Logo
image

‘আপং সংস্কৃতি’ মিচিং সমাজৰ উন্নয়নৰ হেঙাৰ

বাৰেবৰণীয়া কৃষ্টি-সংস্কৃতিৰ ৰম্যভূমি এইখন অসম৷ এইখন অসমতেই দ্বিতীয় বৃহত্তম জনজাতি হিচাপে খ্যাতি লাভ কৰি এক স্বকীয় তথা চহকী কৃষ্টি-সংস্কৃতিৰ সমাহাৰেৰে সমন্বয়ৰ সাঁকো গঢ়াত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰা জনজাতীয় জনগোষ্ঠীটোৱেই হৈছে মিচিং জনজাতি৷ মিচিংসকলক মংগোলীয় প্ৰজাতিৰ লোক বুলি জনা যায় আৰু লগতে তেওঁলোকৰ ভাষাশৈলী তিব্বতবৰ্মীয় ভাষা গোষ্ঠীৰ লগত মিল থকা কাৰণে কিছু বুৰঞ্জীবিদে তেওঁলোকক তিব্বতবৰ্মীয় পৰিয়ালৰ মানুহ হিচাপেও বিবেচনা কৰে৷ সাম্প্ৰতিক সময়ত অসমৰ বিভিন্ন জিলা যেনে ধেমাজি, লখিমপুৰ, মাজুলী, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, শিৱসাগৰ, দৰং, তেজপুৰৰ লগতে অৰুণাচল প্ৰদেশৰ পূব ছিয়াং জিলা আৰু সোৱণশিৰিত মিচিংসকলৰ অৱস্থিতি দেখা যায়৷

মিচিংসকল কৃষ্টি-সংস্কৃতিৰ দিশৰ পৰা খুবেই চহকী৷ তেওঁলোকৰ থকা-খোৱা, সাজ-সজ্জাৰ পৰা আদি কৰি ভাব-বিনিময় কৰা শৈলীলৈকে তেওঁলোকৰ নিজস্বতা আছে৷ মিচিং সমাজত ঘৰুৱাভাৱে সচৰাচৰ ব্যৱহাৰ কৰা পানীয় দ্ৰব্যক আপং হিচাপে জনা যায়৷ যিটো তেওঁলোকৰ সংস্কৃতিৰ এক এৰাব নোৱৰা অংশ বিশেষ বুলি ক’ব পাৰি৷ আপং নহ’লে তেওঁলোকৰ পৰম্পৰাগত সামাজিক, সাংস্কৃতিক, ধৰ্মীয় আদি কোনো কাৰ্যসূচীয়ে সম্পন্ন নহয় বুলি ক’লেও বঢ়াই কোৱা নহ’ব৷ প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা আপঙৰ উপযুক্ত আৰু সঠিক ব্যৱহাৰ স্বাস্থ্যৰ কাৰণে উপকাৰী বুলি বিবেচনা কৰে, কিয়নো আপং প্ৰস্তুত কৰা হয় ভাত আৰু ১০১বিধ বন-ঔষধৰ সংমিশ্ৰণেৰে৷ আপং প্ৰধানকৈ দুবিধ আছে পঃৰ আপং [ক’লা মদ] আৰু নকজিন আপং [বগা মদ]৷ পঃৰ আপংক বিশেষকৈ বাৰ গাম ফৈদে ব্যৱহাৰ কৰে আৰু নকজিন আপঙক দহ গাম ফৈদে ব্যৱহাৰ কৰে যদিও সাম্প্ৰতিক সময়ত প্ৰায় সেই দুয়ো ফৈদৰ লোকে কম বেছি পৰিমাণে সমানে দুয়োবিধ পানীয়ক ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়৷ এনে এক মিচিং সমাজ জীৱনৰ লগত অৰ্থাৎ মিচিং জাতিৰ পৰিচয়ৰ লগত গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰি অহা আপং সংস্কৃতি আজি ক’ৰবাত ভুলপথে গতি কৰা পৰিলক্ষিত হৈছে৷ যিটো মিচিং সমাজৰ নৱপ্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে বৃহৎ প্ৰত্যাহ্বান হিচাপে দেখা দিছে৷ অত্যধিক আপঙৰ ব্যৱহাৰে মিচিং সমাজৰ বহু লোকক অকালতে মৃত্যুক আঁকোৱালি ল’বলগীয়া হোৱা ঘটনাও বিৰল নহয়৷

