Logo
image

বিজেপিয়ে ভয়-ভাবুকি প্ৰলোভন দিয়াৰ অভিযোগ মীৰাৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ এপ্ৰিল : ‘বিজেপিয়ে মহিলাসকলক বিজেপিত ভোট দিবলৈ ভয়-ভাবুকি দিছে৷ বিজেপিক ভোট নিদিলে বুলড’জাৰ লগাম, আঁচনি কাটি দিয়া হ’ব আদি ভাবুকি দিছে৷ পলাশবাৰী, ছয়গাঁও, দিছপুৰ আদি সমষ্টিত এনে কৰা হৈছে৷ এই সন্দৰ্ভত আজি নিৰ্বাচন আয়োগক লিখিতভাৱে জনোৱা হৈছে৷’– এই মন্তব্য গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ৷ বৃহস্পতিবাৰে এক সংবাদমেলত বিজেপিৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ লগতে বৰঠাকুৰে কয়– পুৰুষ সমাজ, যুৱ সমাজ, ব্যৱসায়ী সমাজ সকলোৱে এতিয়া বদ্ধপৰিকৰ হৈছে৷ ভোট এইবাৰ সংবিধান ৰক্ষাৰ স্বাৰ্থত দিম বুলি পণ লৈছে৷ কিন্তু মহিলা সমাজক ভয় আৰু ভীতিগ্ৰস্ত কৰা হৈছে৷ বিজেপিৰ পক্ষত ভোট দিবলৈ মহিলাসকলক শপত খুৱাইছে৷ বলপ্ৰয়োগ কৰা হৈছে৷ মহিলাসকলক মই আহ্বান জনাইছো যে ভয় আৰু ভীতিগ্ৰস্ত নহৈ সংবিধান ৰক্ষাৰ স্বাৰ্থত ভোট দিয়ক৷ বিজেপিয়ে সমষ্টিসমূহত ৪জন ৬জন নেতাক নমাইছে৷ কিন্তু সেইসকল অহংকাৰী নেতাক ৰাইজে প্ৰত্যাখ্যান কৰিছে৷ এইবাৰ যদি নৰেন্দ্ৰ মোদী শাসনত আহে সাধাৰণ নাগৰিকসকল কৰ্পোৰেট গোষ্ঠীৰ শ্ৰমিক হৈ যাব৷ বিএলঅ’সকলে ভোট ক’ত দিব সেই স্থান নিৰ্ধাৰণ কৰি দিবলৈও বৰঠাকুৰে লগতে নিৰ্বাচন আয়োগক আহ্বান জনায়৷

মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত মীৰা বৰঠাকুৰৰ নিৰ্বাচনী প্ৰচাৰ

