Logo
image

ড্ৰাগছ আসক্ত আকাশৰ নৃশংস কাণ্ডঃ দাৰে ঘপিয়াই প্রেমিকাক হত্যাৰ চেষ্টা

ডিজিটেল সংবাদ, লিডুঃ মাৰ্ঘেৰিটাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা৷ উদণ্ড প্ৰেমিকে হত্যাৰ চেষ্টা চলালে প্ৰেমিকাক৷ জানিব পৰা মতে দেওবাৰে নিশা মাৰ্ঘেৰিটা নগৰত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা৷ আকাশ দত্ত নামৰ যুৱকজনে দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলাই প্ৰেমিকাক৷ নিশা প্রায় ১০:৪৫ বজাত আকাশে পাছফালৰ পৰা প্ৰেমিকাক দাৰে আক্ৰমণ কৰে৷ এই বৰ্বৰ আক্ৰমণত ডিঙি, মুৰ আৰু হাতত যথেষ্ট আঘাত পাই যুৱতীগৰাকীয়ে৷ ততালিকে তেওঁক চিকিৎসালয়লৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে ডিব্রুগড়লৈ প্রেৰণ কৰা হয়৷ 

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱতীগৰাকী বৰ্তমান ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে ৷ প্ৰেমিক আকাশ দত্ত এজন ড্ৰাগছ আসক্ত যুৱক বুলি জানিব পৰা গৈছে।নিচাত মাতাল হৈ যুৱজনে এই ঘটনা সংঘটিত কৰা বুলি অভিযোগ উঠিছে৷ যুৱতীগৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি যুৱকজনে পূৰ্বেও আক্ৰমণ কৰিছিল যুৱতীগৰাকীক৷ ইফালে এই ঘটনা সংঘটিত কৰি পলায়ন কৰে প্ৰেমিক আকাশ দত্ত। গুৰুতৰভাৱে আহত প্রিয়ংকা নামৰ যুৱতীগৰাকী বৰ্তমানে মৃত্যুৰ সৈতে যুঁজি আছে চিকিৎসালয়ত৷ মাৰ্ঘেৰিটা আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও এইপৰ্যন্ত যুৱকজনৰ সন্ধান উলিয়াব পৰা নাই৷  স্থানীয় লোকে যুৱকজনক শীঘ্রে গেপ্তাৰ কৰি শাস্তি প্রদানৰ দাবী জনাইছে৷