Logo
image

চীনত কীট-পতংগৰ বৰষুণ! বিশ্বত চাঞ্চল্য

আমাৰ অসম, ১৩ মাৰ্চঃ পুনৰ বাতৰিৰ শিৰোনামলৈ আহিছে চীন৷ কৰ’না নহয়, এইবাৰ কীট-পতংগৰ বৰষুণক লৈ বাতৰিৰ শিৰোনাম হৈ পৰিছে দেশখন৷ ছ’চিয়েল মিডিয়াত চীনত হোৱা কীট-পতংগৰ বৰষুণৰ এটা ভিডিঅ’ও ভাইৰেল হৈ পৰিছে৷ য’ত দেখা গৈছে বৰষুণৰ সৈতে জাকে জাকে আকাশৰ পৰা কীট-পতংগ সৰি পৰা দৃশ্য৷ বেইজিঙত সংঘটিত হৈছে এই ঘটনা৷ ভিডিঅ’টোত দেখা গৈছে বৰষুণৰ সৈতে আকাশৰ পৰা সৰি পৰা কীট-পতংগই ঢাকি ধৰা বাট-পথৰ  লগতে পথৰ দাঁতিত ৰাখি থোৱা বাহন আৰু অট্টালিকাৰ ছাদসমূহ৷ শিহৰণকাৰী এই ঘটনাৰ পৰা ৰক্ষা পাবলৈ পথাচাৰীসকলক আনকি ছাতি মেলি লোৱাও দেখা গৈছে ভিডিঅ’টোত৷ পিছে ক’ৰ পৰা এনেদৰে জাকে জাকে কীট-পতংগসমূহ বৰষুণৰ সৈতে নামি আহিছে, সেই বিষয়ে জানিব পৰা হোৱা নাই৷ অৱশ্যে বিজ্ঞানভিত্তিক আলোচনী ‘মাদাৰ নেচাৰ নেটৱৰ্কে’ এই বিষয়ে এক ব্যাখ্যা আগবঢ়াইছে৷ আলোচনীখনৰ মতে জাকে জাকে সৰি পৰা কীট-পতংগসমূহ প্ৰথমতে মাটিৰ তলৰ পৰাই ওলাই আহিছিল৷ পাখি গজি ওলাই অহা  কীট-পতংগসমূহক এটা সময়ত প্ৰৱল বতাহে আকাশলৈ উৰুৱাই নিয়ে৷ আকাশত উৰি থকা পোক-পতংগসমূহ পাছত বৰষুণত তিতি পাখি গধুৰ হৈ পৰাত সৰি পৰিবলৈ ধৰে৷ যি কি নহওক, চীনৰ ৰাজধানী চহৰখনত কীট-পতংগক কেন্দ্ৰ কৰি হঠাতে সৃষ্টি হোৱা এনে আচহুৱা পৰিৱেশক লৈ স্বাভাৱিকতে বেইজিংবাসীৰ মাজত আতংকই বিৰাজ কৰিছে৷ বহুতোৰ মতে কৰ’নাৰ পাছত হঠাৎ কীট-পৰুৱাক লৈ সৃষ্টি হোৱা এই পৰিৱেশ আন এক বিপদৰ আগজাননী নহয়তো?