Logo
image

বিদ্যুৎ

ৰাজ্যবাসীয়ে ক্ৰমাৎ অনুভৱ কৰিছে উষ্ণতা বৃদ্ধিৰ কথা৷ বসন্ত কালতে ৰাজ্যবাসীক দহিছে গৰমে৷ বিগত কেইটামান বছৰৰ ভিতৰত ৰাজ্যৰ বুজন পৰিমাণৰ গছ কটাৰ ফলত পৰিস্থিতি-তন্ত্ৰত বিৰূপ প্ৰভাৱ পৰিছে৷ অসমীয়া মানুহে এসময়ত ব’হাগ বিহু উদ্‌যাপন নকৰালৈ বিচনীৰ বা লোৱা নাছিল৷ অৰ্থাৎ সেই সময়ত ব’হাগ বিহুপৰ্যন্ত অসহনীয় গৰম নাছিল৷ কিন্তু সময়ৰ লগে লগে পৰিৱেশ সলনি হোৱাত এতিয়া ফাগুন-চ’ত মাহতে মানুহে অসহনীয় গৰমত চাটি-ফুটি কৰি মৰিবলগীয়া হয়৷ গৰমৰ পৰা সকাহ পাবলৈ বিচনীৰ বা লোৱাৰ অভ্যাস আজিৰ মানুহৰ প্ৰায়সংখ্যকৰে নোহোৱা হৈছে৷ কিয়নো প্ৰায় সকলোৱে গৰমত বিদ্যুৎচালিত পাংখা ব্যৱহাৰ কৰি গা শাঁত পেলায়৷ তদুপৰি চৰকাৰেও প্ৰতিখন গাঁৱতে বিদ্যুৎ যোগানৰ আঁচনি গ্ৰহণ কৰি সেই আঁচনি পৰ্যায়ক্ৰমে কাৰ্যকৰী কৰি আহিছে৷ ফলত মানুহ বিদ্যুৎনিৰ্ভৰ হৈ পৰিছে৷ কিন্তু এতিয়া সকলোৱে একোখন বিচনী গ্ৰীষ্মৰ পৰা সকাহ পাবলৈ ৰখাৰ প্ৰয়োজন হ’ব৷ কিয়নো ৰাজ্যৰ বিদ্যুৎ বিভাগে গুৱাহাটী মহানগৰীত পহিলা মাৰ্চৰ পৰা আৰম্ভ কৰিছে প্ৰি-পেইড বিজুলী যোগান ব্যৱস্থা৷ পূৰ্বে এমাহৰ বিদ্যুৎ বিল দি যোৱাৰ পাছত মানুহে সুবিধা অনুসৰি বিল আদায় দিছিল আৰু কেইবামাহো বিল আদায় নিদিলেহে জাননী দি বিদ্যুৎ সংযোগ কাটি দিছিল৷ কিন্তু গুৱাহাটীত পহিলা মাৰ্চৰ পৰা প্ৰি-পেইড বিদ্যুৎ যোগান ব্যৱস্থা আৰম্ভ কৰাত এতিয়া কাৰ ঘৰত কেতিয়া বিদ্যুৎ কৰ্তন হয়, সেয়া বিদ্যুৎ লাভৰ বাবে ৰিচাৰ্জ কৰা জমাধনৰ ওপৰত নিৰ্ভৰ কৰিব৷ ৰিচাৰ্জৰ জমাধন যেতিয়াই শেষ হ’ব, তেতিয়াই বিদ্যুৎ সংযোগ বিচ্ছিন্ন হ’ব৷ তদুপৰি পূৰ্বৰ পোষ্ট পেইড ব্যৱস্থাৰ দৰে গ্ৰাহকে কিমান বিদ্যুৎ ব্যয় কৰিলে সেই কথা জনাৰ ক্ষেত্ৰতো বহু লোক সমস্যাৰ সন্মুখীন হ’ব৷ তদুপৰি অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে বিগত বৰ্ষসমূহত হোৱা লোকচানৰ জোৰা মাৰিবলৈ গ্ৰাহকৰ ওপৰত মাধমাৰ শোধাবলৈ যেতিয়াই মন যায় তেতিয়াই বিদ্যুৎ নিৰিখ বৃদ্ধি কৰিব৷ উল্লেখ্য, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদক তিনিটা ভাগ কৰাৰ পাছত ৰাজ্যবাসীয়ে আশা কৰিছিল যে বিদ্যুৎ যোগানৰ মান উন্নত হ’ব৷ কিন্তু জনসাধাৰণৰ সেই আশা আশা হৈয়েই থাকিল৷ অৱশ্যে, বিদ্যুৎ বিতৰণত হোৱা লোকচানৰ পৰিমাণ সময়ৰ লগে লগে কমি আহিছে যদিও লোকচানৰ পৰা উদ্ধাৰ পোৱা নাই৷ উল্লেখ্য, ২০২১-২২ বৰ্ষত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে ১৬.৯৫ শতাংশ লোকচানৰ সন্মুখীন হৈছিল আৰু ২০২২-২৩ বৰ্ষত এই পৰিমাণ ১৬.৫০ শতাংশলৈ হ্ৰাস হয়৷ অসমত বিদ্যুৎ বিভাগে লোকচানৰ পৰিমাণ ২০২০ চনৰ ভিতৰতে ১৫ শতাংশলৈ হ্ৰাস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল যদিও সেই লক্ষ্যত আজিও উপনীত হ’ব পৰা নাই৷ বিদ্যুৎ বিভাগে যি কাৰণতেই লোকচানৰ সন্মুখীন নহওক কিয়, ইয়াৰ বোজা এতিয়া পৰিছে জনসাধাৰণৰ ওপৰত৷ বিগত সময়ত জনসাধাৰণৰ সমস্যাৰ কথা আওকাণ কৰি বিদ্যুৎ বিভাগে ক্ৰমে বঢ়াই গৈছে বিদ্যুৎ মাচুল৷ শেহতীয়াকৈ প্ৰি-পেইড বিদ্যুৎ যোগান ব্যৱস্থাই কি খেল দেখুৱায়, সেই কথা সময়তহে গম পোৱা যাব৷ প্ৰি-পেইড বিদ্যুৎ যোগান ব্যৱস্থাই জনসাধাৰণক সময় মতে ৰিচাৰ্জ কৰাবলৈ বাধ্য কৰাব আৰু বিদ্যুৎ বিভাগে পূৰ্বৰ দৰে ধন অনাদায় হৈ ৰোৱাৰ পৰা ৰেহাই পাব৷  এই ব্যৱস্থা হয়তো ৰাজ্যৰ সকলো ঠাইতে প্ৰযোজ্য হ’ব৷ তেতিয়া কিন্তু নিৰক্ষৰ, হোজা লোকে, বিশেষকৈ যিসকলে স্মাৰ্ট ম’বাইল ফোনৰ ব্যৱহাৰ নাজানে, সেইসকল সমস্যাৰ সন্মুখীন হ’ব৷ অৱশ্যে, বিদ্যুৎ বিভাগে জনপ্ৰতিনিধিসকলক বিনামূলীয়া বিদ্যুৎ যোগান বন্ধ কৰি সেইসকলকো প্ৰি-পেইড ৰিচাৰ্জ কৰালে আৰু চৰকাৰী বিভাগসমূহকো প্ৰি-পেইড বিদু্যৎ যোগানৰ ব্যৱস্থা কৰালে বিদ্যুৎ বিভাগৰ লোকচান হয়তো বন্ধ হ’ব৷ ইয়াৰ উপৰি এই ব্যৱস্থাই মিটাৰ ৰীডিং আৰু বিলৰ বাবে প্ৰয়োজন হোৱা লোকৰ সংখ্যা হ্ৰাস কৰিব আৰু নিবনুৱা বৃদ্ধিত অৰিহণা যোগাব৷ অৱশ্যে, বিদ্যুৎ বিভাগৰ লোকচানৰ জোৰা মৰাত এইসমূহ ব্যৱস্থাই সহায় কৰিব৷