যুৱ উচ্ছৃংখলতা বৰ্তমান যুগৰ এক ডাঙৰ প্ৰত্যাহ্বান৷ মিচিং সমাজতো এই প্ৰত্যাহ্বান নুই কৰিব নোৱাৰি, আৰু ইয়াৰ অন্তৰালৰ এক অন্যতম কাৰণ হিচাপে উল্লেখ কৰিব লাগিব আপং ব্যৱহাৰৰ নিয়ন্ত্ৰণহীনতা৷ অনিয়ন্ত্ৰিত হাৰত আপং ব্যৱহাৰৰ ফলত বহু যুৱকে অসামাজিক কামত লিপ্ত হোৱা দেখা যায়৷  লগে লগে সমাজত যুৱ সমাজৰ মাজত এক শৃংখলিত পৰিৱেশৰ ভাৰসমতা নোহোৱা হৈ পৰে আৰু উচ্ছৃংখলতাই গা কৰি উঠে৷ গতিকে, আপঙৰ উচিত আৰু সঠিক ব্যৱহাৰত গুৰুত্ব নিদিলে যুৱ সমাজৰ কাৰণে অনাগত ভৱিষ্যতত আপঙে এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে থিয় দিব৷

কোনো এটা মাংগলিক উৎসৱ-পাৰ্বণ, সকাম-নিকাম কৰোঁতে মিচিং সমাজত আপঙক এক অপৰিহাৰ্য অংগ হিচাপে বিবেচনা কৰা হয়৷ যেন আপং নহ’লেই সেই কাৰ্য সমাপন কৰাটো সম্ভৱ নহয়৷ যদি আমি আধুনিক চিন্তা আৰু দৃষ্টিভংগীৰে বিষয়টো বিবেচনা কৰোঁ, তেন্তে সেই আপং মাংগলিক কাৰ্যসূচীত বৰ বিশেষ প্ৰয়োজন নহয়৷ কিয়নো আপং সেৱন কৰাটোক আমি নিৰ্দিষ্ট পৰিধিৰ ভিতৰত ৰাখিব নোৱাৰোঁ, অৰ্থাৎ এবাতি খালে আৰু দুবাতি খাবলৈ মন কৰে, ফলত সেই মাংগলিক অনুষ্ঠানত এক অপ্ৰীতিকৰ পৰিৱেশৰ মুখামুখি হোৱা ঘটনাও বিৰল নহয়৷ আপঙৰ নামত মিচিং সমাজে যিমান খৰচ কৰে, সেই টকাৰে সামগ্ৰিকভাৱে গোটেই কাৰ্যসূচীটোকেই সমাপন কৰিব পৰা যায় বুলি ক’ব পাৰি৷ যিহেতুকে, এটা মাংগলিক কাৰ্যসূচী সমাপন কৰোঁতে যিমান ভাতৰ কাৰণে চাউল প্ৰয়োজন হয়, সমপৰিমাণৰ চাউল আপঙৰ নামতো প্ৰয়োজন হোৱা পৰিলক্ষিত হয়৷ গতিকে, মিচিং সমাজত আপঙৰ নামত এক অবাঞ্ছিত খৰচ বহন কৰি থাকিবলগীয়া হয়৷ সেয়েহে, অৰ্থনৈতিক দিশৰ ফালৰ পৰাও মিচিং সমাজক আপঙে ক্ষতিগ্ৰস্ত কৰিছে বুলি ক’ব পাৰি৷ অতিৰিক্ত আপং সেৱনে মিচিং সমাজক ভৱিষ্যতে অৰ্থনৈতিকভাৱেও জুৰুলা কৰিব৷

মিচিং সমাজৰ লোকৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি হোৱাৰ এক উল্লখনীয় কাৰণ আপং সেৱন৷ কিয়নো বৰ্তমান মিচিং সমাজত আপঙৰ ব্যৱহাৰ ইমানেই বৃদ্ধি পাইছে যে শুই উঠিয়ে বহু লোকে আপং ব্যৱহাৰ নকৰিলে কোনো কামেই কৰিব নোৱৰা হৈ পৰিছে৷ অতিৰিক্ত আপং সেৱন আৰু উপযুক্তভাৱে সঠিক সময়ত আহাৰ গ্ৰহণ নকৰাৰ ফলত বহুলোক স্নায়ুৱিক ৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লোৱাটো তেনেই সুলভ হোৱাৰ দিশে গতি কৰিছে, লগতে আহাৰ হজম কৰিব পৰা ক্ষমতাও ক্ৰমান্বয়ে কমি আহিছে৷ ইয়াৰ ফলত স্বাস্থ্যৰ দ্ৰুত অৱনতি হৈছে৷ আনকি বহুজনে অকাল মৃত্যুক সাবটি ল’বলগীয়াও  হৈছে৷ সেয়েহে, উপযুক্ত সময়ত সঠিক সিদ্ধান্ত লৈ আপঙৰ উচিত ব্যৱহাৰ নকৰিলে ই মিচিং সমাজ জীৱনৰ অৱনতিৰ অন্যতম  কাৰক হিচাপে থিয় দিব৷