‘আমাৰ অসম’ৰ প্ৰতিনিধি, আমিনগাঁও : ৭ মে’ত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰে ক্ৰমান্বয়ে তীব্ৰতৰ কৰি তুলিছে তেওঁৰ নিৰ্বাচনী প্ৰচাৰ৷ আজি কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে জালুকবাৰী সমষ্টিৰ উত্তৰ গুৱাহাটী অভয়পুৰত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাকে আদি কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে ৰাজনৈতক সুৰক্ষাৰ স্বাৰ্থত বিজেপিৰ বিপক্ষে ৰাইজক ভোটদান কৰিবলৈ আহ্বান জনায়৷ তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিচ্ছবিৰে মোৰ ভাৰত বুলি লগোৱা হ’ৰ্ডিং আমাৰ ভাৰত কৰিবলৈ ৰাইজে কংগ্ৰেছৰ সপক্ষে ভোট দিব লাগিব৷ বিজেপি চৰকাৰে যিমানেই ভয় ভাবুকি প্ৰদান নকৰক কিয় জালুকবাৰী সমষ্টিৰ ৰাইজৰ নিজাকৈ সিদ্ধান্ত ল’ব পৰা সজাগ আৰু সাহসী ভোটাৰ আছে৷ বিগত নিৰ্বাচনতো কংগ্ৰেছৰ সপক্ষে যথেষ্ট ভোটাৰে ভোট প্ৰদান কৰি আহিছে এইবাৰো ভোটাৰে গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত বিজেপিৰ বিপক্ষে ভোটদান কৰিব৷ গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পত্নীকো তীব্ৰ ভাষাৰে সমালোচনা কৰে৷ বিগত নিৰ্বাচনত ৰাইজক প্ৰদান কৰা প্ৰতিশ্ৰুতি এতিয়া ক’ত গ’ল বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে সম্প্ৰতি মূল্যবৃদ্ধিয়ে ৰাইজক কোঙা কৰি পেলাইছে৷ বজাৰত যাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে সৰ্বসাধাৰণ ৰাইজৰ৷ আজিৰ এই নিৰ্বাচনী সভাত উপস্থিত থকা কংগ্ৰেছ দল অসমৰ প্ৰশাসনিক সাধাৰণ সম্পাদক বিপুল গগৈয়ে বক্তব্যত উল্লেখ কৰে যে গুণী জ্ঞানী, সকলো যোগ্যতাৰে পৰিপুষ্ট অসমীয়া নাৰীৰ প্ৰতীক মীৰা বৰঠাকুৰে সন্মানীয় গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াছে সেয়েহে সকলো ৰাইজে ভোট প্ৰদান কৰি মীৰা বৰঠাকুৰক জয়যুক্ত কৰিব লাগে৷ কোনোদিনে আপোচ নকৰা মীৰা বৰঠাকুৰে সদায় ৰাইজৰ স্বাৰ্থত সাৱলীলভাৱে মাত মাতি আহিছে৷ বিপুল গগৈয়ে বিজেপি চৰকাৰৰ দিনত হোৱা মূল্যবৃদ্ধিৰ তীব্ৰ সমালোচনা কৰি বক্তব্য প্ৰদান কৰে৷ নিৰ্বাচনী সভাত উপস্থিত থকা ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাফেল হুছেইনে বিজেপি চৰকাৰৰ লাখপতিকে আদি কৰি বিভিন্ন আঁচনিসমূহৰ তীব্ৰ সমালোচনা কৰি কয়– প্ৰধানমন্ত্ৰী মোদীৰ গেৰাণ্টী আজি ক’ত গ’ল৷ বিগত লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰীয়ে কৈছিল ১৬ মে’ৰ পিছত সকলো বিদেশীয়ে টালি টোপোলা বান্ধিব লাগিব, ক’লাধন ওভতাই আনি সকলোৰে একাউণ্টত ১৫ লাখ কৈ টকা ভৰাই দিয়া হ’ব৷ এতিয়া ক’ত গ’ল প্ৰধানমন্ত্ৰীৰ সেই গেৰাণ্টী৷ বিজেপি চৰকাৰে ৰাইজক কেৱল প্ৰতাৰণাৰ বাহিৰে বেলেগ একোই নিদিলে৷ অহা ৭ মে’ত হ’ব লগা নিৰ্বাচনত ৰাইজে এই প্ৰতাৰণাৰ সঠিক উত্তৰ নিজৰ ভোটদানেৰে সাব্যস্ত কৰিবলৈ ৰাইজলৈ আহ্বান জনায়৷ বিজেপি চৰকাৰৰ শূন্যসহনশীলতাৰ ওপৰতো ৰাইজৰ দলৰ সম্পাদকগৰাকীয়ে বক্তব্য প্ৰদান কৰি তীব্ৰ সমালোচনা কৰে৷ গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক গুণজিত পাঠকে সঞ্চালনা কৰা সভাত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ অনুসুচিত জাতি ব’ৰ্ডৰ উপাধ্যক্ষ মানস হাজৰিকাৰ লগতে কংগ্ৰেছ দলৰ জে্যষ্ঠ নেতা জীয়াউৰ ৰহমান, প্ৰাঞ্জল বুঢ়াগোহাঁই, বাপুকন আলী, কুলদীপ বৰুৱা বালিকা লাহন পেগুকে আদি কৰি বহু দলীয় কৰ্মী উপস্থিত থাকে৷

