Logo
image

কিয় কাৰ্যকৰী হোৱা নাই শিক্ষাৰ অধিকাৰ আইন

প্ৰাথমিক শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক কৰাৰ উদ্দেশ্যে দেশত প্ৰযোজ্য হৈছিল শিক্ষাৰ অধিকাৰ আইন-২০০৯৷ ইয়াৰ পূৰ্বেও সকলোৰে বাবে শিক্ষাক কাৰ্যকৰী কৰাৰ লক্ষ্যৰে ৬ বছৰৰ পৰা ১৪ বছৰ পৰ্যন্ত ছাত্ৰ-ছাত্ৰীৰ বাবে সৰ্বশিক্ষা নামৰ এক বিয়াগোম আঁচনি তদানীন্তন কংগ্ৰেছ চৰকাৰে কাৰ্যকৰী কৰিছিল৷ লক্ষণীয়ভাৱে দেশ স্বাধীন হোৱাৰ পূৰ্বেও ব্ৰিটিছ শাসিত ভাৰতত বহুকেইজন শিক্ষাবিদ, সমাজসেৱী লোকে দেশৰ ভৱিষ্যত প্ৰজন্মক সম্পদৰূপে গঢ়াৰ লক্ষ্যৰে প্ৰাথমিক শিক্ষাক বিনামূলীয়া আৰু সাৰ্বজনীন কৰাৰ বাবে ব্ৰিটিছ চৰকাৰক দাবী জনাইছিল৷ ব্ৰিটিছৰ আমোলত সেয়া সম্ভৱটো নহ’লেই, আনকি দেশত নিজৰ চৰকাৰ গঠন হোৱাৰ বহু বছৰৰ পিছলৈকে এই দিশটোক কোনো চৰকাৰেই গুৰুত্ব নিদিলে৷ পৰৱৰ্তী পৰ্যায়ত সৰ্বশিক্ষাৰ যোগেদি বহু ছাত্ৰ-ছাত্ৰীক বিদ্যালয়লৈ অনাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ মৰ্মে এই ক্ষেত্ৰত কিছু সফলতা অৰ্জন কৰিছিল যদিও বহুসংখ্যক ছাত্ৰ-ছাত্ৰী স্কুলীয়া শিক্ষাৰ পৰা বঞ্চিত হৈয়ে থাকিল৷ কিন্তু শিক্ষাৰ অধিকাৰ আইন-২০০৯ৰ পাছত পৰ্যায়ক্ৰমে দেশৰ বিভিন্ন ৰাজ্যই প্ৰাথমিক শিক্ষাক সাৰ্বজনীন আৰু বিনামূলীয়া কৰি শিক্ষাৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰীক বিদ্যালয়লৈ অনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হ’ল৷ উল্লেখ্য শিক্ষা আইন-২০০৯ৰ ১২[১]চি ধাৰা অনুসৰি এই কথাও নিশ্চিত কৰা হ’ল যে বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীক কেৱল চৰকাৰী মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰিব পৰাটো সম্ভৱ নহ’ব, সেয়েহে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে মুঠ আসনৰ ২৫ শতাংশ সমাজৰ পিছপৰা, দৰিদ্ৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষিত কৰিব৷ কিন্তু কাৰ্যত সেয়া বাস্তৱায়িত নহ’ল বিগত দুটা দশকতোক্ক শিক্ষা অধিকাৰ আইন-২০০৯ক সম্পূৰ্ণ অংগুষ্ঠ প্ৰদৰ্শন কৰি অসমৰ গৰিষ্ঠসংখ্যক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে ২৫ শতাংশটো বাদেই সামান্যতম আসনো সংৰক্ষিত নকৰিলে দুখীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি বিগত কেইবা দশকৰ আগৰ পৰা দেশৰ আন প্ৰান্তৰ দৰে অসমতো নগৰে-চহৰে, গাঁৱে-ভূঁঞে গঢ় লৈ উঠিল অসংখ্য ইংৰাজী মাধ্যমৰ বিদ্যালয়৷ ব্যক্তিগত মালিকানাধীন বা পুঁজিপতি গোষ্ঠীৰ নিয়ন্ত্ৰণত থকা এই বিদ্যালয়সমূহত লক্ষ লক্ষ অভিভাৱকে নিজৰ সন্তানক নামভৰ্তি কৰিলে৷ ক্ৰমান্বয়ে মধ্যবিত্তৰ লগতে নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকেও যেনতেন প্ৰকাৰেণ সন্তানক এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰাৰ বাবে অভাৱনীয় হাৰত অসমৰ ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ সংখ্যা বৃদ্ধি পালে৷ শিক্ষা অতি লাভজনক ব্যৱসায়ৰূপে পৰিগণিত হোৱাৰ বাবেও এই ব্যৱসায় কৰিবলৈ এচাম উঠিপৰি লাগিল৷ অৱশ্যে এই কাৰ্যত ইন্ধন যোগালে চৰকাৰৰ নিয়ন্ত্ৰণত থকা অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ অৱনমিত মানেদণ্ডই৷ তেনে এক পৰিস্থিতিৰ মাজতে সামাজিকভাৱে দায়বদ্ধ এচাম লোকৰ প্ৰচেষ্টাত গুণগত মানৰ অসমীয়া মাধ্যমৰ কিছু বিদ্যালয় গঢ় লৈ উঠিছে যদিও তেনে বিদ্যালয়ৰ সংখ্যা আজিৰ দিনতো নিেচই তাকৰ৷ ইফালে চৰকাৰ নিয়ন্ত্ৰিত বহু বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা, শিক্ষক-ছাত্ৰৰ অনুপাত আশাপ্ৰদ নোহোৱাৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাতে বন্ধ কৰা হৈছে বহু অসমীয়া মাধ্যমৰ বিদ্যালয়৷ বৰ্তমানৰ ৰাজ্য চৰকাৰে ইয়াৰ মাজতে চৰকাৰৰ নিয়ন্ত্ৰণত চিবিএছই স্কুল, বাগিচা অঞ্চলত মডেল স্কুল আদি স্থাপন কৰি শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷

