Logo
image

ফাইনেল খেলৰ আখৰা

... বিজেপি ঘোষিত ফাইনেলখন বিজেপি আৰু অসমৰ নৱগঠিত আঞ্চলিক দলদ্বয়ৰ জোঁটৰ মাজত হোৱাৰ সম্ভাৱনাই অধিক৷ এইটো অৱশ্যে ঠিক যে বিজেপিৰ ধনবল, চাতুৰ্য অথবা ৰণকৌশলৰ আগত আঞ্চলিক দলৰ স্থিতি অতিকে দুৰ্বল৷ দুৰ্বল হ’লেও কিন্তু কেৰ্কেটুৱাৰ বাঁহপাতেই ভেটিৰ দৰে এওঁলোকৰ সমল হৈছে ভোটাৰৰ আস্থা আৰু সমৰ্থন  ...


অসমত এতিয়া নিৰ্বাচনমুখৰ পৰিৱেশ৷ তেনে হোৱাটো অৱশ্যে অতি স্বাভাৱিকো৷ কিয়নো অসম বিধানসভাৰ আগন্তুক নিৰ্বাচনলৈ মাজত তিনিটামান মাহহে বাকী আছে৷ তাৰ পাছতেই আহিব নিৰ্বাচনী যুঁজৰ চূড়ান্ত, অৰ্থাৎ ফাইনেল খেলৰ পৰ্যায়৷ সেই খেলৰ প্ৰতিদ্বন্দ্বী দলকেইটাৰ ভিতৰত পাঁচটা দলৰ খেলুৱৈৰ বেছিভাগেই খেলৰ কৌশল জনা অভিজ্ঞ তথা দক্ষ খেলুৱৈ৷ ইবিলাকৰ বিপৰীতে আঞ্চলিকতা ভাবাপন্ন ইউ পি পি এল আৰু অতি সম্প্ৰতি গঠিত এজেপি-ৰাইজৰ দল সামগ্ৰিকভাৱে দক্ষতাসম্পন্ন হ’লেও অনভিজ্ঞ খেলুৱৈৰে গঠিত৷ বাস্তৱত যি দেখা গৈছে নিৰ্বাচনী যুঁজৰ খেলবোৰ উল্লিখিত দলসমূহৰ মাজতেই চলিব আৰু পৰিৱৰ্তনকামী ৰাইজৰ প্ৰত্যাশা পূৰণত সক্ষম হ’ব বুলি ভবা দলকে ভোটাৰে নিৰ্বাচিত কৰিব৷ পিছে তাৎপৰ্যপূৰ্ণ যে ‘ৰাম নৌহওঁতেই ৰামায়ণ ৰচিত হোৱা’ৰ দৰেই চূড়ান্ত যুঁজৰ সম্ভাৱ্য ফলাফল নিৰ্ণিত হোৱাৰ পূৰ্বেই ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে দৃঢ়তাৰে ঘোষণা কৰা দেখা গৈছে যে ফাইনেলত বিজেপিৰে জয় নিশ্চিত৷ এইক্ষেত্ৰত অৱশ্যে পূৰ্বানুমান শুদ্ধ নোহোৱাৰ এক প্ৰমাণ ইতিমধ্যেই পোৱা গৈছে৷ কাৰণ তেওঁ নৱেম্বৰ-ডিচেম্বৰত প্ৰচাৰ মাধ্যমত ব্যক্ত কৰা মতে, চূড়ান্ত খেললৈ যোৱাৰ পূৰ্বে বিটিচি আৰু তিৱা পৰিষদীয় খেল দুখন বিজেপিৰ বাবে ছেমিফাইনেল আৰু সেই দুয়োখন খেলত নিশ্চিত জয়ৰ পাছত বিধানসভাৰ চূড়ান্ত খেলতো বিজেপিৰ জয় নিশ্চিত বুলি কৈছিল৷ পিছে লাজৰ বিষয় যে বিটিচি নিৰ্বাচনত সৰ্বশক্তিৰে যুঁজিও [২৬খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি] মাত্ৰ ৯খন আসনহে লাভ কৰিলে৷ তিৱা পৰিষদীয় নিৰ্বাচনত অৱশ্যে কৌশল পৰাভূত নহ’ল৷ তৎসত্ত্বেও কিন্তু দেশৰ গৃহমন্ত্ৰী তথা বিজেপিৰ কেন্দ্ৰীয় নিয়ন্ত্ৰক অমিত শ্বাহে ঘোষণা কৰিলেহি [২৬ ডিচেম্বৰ ২০২০] গুৱাহাটীত যে অসমত অনুষ্ঠিত ছেমিফাইনেল খেল দুখনত জয়ী হোৱাদি ফাইনেলতো বিজেপিৰ জয় নিশ্চিত৷ কাৰণ অমিত শ্বাহৰ মতে, অসমৰ লোকৰ বিজেপিৰ প্ৰতি পূৰ্ণ সমৰ্থন আৰু আস্থা, দুয়োটাই আছে৷

