Logo
image

পৰীক্ষা আৰম্ভৰ ৮ মিনিটতে ভাইৰেল প্ৰশ্ন, ছেবাৰ অস্বীকাৰ

আমাৰ অসম, ৪ মাৰ্চ: অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবা-এ পৰিচালনা কৰা মেট্ৰিক পৰীক্ষা মানেই যেন বিতৰ্ক৷ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত শুকুৰবাৰৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হয় যদিও পৰীক্ষাৰ প্ৰথমটো দিনেই বিতৰ্কৰ পৰা বাদ নপৰিল৷ ৰাজ্যৰ ৯১২ টা পৰীক্ষা কেন্দ্ৰত ৪ লাখ ২২ হাজাৰ ১৭৪ জন ছাত্ৰ-ছাত্ৰীয়ে শুকুৰবাৰে প্ৰথম দিনা মেট্ৰিকৰ ইংৰাজী বিষয়ৰ পৰীক্ষাত অৱতীৰ্ণ হয়৷ পুৱা ৯ বজাৰ পৰা পৰীক্ষা আৰম্ভ হয় যদিও পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহাৰ  মাত্ৰ ৮ মিনিটৰ পাছতেই কোনোৱে প্ৰশ্নকাকত মোবাইলত ফটো তুলি ছ’চিয়েল মিডিয়া হোৱাটছ এপত ভাইৰেল কৰাৰ অভিযোগ উঠিছে৷ পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি শিক্ষক তথা নিৰীক্ষকলৈ কোনোৱে মোবাইল ফোন লৈ প্ৰৱেশত নিষেধাজ্ঞা থকাৰ পাছতো পৰীক্ষা আৰম্ভ হোৱাৰ ৮ মিনিটৰ পাছতেই কেনেকৈ মোবাইলত প্ৰশ্ন কাকতৰ ফটো তোলা হ’ল, তাক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা লাভ কৰিছে৷ ছ’চিয়েল  মিডিয়াত ভাইৰেল হোৱা ইংৰাজী বিষয়ৰ প্ৰশ্নকাকতখনত মোবাইলেৰে ফটো তোলাৰ সময় পুৱা ৯.০৮ বজা বুলি স্পষ্ট হৈ আছে যদিও ‘ছেবা’ কতৃৰ্পক্ষই ১০.৫৭ বজাত উক্ত সংবাদ লাভ কৰাৰ যুক্তি দি প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগক অস্বীকাৰ কৰিছে৷ স্বাভাৱিকতেই ছেবা কতৃৰ্পক্ষৰ এনে যুক্তিক লৈ ক্ষুণ্ণ হৈ পৰিছে পৰীক্ষাৰ্থী তথা অভিভাৱকসকল৷ প্ৰশ্নকাকত ফাদিল হোৱা বিষয়টোক লৈ ছেবা কতৃৰ্পক্ষই গা এৰা দিব বিচাৰিলেও সমগ্ৰ বিষয়টোৰ তদন্তৰ দাবী জনাইছে সচেতন মহলে৷ অভিযোগ অনুসৰি বৰপেটা জিলাৰ বাঘবৰৰ কোনো পৰীক্ষা কেন্দ্ৰৰ পৰাই পৰীক্ষা আৰম্ভ হোৱাৰ মুহূৰ্তৰ পাছতেই মোবাইলত প্ৰশ্নকাকতৰ ফটো তুলি ভাইৰেল কৰা হৈছিল৷ অৱশ্যে প্ৰশ্নকাকত ফাদিলৰ অভিযোগক নস্যাৎ কৰি ছেবাৰ পৰীক্ষা  নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই সাংবাদিকৰ আগত কয়– ‘ইংৰাজী বিষয়ৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা অভিযোগটো সম্পূৰ্ণ মিছা৷ ভাইৰেল হোৱা প্ৰশ্নকাকত এখনৰ সন্দৰ্ভত আমি ১০ বাজি ৫৭ মিনিটত অভিযোগ লাভ কৰিছিলো৷ ১০.৫৭বজাত প্ৰশ্নকাকত ভাইৰেল হ’লে তাক ফাদিল হোৱা বুলি ক’ব নোৱাৰি৷ কিয়নো পৰীক্ষা আৰম্ভ হয় পুৱা ৯বজাত৷ ৯বজাৰ পূৰ্বে যদি ৮.৫৫ বজাত প্ৰশ্নকাকত ওলাই তাকহে ফাদিল বুলি কোৱা হয়৷ পৰীক্ষাৰ প্ৰায় দুঘণ্টাৰ পাছত অৰ্থাৎ ১০.৫৭ বজাত প্ৰশ্নকাকত বাহিৰ হ’লে তাৰ বাবে ছেবা দায়বদ্ধ নহয়৷ কিয়নো প্ৰশ্নোত্তৰ কৰিব নোৱাৰা ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা কেন্দ্ৰৰ পৰা এঘণ্টাৰ পাছতেই অৰ্থাৎ ১০ বজাত ওলায় যাব পাৰে৷ সেয়েহে ১০ বজাৰ পাছত ওলাই অহা পৰীক্ষাৰ্থীৰ প্ৰশ্নকাকত ৰাজহুৱা হ’লে তাক ফাদিল বুলি ধৰা নহয়৷ বৰপেটা জিলাৰ পৰা এনে অিভযোগ লাভ কৰাত জিলা উপায়ুক্তক তদন্তৰ নিৰ্দেশ দিয়া হৈছে৷ ছেবাই স্পষ্টভাৱে ক’ব বিচাৰে পৰীক্ষা কেন্দ্ৰৰ ভিতৰৰ পৰা প্ৰশ্নকাকত ফাদিল হোৱা নাই৷ তৎসত্ত্বেও ভাইৰেল প্ৰশ্নকাকতখনৰ উৎসৰ সন্ধান উলিয়াবলৈ বৰপেটাৰ বিদ্যালয় পৰিদৰ্শককো নিৰ্দেশ দিছো৷’ ইফালে সামাজিক মাধ্যমত ভাইৰেল হোৱা এখন প্ৰশ্ন কাকতৰ নম্বৰ Subject code : C1-৩০৪৫, B২৩-EN আৰু কিউ আৰ কোড- ৪৪৬৪৮২ বুলি লিখা থকা দেখা গৈছে৷