তাৎপৰ্যৰ বিষয় বৰ্তমানৰ চৰকাৰে চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহৰ পৰিচালনাত বিশেষ গুৰুত্ব আৰোপ কৰি বহুবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও ব্যক্তিগত খণ্ডৰ পৰিচালনা, নিয়ন্ত্ৰণত অৱহেলা কৰি আহিছে যি সামগ্ৰিকভাৱে শিক্ষাৰ অগ্ৰগতিত নেতিবাচক প্ৰভাৱ বিস্তাৰ কৰিছে৷ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বিকাশ আজিৰ দিনত এক অৱধাৰিত প্ৰক্ৰিয়া৷ কিন্তু এইবোৰ বিদ্যালয়ৰ শিক্ষক নিযুক্তি, প্ৰশিক্ষণ, শিক্ষকৰ দৰমহা, ছাত্ৰ-শিক্ষকৰ অনুপাত, পৰীক্ষা-পৰিচালন আদি বিভিন্ন দিশসমূহত চৰকাৰ সম্পূৰ্ণ উদাসীন৷ ব্যক্তিগত খণ্ডৰ অধিকাংশ বিদ্যালয়ে নিজা খিয়াল-খুচি মতে ছাত্ৰ-ছাত্ৰীৰ পৰা ফীজ আদায় কৰে৷ বিভিন্ন অনুষ্ঠান উদ্‌যাপন, ইউনিফৰ্ম, ছাত্ৰ-ছাত্ৰীৰ শিক্ষামূলক ভ্ৰমণ আদিৰ নামত বহু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ কতৃৰ্পক্ষই অভিভাৱকৰ পৰা আদায় কৰে ব্যাপক পৰিমাণৰ ধন৷ আনকি চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ পৰা ফীজ সংগ্ৰহ কৰাৰ বাবে নিৰ্দেশনা দিলেও এই বিদ্যালয়সমূহে কৰ্ণপাত নকৰে৷ শিক্ষা আইন-২০০৯ত দিয়া নিৰ্দেশক আজি পৰ্যন্ত অনুসৰণ নকৰি ২৫ শতাংশ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক নামভৰ্তি নকৰাৰ পাছতো চৰকাৰ মৌন হৈ থাকিল৷ অৱশেষত উচ্ছ ন্যায়ালয়ে ২০২৩-২৪ চনৰ শিক্ষাবৰ্ষৰ পৰা দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া নামভৰ্তি কৰাৰ প্ৰক্ৰিয়া কাৰ্যকৰী কৰাৰ বাবে নিৰ্দেশ দিবলৈ বাধ্য হৈছে৷ প্ৰণিধানযোগ্য, ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০তো ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ ক্ষেত্ৰতো বহু নিৰ্দেশনা জাৰি কৰা হৈছে আৰু¸ নতুন শিক্ষানীতিক ২০২৩ চনৰ পৰা কাৰ্যকৰী কৰাৰ বাবে বদ্ধপৰিকৰ অসম চৰকাৰে এইবোৰ কিমান কাৰ্যকৰী কৰিব সেয়া প্ৰশ্নৰ বিষয় হৈ পৰিছে৷