উল্লেখ নকৰিলেও হয় যে ২০১৬ৰ নিৰ্বাচনত কৌশলগতভাৱে বিজেপিৰ হাতলৈ শাসনভাৰ অহাৰ পাছৰ পৰাই অনুষ্ঠিত বিভিন্ন নিৰ্বাচন, যেনে পৌৰ প্ৰশাসনৰ পৰা আৰম্ভ কৰি লোকসভাৰ নিৰ্বাচনলৈ সকলোতে বিজেপিয়ে গোটোৱা অপ্ৰত্যাশিত সফলতাৰ আধাৰতে দলটোৱে ভৱিষ্যদ্বাণী কৰাৰ সাহসো গোটাব পৰা হৈছে৷ তেনে সাহস অৱশ্যে অমূলকো নহয়৷ কিয়নো, ৰাজ্যিক সভাপতিজনে প্ৰকাশ কৰা মতে এতিয়ালৈ ৰাজ্যত ৮৪ লাখৰো অধিক বিজেপিৰ সক্ৰিয় সদস্য আছে৷ কিন্তু তাতেই শেষ জানো? ‘বগা ভাত দেখিলে কাউৰীৰ আকাল নোহোৱা’ৰ দৰে বিজেপিৰ সোণালী বালি কমাই সোণ চপোৱাৰ লালসাত ব্ৰতী বহুসংখ্যক অন্য দলৰ নেতা-নেত্ৰীয়েও বুজনসংখ্যক সমৰ্থকক  লৈ বিজেপিত যোগদান কৰা দৃশ্যবোৰ সহজলভ্য হোৱা দেখা গৈছে৷ ইফালে আকৌ পৰৰ পিঠাৰে বিহু পতাত সিদ্ধহস্ত শাসকীয় দলে বিভিন্ন উৎসৰ পৰা  ধাৰত লৈ বিলোৱা উপঢৌকনত ভোল গৈ নিমখ হাৰাম নকৰা মানসিকতাপুষ্ট বিজেপিৰ অন্ধ সমৰ্থকো যে বাৰুকৈয়ে ওলাব, তাতো সন্দেহ নাই৷ তেন্তে বিজেপিৰ চিন্তা কিহৰ? তথাপি কিন্তু বাহিৰত সাহস দেখুৱাই গৰ্বিত হৈ থকা শাসকীয় দলটোৰ অভ্যন্তৰত যে সেই সাহস নাই, তাৰ আভাসো তেওঁলোকৰ কৰ্মকাণ্ডতে পৰিস্ফুট হ’বলৈ ধৰিছে৷ কাৰণ জয়ৰ প্ৰতি শংকিত নোহোৱা হ’লে ৰিজাৰ্ভ বেংক বা অন্য উৎসৰ পৰা হাজাৰ-বিজাৰ কোটি টকাৰ ঋণ লৈ সেই টকা ভোটাৰক আকৰ্ষণ কৰাৰ বাবে টোপ, উপঢৌকন বিলাই অপচয় কৰাৰ কিবা প্ৰয়োজন জানো থাকিলহেঁতেন¸? তেওঁলোকৰ হয়তো সন্দেহ ঘনীভূত হ’বলৈ ধৰিছে যে মিছা আশ্বাস-প্ৰতিশ্ৰুতিৰে জানো একেখিনি ক্ৰেতাক বাৰে বাৰে টেঙা আম বেচাটো সম্ভৱ হ’ব?

