীল কামৰ৷ অসমীয়াই যুৱ প্ৰজন্মই চাকৰিমুখী নোহোৱাকৈ নিজৰ পছন্দৰ কাম কৰিবলৈ কেনেদৰে আগবাঢ়ি পাৰি, যান্ত্ৰিকতাৰ ধাম খুমিয়াত হেৰাই যাবলৈ উপক্ৰম হোৱা নিজৰ পৰম্পৰা, সংস্কৃতি, খাদ্যাভ্যাস জীয়াই ৰখাৰ বাবে জন্ম হৈছে ‘খিলঞ্জীয়া’৷ আবেগ প্ৰৱণ অসমীয়াৰ লগতে বিভিন্ন জাতি, জনগোষ্ঠীক একত্ৰিত প্ৰয়াস কৰিছে ‘খিলঞ্জীয়া’ই৷ ক’ভিড মহামাৰীৰ পাছত আত্মনিৰ্ভৰশীল হোৱাৰ বাবে আত্মবিশ্বাসেৰে আগবাঢ়ি যোৱাৰ বাবে ‘খিলঞ্জীয়া’ই আনিছে ‘আশাৰ বতৰা’৷