বাঘবৰৰ এটা পৰীক্ষাকেন্দ্ৰৰ পৰাই ভাইৰেল হৈছিল প্ৰশ্নকাকত

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজি প্ৰথম দিনা অনুষ্ঠিত ইংৰাজী বিষয়ৰ প্ৰশ্নকাকতখন পৰীক্ষাৰ দুঘণ্টা পাছতে বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত মোবাইলে মোবাইলে ভাইৰেল হোৱা ঘটনাই সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ উল্লেখ্য, ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আজিৰে পৰা আৰম্ভ হৈছে৷ সূচী অনুসৰি আজি ইংৰাজী বিষয়ৰ পৰীক্ষা৷ পুৱা ৯ বজাৰ পৰা ৰাজ্যৰ পৰীক্ষা কেন্দ্ৰসমূহত পৰীক্ষা আৰম্ভ হয়৷ কিন্তু দুপৰীয়া প্ৰায় ১১ বজাত বৰপেটা জিলাৰ বাঘবৰৰ এটা পৰীক্ষা কেন্দ্ৰৰ পৰা ইংৰাজী বিষয়ৰ প্ৰশ্নকাকতখনৰ এটা অংশ একাংশ লোকৰ মোবাইলৰ জৰিয়তে ভাইৰেল হৈ পৰে৷ অৱশ্যে বাঘবৰৰ কোন পৰীক্ষা কেন্দ্ৰৰ পৰা প্ৰশ্নকাকতৰ অংশ বিশেষ ভাইৰেল হৈছে সেই সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰা হয় যদিও সঠিক তথ্য পোহৰলৈ অহা নাই৷ পৰীক্ষা আৰম্ভ হোৱাৰ দুঘণ্টাত পাছত কোনো পৰীক্ষাৰ্থীয়ে পৰীক্ষা হলৰ পৰা ওলাই আহি প্ৰশ্নকাকতখন ভাইৰেল কৰিব পাৰে বুলিও একাংশই সন্দেহ প্ৰকাশ কৰিছে৷ পৰীক্ষা আৰম্ভ হোৱাৰ দুঘণ্টা পাছত জিলাখনত মোবাইলত প্ৰশ্নকাকত ফাদিল হোৱা বুলি এক প্ৰচাৰ আৰম্ভ হৈছিল যদিও এই কথা অস্বীকাৰ কৰিছে কতৃৰ্পক্ষই৷ ইপিনে পৰীক্ষা কেন্দ্ৰসমূহত যাতে প্ৰশ্নকাকত ফাদিল অথবা নকলৰ পয়োভৰ ঘটিব নোৱাৰে তাৰ বাবে প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে আৰক্ষী,অৰ্ধ-সামৰিক বাহিনীৰ লোক মোতায়েন কৰা হয়৷ তাৰ মাজতে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰাৰ বাবে বৰপেটা জিলাত প্ৰথম দিনাই ৩৩ জন পৰীক্ষাৰ্থী বহিস্কৃত হ’বলগা হয়৷ বৰপেটা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, বৰপেটাৰ পাকা বেতবাৰীৰ বি কে ৱাহেদ আলী হাইস্কুলৰ ২ জন, বাগোদী হাইস্কুলৰ৪ জন, বালিকুৰি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ ২ জন, বামুণদংৰা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ ৬ জন, দাতিৰবড়ি কাৰাগাড়ি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ ২ জন, ধাকালীয়াপাৰা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ ৩ জন, মাজগাওঁ এইচ জি এণ্ড নৱজ্যোতি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ ৪ জন, নগাঁও শিক্ষা মন্দিৰ হাইস্কুলৰ ৩ জন, পাকা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ ২জন আৰু পালহাজী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ ৫জন পৰীক্ষাৰ্থীক বহিস্কৃত কৰা হয়৷ ইপিনে, শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপাযুক্ত লখিমী দত্তই জিলাখনৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰত গৈ বুজ লয়৷ সকলো পৰীক্ষা কেন্দ্ৰত শান্তিপূৰ্ণভাৱে পৰীক্ষা অনুষ্ঠিত হোৱা বুলিও বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে৷