তাৎপৰ্যপূৰ্ণ, বিজেপিৰ শেহতীয়া বাহ্যিক পৰোপকাৰিতাৰ অন্তৰালত যে কুটিল স্বাৰ্থান্বেষী চিত্ত সংপৃক্ত হৈ আছে, সেই কথা অন্ততঃ শিক্ষিত তথা বিবেকৱান লোকে ভালকৈ জনা হৈছে৷ বিশেষকৈ উদীয়মান যুৱক-যুৱতীসকল এনে দিশত যথেষ্ট সংবেদনশীল হোৱাটো অনুমেয় হৈছে৷ তেওঁলোকৰ জ্ঞানচক্ষু মুকলি হৈছে যে তেওঁলোকৰ কৰ্মসংস্থাপনৰ দিশত চৰকাৰখন বিশেষভাৱে ব্যৰ্থ হৈছে, ঔদ্যোগিক উন্নয়ন ৰাজ্যত স্তিমিত অথবা …লিত হ’বলৈ ধৰিছে, ৰাজ্যৰ সামূহিক উন্নয়ন ব্যাহত হোৱাৰ সমান্তৰালভাৱে কিন্তু বান-খহনীয়াৰ বিভীষিকা নিয়ন্ত্ৰণহীন অৱস্থালৈ গৈছে৷ ইবিলাকৰ বিপৰীতে কিন্তু ক্ষতিকাৰক বৃহৎ নদীবান্ধ সৃষ্টিৰ নিশ্চয়তা বৃদ্ধি পাবলৈ ধৰিছে, টোপ-উপঢৌকনৰ মাত্ৰা বৃদ্ধিয়ে সমগ্ৰ অসমীয়া জাতিটোকে নিষ্কৰ্মা আৰু পৰমুখাপেক্ষীৰ উচ্ছ শিখৰলৈ ঠেলিব লাগিছে আৰু সংস্কৃতি ৰক্ষাৰ নামত ধৰ্মীয় উগ্ৰবাদিতাৰ প্ৰাধান্যৰে অপ-সংস্কৃতিক বিকশিত কৰা হৈছে৷ আনফালে, জাতি-মাটি-ভেটিৰ সুৰক্ষাৰ কথা দোহাৰি অহা চৰকাৰখনৰ দিনতেই সংবিধানবিৰোধী ক’লা আইন [নাগৰিকত্ব সংশোধনী আইন-২০১৯, অৰ্থাৎ ‘কা’] প্ৰয়োগেৰে বৃহত্তৰ অসমীয়া জাতিৰ বিভাজন ঘটাই ষষ্ঠ অনুসূচীৰ অধীনৰ ভিতৰৰ আৰু বাহিৰৰ লোক হিচাপে দুভাগত বিভক্ত কৰি বিভেদ সৃষ্টি কৰিলে, অবৈধ বাংলাদেশী বিদেশী নাগৰিকক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থাৰে অসমীয়া ভাষাক নিজৰ ৰাজ্যতে সংখ্যালঘুত পৰিণত কৰোৱা, অসম চুক্তিৰ ৫নং দফাক ঘাটে-পানীয়ে নিষেধ কৰা, দীৰ্ঘকালজুৰি ৰাজ্যত অব্যাহত থকা ইনাৰলাইন ব্যৱস্থা উঠাই দি স্ব-ভূমিতে অসমীয়াক নিঠৰুৱা কৰা আৰু অৰ্থনৈতিকভাৱে নিশকতীয়া ৰাজ্যখনক ধাৰাবাহিক বিজ্ঞাপন প্ৰচাৰৰ অভিলেখকাৰী ব্যয়েৰে কঁকাল ভঙা অৱস্থাত উপনীত কৰোৱা আদি দুষ্কাৰ্যই সকলোকে হতবাক কৰি তোলা  প্ৰত্যক্ষ কৰা গৈছে৷