এয়া দেশ-সংবিধান সুৰক্ষিত ৰখাৰ নিৰ্বাচন : গৌৰৱ গগৈ

‘আমাৰ অসম’ৰ নগৰবেৰা আৰু গোৱালপাৰাৰ প্ৰতিবেদক : ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ৷ আজি ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ চেঙাৰ বাঘমাৰাচৰত গৌৰৱ গগৈয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বিপৰীতে সমষ্টিটোৰ বৰ্তমানৰ সাংসদ তথা এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে পূব গোৱালপাৰা সমষ্টিৰ সূতাৰপাৰাত নিৰ্বাচনী প্ৰচাৰ চলায়৷ হেলিকপ্টাৰযোগে চেঙাৰ বাঘমাৰাচৰত ৰকিবুল হুছেইনৰ নিৰ্বাচনী সভাত উপস্থিত হৈ গৌৰৱ গগৈয়ে বিজেপি আৰু এ আই ইউ ডি এফক তীব্ৰ সমালোচনা কৰে৷ তেওঁ কয়– এইবাৰৰ নিৰ্বাচন কংগ্ৰেছৰ নিৰ্বাচন নহয়, এইবাৰৰ নিৰ্বাচন দেশৰ সংবিধান তথা দেশ ৰক্ষা কৰাৰ নিৰ্বাচন৷ এইবাৰৰ নিৰ্বাচনক স্বাধীন ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচনক বুলি অভিহিত কৰি ৰাইজক বহু ভাবি চিন্তি ভোট দিবলৈ আহ্বান জনায় গৌৰৱ গগৈয়ে৷ এইবাৰৰ নিৰ্বাচনত ৰাইজে ভুল সিদ্ধান্ত ললে নিজৰ লগতে দেশৰ ক্ষতি হব৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি গৌৰৱ গগৈয়ে কয় যে, বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি একেই৷ দুয়োজনে সাম্প্ৰদায়িক ৰাজনীতিত পাকৈত৷ তেওঁ কয়– অসমৰ ৰাজনীতিত যিমানদিন বদৰুদ্দিন আজমল বৰ্তি থাকিব সিমানদিনে বিজেপি শাসনত থাকিব৷ সেয়ে দেশ ৰক্ষাৰ স্বাৰ্থত এইবাৰ কংগ্ৰেছক ভোট দিবলৈ আহ্বান জনায় গৌৰৱ গগৈয়ে৷ ইপিনে ঈদৰ দিনা গৌৰৱ গগৈয়ে নামাজ পঢ়াক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলে কৰা সমালোচনাৰ প্ৰত্যুত্তৰত তেওঁ কয়– প্ৰতিটো ঈদতেই গৌৰৱ গগৈয়ে নামাজ পঢ়িব৷ সম্ভৱত গণতন্ত্ৰ ৰক্ষাৰ বাবে এইটোৱেই হব শেষ নিৰ্বাচন৷ ধুবুৰী লোকসভাৰ পৰা বদৰুদ্দিন আজমলক পৰাজিত কৰি ৰকিবুল হুছেইনক জয়ী কৰালে ২০২৬ত দিছপুৰত কংগ্ৰেছৰ চৰকাৰ হব বুলিও কয় গৌৰৱ গগৈয়ে৷ হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ সাম্প্ৰদায়িক ৰাজনীতি ওফৰাই সম্প্ৰীতিৰ ৰাজনীতি কৰা কংগ্ৰেছক ভোট দিবলৈ আহ্বান জনায় গগৈয়ে৷ ইপিনে অসমত চাকমা শৰনাৰ্থীসকলক সংস্থাপন কৰাক লৈ চলা বিতৰ্ক সন্দৰ্ভত গৌৰৱ গগৈয়ে কয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰে এই ক্ষেত্ৰত স্থিতি স্পষ্ট কৰক৷ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুক একলগে বহুৱাই অসমৰ ৰাইজে ইয়াৰ উত্তৰ বিচাৰিছে৷ কংগ্ৰেছে অসমত শান্তি প্ৰতিষ্ঠা কৰিব বিচাৰিছে যদিও বিজেপিয়ে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত বিভেদ সৃষ্টি কৰিব বিচাৰিছে৷ সভাত ৰকিবুল হুছেইন, কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, এ কে ৰছিদ আলম, আব্দুৰ ৰহিম আহমেদ প্ৰমুখ্যে কেইবাজনো নেতাই ভাষণ প্ৰদান কৰে৷ ইপিনে ধুবুৰী লোকসভা সমষ্টিৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে বৃহস্পতিবাৰে গোৱালপাৰা পূব সমষ্টিৰ সূতাৰপাৰাত এক নিৰ্বাচনী সভাত ভাষণ দি কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনক তীব্ৰ সমালোচনা কৰে৷ তেওঁ কয়– এইবাৰৰ নিৰ্বাচনত ভোট হব গড় হত্যা আৰু মানুহৰ মাজত৷ নিজৰ ভাষণত তেওঁ ৰকিবুল হুছেইনক জালিম আখ্যা দিয়ে বদৰুদ্দিন আজমলে৷ ইপিনে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত নগাঁও সমষ্টিত এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলাম জয়ী হব বুলি দৃঢ়তাৰে কয় বদৰুদ্দিন আজমলে৷ ধুবুৰীত ৰকিবুলৰ সৈতে বদৰুদ্দিন আজমলৰ কোনো প্ৰতিদ্বন্দ্বিতা নহ’ব বুলি তাচ্ছিল্য কৰে আজমলে৷ ৰকিবুল হুছেইন আৰু প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মুছলমানসকলৰ বাবে কৰা ক্ষতিৰ যোগ্য প্ৰত্যুত্তৰ দিব বুলিও কয় আজমলে৷ সূতাৰপাৰা কলেজ খেলপথাৰত অনুষ্ঠিত সভাত সহস্ৰাধিক লোক উপস্থিত থাকে৷ গোৱালপাৰা জিলা এ আই ইউ ডি এফৰ সভাপতি আবুল কালাম হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভাত কংগ্ৰেছ ত্যাগ কৰি কেইবাজন লোকে এ আই ইউ ডি এফত যোগদান কৰে৷ সভাত দলৰ বিধায়ক হাফিজ বছিৰ আহমদ কাছিমী, মজিবুৰ ৰহমান, জেহেৰুল ইছলাম বাদশ্বাহে ভাষণ প্ৰদান কৰে৷