তিনিআলি-চাৰিআলিত ব্যৱসায়িক ভিত্তিত আপঙৰ মুক্ত বিচৰণ; যি মিচিং সমাজৰ সামাজিক পৰিৱেশৰ লগতে শৈক্ষিক পৰিৱেশত নেতিবাচক প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে৷ আপঙৰ সুলভ যোগানে  আমাৰ ভৱিষ্যৎ প্ৰজন্মক নিচাসক্ত কৰিব৷

শিশুৰ কাৰণে সুস্থ শৈক্ষিক আৰু মানসিক পৰিৱেশ বিকাশত আপঙে নেতিবাচক ভূমিকা লোৱা পৰিলক্ষিত হয়৷ বহু পৰিয়ালে ঘৰতে আপং প্ৰস্তুত কৰি ঘৰতে আপং বিক্ৰী কৰে, যিটো শিশুৰ মানসিক আৰু শৈক্ষিক বুদ্ধিমত্তা বিকাশৰ অন্তৰায় বুলি বিবেচনা কৰা হয়৷ যিটো ঘৰত আপং বিক্ৰী কৰা হয়, সেইটো ঘৰত মানুহৰ সমাগম বাঢ়িবলৈ ধৰাটো সকলোৰে বাবে সহজে অনুমেয়৷ ফলত শিশুসকলৰ অধ্যয়নত ব্যাঘাত জন্মে৷ 

আপং সংস্কৃতিক কেনেকৈ অপসংস্কৃতিৰ ৰূপ লোৱাৰ পৰা ৰক্ষা কৰিব পৰা যায়, সেই সম্পৰ্কীয় গৱেষণা-পত্ৰ আৰু আলোচনা-সত্ৰ অনুষ্ঠিত কৰি এক বৈজ্ঞানিক চিন্তাধাৰাৰে ন-ৰূপ দিয়াৰ ক্ষেত্ৰত জাতীয় দল-সংগঠন তথা বৌদ্ধিক মহলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাটো খুবেই জৰুৰী৷ আপং সংস্কৃতিটো বেয়া নহয়, কিন্তু ইয়াক বেয়া কৰাইছে মানুহে৷ গতিকে স্বকীয় বৈশিষ্ট্য থকা আৰু প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা আপং সংস্কৃতিক সঠিক আৰু উপযুক্তভাৱে ব্যৱহাৰ কৰি ইয়াৰ বিকাশ আৰু সংৰক্ষণৰ দায়িত্বও মানৱ সমাজে ল’ব লাগিব৷ গতিকে, মিচিং সমাজৰ আৰ্থ-সামাজিক উন্নয়নৰ ক্ষেত্ৰত মিচিং সমাজে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব৷ বিশেষকৈ আমাৰ জনজাতীয় সমাজখন বাহিৰৰ পৃথিৱীখনৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলোঁতে বহুত পলম হৈ যায়৷ সেয়েহে তেওঁলোকৰ অন্যান্য বৃত্তিৰ বিষয়ে অজ্ঞাত হৈয়ে ৰয়৷ গতিকে, সেইক্ষেত্ৰত সজাগতা অনাৰ দায়িত্ব জাতীয় সংগঠনৰ প্ৰতিনিধিৰ লগতে মিচিং স্বায়ত্তশাসিত পৰিষদেও ল’ব লাগিব আৰু আপং সংস্কৃতিক অপসংস্কৃতিৰ দিশলৈ গতি কৰাটোও ৰোধ কৰিব লাগিব৷ সমাজ সৃষ্টিৰ আঁৰত বিশেষ ব্যক্তিৰ ইতিবাচক প্ৰচেষ্টাই মূল ভূমিকা লোৱা দেখা যায়৷ গতিকে পৰিৱৰ্তন মানেই উন্নয়ন নহয় কথাটো বুজি পোৱাত সহায় কৰিলে মিচিং সমাজে উন্নয়নৰ জখলাত বহুদূৰ বাট বুলিব পাৰিব; কিয়নো মিচিং সমাজৰ পুৰুষ-মহিলা সমানেই পৰিশ্ৰমী৷

[লেখক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ]

ফোনঃ ৭০০২০-১৭৮০০