Logo
image

ৰাহুল প্ৰধানমন্ত্ৰী হ’ব নোৱাৰে

আমাৰ অসম, ১৫ মাৰ্চঃ  নৰেন্দ্ৰ মোদী যেতিয়ালৈকে আছে তেতিয়ালৈকে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ’ব নোৱাৰে৷ এই ভৱিষ্যৎবাণী মুখ্যমন্ত্ৰী ড॰ হিমন্ত শৰ্মাৰ৷ কৰ্ণাটক বিধানসভাৰ আগন্তুক নিৰ্বাচনত দলীয় প্ৰাৰ্থীৰ হৈ ৰাজ্যখনত মাৰাথান নিৰ্বাচনী প্ৰচাৰ চলাই থকা মুখ্যমন্ত্ৰী ড॰ শৰ্মাই মঙবাৰে ৰাহুল গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ লণ্ডনত দিয়া ভাষণত ৰাহুল গান্ধীয়ে ভাৰতক হেয় প্ৰতিপন্ন কৰিবলৈ বিচৰা বুলি অভিযোগ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়– ৰাহুল গান্ধীয়ে বিদেশৰ ভূমিত ভাৰতৰ সংসদক অপমানিত  কৰিছে৷ অথচ প্ৰধানমন্ত্ৰী মোদী যেতিয়াই বিদেশলৈ যায় তেওঁ নিজৰ মাতৃভূমিৰ গুণগৰিমাহে গায়৷ ৰাহুল গান্ধী ভাৰত জোড়ো যাত্ৰা লৈ কৰ্ণাটকলৈ আহিছিলে আৰু লণ্ডনলৈ গৈ তেওঁ ভাৰত তোড়োৰ কথা কৈছে৷ প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰত এদিন বিশ্বগুৰু হ’ব৷ প্ৰধানমন্ত্ৰী মোদীক আমি তৃতীয়বাৰৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ আসনত বহুৱাব লাগিব৷ মোদীৰ নেতৃত্বতে ভাৰতে অমৃত কাল লাভ কৰিব৷ উল্লেখ্য যে কৰ্ণাটকৰ কনকাগীৰিত আজি অনুষ্ঠিত বিজ সংকল্প ৰেলী’ত অংশ লয় মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ ৰাহুল গান্ধীয়ে লণ্ডনত দিয়া ভাৰতক কেন্দ্ৰ কৰি ইতিমধ্যে সংসদৰ উভয় সদনতে শাসনাধিষ্ঠ দলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে৷ কৰ্ণাটকত ৰাহুল গান্ধীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড॰ হিমন্ত শৰ্মাই আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰাৰ বিপৰীতে সম্প্ৰতি অসম ভ্ৰমণত থকা কেন্দ্ৰীয় মন্ত্ৰী তথা ৰিপাব্লিকান পাৰ্টী অব ইণ্ডিয়াৰ সভাপতি ৰামদাস আঠৱালে ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰি কয়– ৰাহুল গান্ধীয়ে লণ্ডনলৈ গৈ তাত নিজৰ দেশৰ গণতন্ত্ৰ বিপদাপন্ন, নিজৰ দেশত একনায়কত্ব চলা আদি কথা কৈ নিজৰ দেশক বদনাম কৰি আছে৷ ইয়াৰ বাবে ৰাহুল গান্ধীয়ে ক্ষমা বিচৰা উচিত৷ তেওঁ কোৱাৰ দৰে ভাৰতত লোকতন্ত্ৰক হত্যা কৰা হোৱা নাই৷ বৰং ভাৰতৰ লোকতন্ত্ৰ শক্তিশালীহে হৈছে৷