Logo
image

প্ৰষ্টেট কেন্সাৰৰ পৰা হাত সাৰিবলৈ এইধৰণৰ খাদ্য খাওক

প্ৰায় প্ৰতিদিনেই কেন্সাৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ খাদ্যভাস পৰিৱেশ প্ৰদূষণ, জীৱন ধাৰণ প্ৰণালীৰ সৈতে এই ৰোগৰ বিশেষ সম্পৰ্ক আছে৷ বিশেষকৈ পুষ্টিকৰ খাদ্যৰ অভাৱৰ বাবেই কেন্সাৰৰ আশংকা বৃদ্ধি পায়৷ সেয়েহে নিৰোগী হৈ থাকিবলৈ হ’লে খাদ্যভাস আৰু জীৱন ধাৰণ প্ৰণালী উন্নত কৰাৰ বিষয়ত গুৰুত্ব দিব লাগে৷ প্ৰষ্টেট কেন্সাৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাক লৈ বিভিন্ন গৱেষণা হৈ আছে৷ বিশ্বস্বাস্থ্য সংস্থাই প্ৰকাশ কৰা এক প্ৰতিবেদন মতে– হাওঁফাওঁ কেন্সাৰৰ পাছতেই প্ৰষ্টেট কেন্সাৰত আক্ৰান্তৰ সংখ্যা অধিক৷ পঞ্চাশ বছৰ বয়সত ভৰি দিয়াৰ পাছৰ পৰাই সাধাৰণতে এই ৰোগৰ আশংকা বৃদ্ধি পায়৷ 

⬛ শেহতীয়া গৱেষণাত প্ৰকাশ পোৱা মতে ৰং-বিৰঙৰ শাক-পাচলি, ফলমূল নিয়মীয়াকৈ খালে প্ৰষ্টেট কেন্সাৰৰ আশংকা হ্ৰাস পায়৷ 

⬛ মাইক্ৰ’নিউটিয়েণ্টছ সমৃদ্ধ খাদ্য নিয়মীয়াকৈ খালে প্ৰষ্টেট কেন্সাৰৰ পৰা হাত সাৰি থাকিব পাৰি৷ যিহেতু প্ৰষ্টেট কেন্সাৰ ধৰা পৰাৰ পাছত স্বাস্থ্য পৰীক্ষা কৰিলে লুটেইন, লাইকোপেন, আলফাকেৰেটিন, ছেলেনিয়ামৰ মাত্ৰা শৰীৰত হ্ৰাস পোৱাটো পৰিলক্ষিত হয়৷ ইয়াৰ লগতে আইৰণ, ছালফাৰ, কেলছিয়াম মাত্ৰাও যথেষ্ট পৰিমাণে হ্ৰাস পায়৷ শৰীৰত যদি প্লাজমাৰ ঘনত্ব ০.২৫ মাইক্ৰ’গ্ৰামৰ কম হয় তেতিয়া প্ৰষ্টেট কেন্সাৰৰ আশংকা দুগুণে বৃদ্ধি পায়৷ সেই বাবে এনে সময়ত লাইকোপেন সমৃদ্ধ খাদ্য প্ৰচুৰ পৰিমাণে খাব লাগে৷ বিলাহী, তৰমুজ, আঙুৰ, অমিতা, কেনবেৰী আদিত লাইকোপেন প্ৰচুৰ পৰিমাণে থাকে৷ সেয়েহে এনেধৰণৰ ফল শাক-পাচলি খালে প্ৰষ্টেট কেন্সাৰৰ পৰা হাত সাৰি থাকিব পাৰি৷

⬛ তদুপৰি ছেলেনিয়াম সমৃদ্ধ খাদ্য খালেও প্ৰষ্টেট কেন্সাৰৰ পৰা হাত সাৰি থাকিব পাৰি৷ সাগৰীয় মাছ, কণী, বাদাম, মাংসত প্ৰচুৰ পৰিমাণে ছেলেনিয়াম থাকে৷ সেয়ে এনেধৰণৰ খাদ্য খালে সুফল পাব পাৰি৷

⬛ এইদৰে নিয়মীয়াকৈ খাদ্য তালিকাত ৰং-বিৰঙৰ ফল শাক-পাচলি ৰখাৰ উপৰি শৰীৰচৰ্চা নিয়মীয়াকৈ কৰাটো প্ৰয়োজন৷