Logo
image

অখিল গগৈৰ আদৰ্শ বুকুত বান্ধি আমি আগুৱাই যাম

এইবাৰ অখিল গগৈয়ে জামিন পাব বুলি সকলোৱে ভাবিছিল, আশা কৰিছিল৷ এইদৰে ভবাৰো যুক্তি আছিল৷ কিয়নো অখিল গগৈৰ বিৰুদ্ধে আৰোপ কৰা গোচৰসমূহৰ এটা গোচৰৰ বাহিৰে বাকীবোৰত ইতিমধ্যে গগৈয়ে জামিন পাইছে৷ শেষৰটো গোচৰত জামিন পাবৰ বাবে যিখিনি যুক্তিৰ প্ৰয়োজন হয়, তথ্যৰ প্ৰয়োজন হয়, সেইখিনি আছিল বুলিয়েই ধাৰণা কৰা হৈছিল৷ কিন্তু মহামান্য ন্যায়ালয়ে অখিল গগৈৰ জামিন মঞ্জুৰ নকৰিলে৷ ন্যায়ালয়ৰ নিৰ্দেশক আমি সন্মান জনাবই লাগিব৷ অখিল গগৈয়ে এদিন জামিন পাবই৷ ন্যায়পালিকাৰ ওপৰত আমাৰ বিশ্বাস আছে৷ কাৰাগাৰৰ ভিতৰতে থাকক বা বাহিৰতে থাকক, অখিল গগৈৰ আদৰ্শ বুকুত বান্ধিয়েই আমি আগবাঢ়ি যাম৷ অখিল গগৈয়ে জামিন নোপোৱাৰ বাবে আমাৰ দুখ লগাটো স্বাভাৱিক৷ তাতে অখিল গগৈ ৰাইজৰ মানুহ৷ অসমৰ লাখ লাখ লোকৰ আশা-ভৰসাৰ স্থল অখিল গগৈ৷ অখিল গগৈক লৈ ৰাইজে বহু আশা কৰে৷ স্বদেশ আৰু স্বজাতিৰ বাবে অখিল গগৈয়ে সদায় মাত মাতি আহিছে৷ দৈয়াং-টেঙানীৰ কৃষক বিদ্ৰোহৰ পৰা আৰম্ভ ‘কা’বিৰোধী আন্দোলনলৈকে সকলোতে অখিল গগৈয়ে সফলতাৰে নেতৃত্ব বহন কৰিছিল৷ অখিল গগৈক নেতা হিচাপে বহু লোকে মানি লয়, বিশ্বাস কৰে৷ ৭ জানুৱাৰীৰ পৰা মৰাণত ‘ৰাইজৰ দল’ৰ অভিৱৰ্তন আৰম্ভ হৈছে৷ এই তিনিদিনীয়া অভিৱৰ্তনত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে– যিবোৰৰ সৈতে অসমৰ ৰাজনীতি আৰু সমাজনীতি ওতঃপ্ৰোতভাৱে জড়িত৷ কংগ্ৰেছ চৰকাৰৰ দুৰ্নীতি আৰু অপশাসনৰ বাবে ৰাইজে ৰাজনৈতিক পৰিৱৰ্তন বিচাৰিছিল৷ পৰিৱৰ্তনৰ আশাৰেই ৰাইজে হিলদ’ল ভাঙি আহি ভোট দিছিল৷ ৰাজনৈতিক পৰিৱৰ্তন হ’ল৷ কিছুদিন ঠিকে-থাকেই গ’ল৷ তাৰ পাছতে আহিল ‘কেব’৷ লগে লগেই ৰাজ্যজুৰি প্ৰতিবাদ হ’ল৷ ‘কেব’ আৰু ‘কা’ৰ বিৰুদ্ধে অসমৰ ৰাইজ ৰাজপথলৈ ওলাই আহিল৷ এই প্ৰতিবাদৰ নেতৃত্ব দিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে, সদৌ অসম ছাত্ৰ সন্থাই৷ অসমৰ ৰাইজ সংগ্ৰামত জঁপিয়াই পৰিল৷ অখিল গগৈ আপোচবিহীন নেতাৰূপে পুনৰবাৰ প্ৰতিপন্ন হ’ল৷ অখিল গগৈয়ে যেনেধৰণৰ অকাট্য যুক্তিৰে চৰকাৰৰ অসমবিৰোধী কাম-কাজৰ সমালোচনা কৰিছিল, সেই সমালোচনাৰ উত্তৰ চৰকাৰৰ হাতত নাছিল৷ সেইবাবেই তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ’ল, তেওঁক কাৰাগাৰলৈ নিক্ষেপ কৰা হ’ল৷ এটাৰ পাছত আনটো গোচৰ জাপি দিয়া হ’ল৷ এবছৰতকৈও বেছিদিন তেওঁ জে’লতে আছে৷ কিন্তু অখিল গগৈ বন্দী হৈ থাকোঁতেও তেওঁৰ প্ৰাসংগিকতা হ্ৰাস পোৱা নাই৷ বৰঞ্চ বাঢ়িছেহে৷  তেওঁ যিমানদিন কাৰাগাৰত থাকিব, সিমান দিন তেওঁৰ প্ৰাসংগিকতা আৰু গ্ৰহণযোগ্যতা বৃদ্ধি পাই পাই গৈ থাকিব৷ ৰাইজৰ দলৰ অধিৱেশনত তেওঁ ভাগ ল’ব পাৰিব বুলি আশা কৰা গৈছিল যদিও মহামান্য ন্যায়ালয়ে জামিন মঞ্জুৰ নকৰাত সেই আশা পূৰণ নহ’ল৷ তথাপি আমি হতাশ হ’লে নহ’ব৷ আমি শৃংখলাবদ্ধভাৱে কাম কৰিব লাগিব৷ আমি উত্তেজিত হ’লে নহ’ব৷ যুক্তিবাদী হ’ব লাগিব৷ অখিল গগৈৰ আদৰ্শ বাস্তৱত ৰূপায়ণ কৰিবৰ বাবে আমি প্ৰণালীবদ্ধ পৰিকল্পনাৰে, সুশৃংখলভাৱে, গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আগবাঢ়িব লাগিব৷ বিশৃংখলভাৱে চিঞৰ-বাখৰ কৰিলে নহ’ব৷ মহামান্য ন্যায়ালয়ৰ নিৰ্দেশক আমি আদৰণি জনাবই লাগিব৷ ন্যায়পালিকাৰ ওপৰত আমাৰ বিশ্বাস আছে৷ অখিল গগৈয়ে এদিন ন্যায় পাবই৷ মৰাণৰ অধিৱেশনত বহুলোকৰ সমাগম ঘটিছে৷ অখিল গগৈ আহিব বুলি ভাবিও বহু লোক আহিছে৷ তেওঁ জামিন নোপোৱাত সকলো হতাশ হৈছে৷ দুখ পাইছে৷ এয়া স্বাভাৱিক৷ তেওঁৰ জামিন নামাঞ্জুৰ হোৱাৰ খবৰ পোৱাৰ লগে লগে সকলোৰে দুখ লাগিছে, বেয়া লাগিছে৷ বহুজনে উচুপি উঠিছে, বহুজনে হুকহুকাই কান্দিছে৷ অখিল গগৈক ৰাইজে তেওঁলোকৰ ভ্ৰাতৃ বা ল’ৰা বুলি ভাবে৷ তেওঁৰ অনুপস্থিতিয়ে ৰাইজৰ দলৰ যাত্ৰাত যতি পেলাব নোৱাৰে৷ কিয়নো অখিল গগৈ সদায় আমাৰ লগত আছে৷ ৰাইজৰ লগত আছে৷ ৰাইজৰ দলৰ লগত আছে৷ তেওঁ কোৱা কথা আৰু কৰা কামৰ আঁত ধৰি আমি আগবাঢ়িব লাগিব৷ অখিল গগৈৰ বৃদ্ধা মাতৃয়ে স্বাভাৱিকতে অতি আঘাত পাইছে৷ আমি তেখেতৰ দুখৰ সমভাগী৷ তেখেতৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ৷ অখিল গগৈ য’তেই নাথাকক তেওঁ সদায় মানুহৰ মাজত আছিল, মানুহৰ মাজত আছে আৰু মানুহৰ মাজতে থাকিব৷ অখিল গগৈৰ আদৰ্শৰে আমি আগবাঢ়ি যাম৷ তেওঁ আমাৰ সাহস, তেওঁ আমাৰ শক্তি, তেওঁ আমাৰ সততা, তেওঁ আমাৰ গতি, সৰ্বোপৰি অখিল গগৈ আমাৰ আদৰ্শ৷