Logo
image

তৃতীয়বাৰৰ বাবে মহাকাশলৈ সুনীতা

নতুন দিল্লী, ২৬ এপ্ৰিল: তৃতীয়বাৰৰ বাবে মহাকাশলৈ যাত্ৰা কৰিবলৈ ওলাইছে ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উলিয়াম্‌ছ৷ অহা ৬ মে’ত তেওঁ নাছাৰ মহাকাশ যানেৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ গৱেষণা কেন্দ্ৰ অভিমুখে উৰা মাৰিব৷ তৃতীয়বাৰৰ বাবে কৰিবলগা এই মহাকাশ যাত্ৰাত সুনীতা উইলিয়াম্‌ছৰ সংগী হ’ব বুশ্ব উইলম’ৰ নামৰ আন এজন মহাকাশচাৰী৷ নাছাই সদৰী কৰা মতে মহাকাশচাৰী দুগৰাকীয়ে ৬ মে’ত ফ্ল’ৰিডাৰ কেপ কানাভেৰালৰ পৰা এখন ব’য়িং ষ্টাৰলাইনাৰ এয়াৰ ক্ৰাফ্‌টেৰে উৰা মাৰিব৷ মহাকাশত তেওঁলোক প্ৰায় দুসপ্তাহ থাকিব৷ ইতিমধ্যে দুয়োগৰাকী মহাকাশচাৰীয়ে যাত্ৰাৰ বাবে সাজু হৈ উঠিছে৷ উল্লেখ্য, ইতিমধ্যে দুবাৰকৈ মহাকাশ যাত্ৰা কৰা ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়াম্‌ছক নাছাই ১৯৯৮ চনত মহাকাশ যাত্ৰাৰ বাবে বাছনি কৰিছিল৷ ২০০৬ চনৰ ৯ ডিচেম্বৰত তেওঁ প্ৰথমবাৰৰ বাবে মহাকাশলৈ উৰা মাৰি ২০০৭ চনৰ ২২ জুনলৈ মহাকাশত কটায়৷ সেইবাৰ তেওঁ মহাকাশত ফ্লাইট ইঞ্জিনিয়াৰৰ দায়িত্ব পালন কৰিছিল৷ ইয়াৰ পাছত তেওঁ দ্বিতীয়বাৰৰ বাবে ২০১২ চনৰ ১৪ জুলাইত মহাকাশ যাত্ৰা কৰি একেটা বছৰৰ ১৮ নৱেম্বৰত পৃথিৱীলৈ উভতি আহে৷ সেইবাৰ তেওঁ মহাকাশত ১২৭ দিন কটায়৷ সেই অনুসৰি পূৰ্বৰ দুয়োটা অভিযান কালত তেওঁ মুঠ ৩২২ দিন মহাকাশত কটায়৷