পৰীক্ষাৰ প্ৰশ্নকাকতক লৈ চলিছে চিণ্ডিকেটঃ গৌৰৱ গগৈ

গোলাঘাট জিলাৰ কলিয়াবৰ লোকসভা সমষ্টিৰ অধীনৰ দৈগ্ৰোঙত শুকুৰবাৰে গৌৰৱ গগৈ উপস্থিত হৈ ক্ষুৰধাৰ সমালোচনা কৰে বিজেপি নেতৃত্বাধীন চৰকাৰখনক৷  অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ পৰা আৰম্ভ কৰি বিভিন্ন বিষয়ত বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে৷ এইখন চৰকাৰে এটা পৰীক্ষাও সুকলমে পাতিব নাজানে৷ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত কয় যে যদি চৰকাৰে বিচাৰে প্ৰশ্নকাকত ফাদিল হোৱা বন্ধ কৰিব পাৰে৷ কিন্তু এইখন চৰকাৰে কেৱল চিণ্ডিকেট চলাইছে৷ আমি কয়লা চিণ্ডিকেট শুনিছোঁ, বালি চিণ্ডিকেট শুনিছোঁ, শিলৰ চিণ্ডিকেট শুনিছোঁ কিন্তু বিজেপিৰ চৰকাৰ হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে প্ৰশ্নকাকতৰ চিণ্ডিকেট দেখা পাইছোঁ আৰু শুনিছোঁ বুলি বিস্ফোৰক মন্তব্য কৰে৷ ইফালে আইন প্ৰণয়নৰ ক্ষেত্ৰত কয় যে আজিৰ তাৰিখত চৰকাৰে কয় যে আইন উলংঘা কৰিলে তেওঁৰ ওপৰত চৰকাৰে কঠোৰ ব্যৱস্থা ল’ব৷ কিন্তু তেওঁলোকক মই সুধিব বিচাৰোঁ যে তেওঁলোক কংগ্ৰেছত থাকোঁতে তেওঁলোকে কিমান আইন উলংঘা কৰিলে, তেওঁলোকে নিজে বাচিবলৈ বিজেপিত যোগদান কৰিছে৷ লুইছ বাৰ্জাৰ, সাৰদা কেলেংকাৰিৰ প্ৰসংগও তানিলে সাংসদজনে৷ আইনৰ কথা কোৱাসকলে আইনাত নিজৰ চেহেৰা চাব লাগে বুলিও মন্তব্য কৰে৷ দৈগ্ৰোঙত উপস্থিত হৈ সাংসদজনে ব্যৱসায়ীসকলৰ সৈতে হাত চে হাত জোড়ো কাৰ্যসূচীৰ অংশ হিচাপে কেলেণ্ডাৰ আৰু এখনকৈ পত্ৰ প্ৰদান কৰে দৈগ্ৰোং বজাৰ এলেকাৰ ব্যৱসায়ীসকলক৷ উক্ত কাৰ্যসূচীত সাংসদজনক সংগ দিয়ে সৰুপথাৰ সমষ্টিৰ প্ৰাক্তন বিধায়িকা ৰ’জলিনা তিৰ্কীসহ বহুকেইজন কংগ্ৰেছী নেতা-সদস্যই৷