এইটোও উল্লেখনীয় যে নানা অপযশৰ মাজেৰে ৰাজ্যিক বিজেপি চৰকাৰখনে ফাইনেল খেলৰ আখৰাত ব্যস্ত হোৱাৰ আভাস পোৱা গৈছে৷ যোৱা মাহৰ শেষ সপ্তাহত দেশৰ গৃহমন্ত্ৰীজনে চৰকাৰী পুঁজি ব্যয়েৰে গুৱাহাটীত আহি ৰণদুন্দুভি বজাই গৈছে৷ পুনৰ চলিত মাহত মন্ত্ৰীজন অসমলৈ অহাৰ বাতৰি পোৱা গৈছে৷ তেওঁৰো পূৰ্বে ৰাষ্ট্ৰীয় স্বয়ংসেৱক প্ৰধান মোহন ভাগৱতৰ নেতৃত্বত অহা দহ-বাৰজনীয়া দলে ৰাজ্যত ৰণৰ আৰ্হি প্ৰস্তুত কৰাৰ বতৰাও পোৱা গৈছিল৷ তাৰ পাছত কেন্দ্ৰীয় বিজেপিৰ উচ্ছ পৰ্যায়ৰ নেতাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীৰ সোঁত অসমলৈ বোৱাটো নিশ্চিত৷ একেবাৰে শেহৰফালে প্ৰধানমন্ত্ৰীৰ সাৰুৱা ভাষণত নিগৰিত আশ্বাস, প্ৰতিশ্ৰুতি আৰু প্ৰলোভনৰ জৰিয়তে অসমৰ ভোটাৰক আকৃষ্ট কৰাই ভোট আদায়ৰ উপায় কৰাও প্ৰায় নিশ্চিত৷ পিছে চূড়ান্ত খেলখনতহে বিজেপিয়ে কাৰ লগত মুখামুখি হ’ব লগা হয়, তাত সন্দেহ আছে৷ স্বাভাৱিকভাৱেই শক্তিশালী ক্ষমতাধিষ্ঠিত দল হিচাপে বিজেপি ফাইনেল খেলাৰ নামী দল হ’ব৷ কিন্তু তেওঁলোকৰ বিপৰীতে যোগ্য প্ৰতিদ্বন্দ্বী কোন হ’ব– কংগ্ৰেছ, এআইইউডিএফ নে অন্য? বিজেপিৰ ভাবনাত প্ৰথমে কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰজোঁটৰ স্থিতি উদ্ভাসিত হৈছিল আৰু সেয়ে ছলে-বলে সেই জোঁট ওফৰোৱাৰ দুৰ্বাৰ চেষ্টা চলাইছিল আৰু বাস্তৱত জোঁটবন্ধনৰ সম্ভাৱনাও ক্ৰমে ক্ষীণ হোৱাৰ লক্ষণ দেখা গৈছে৷ তাতেই ইটো-সিটো কাৰণত উক্ত দুয়ো দলেই এতিয়ালৈ অসমৰ ৰাইজৰ আস্থাভাভন হোৱাৰ লক্ষণ প্ৰকাশ পোৱা নাই৷

ইবিলাকৰ বিপৰীতে কিন্তু পৰিৱৰ্তনকামী অসমৰ জনসাধাৰণে ৰাজ্যৰ জ্বলন্ত সমস্যা সমাধানৰ স্বাৰ্থত অন্ততঃ এবাৰলৈ হ’লেও বিশ্বাস আৰু প্ৰত্যাশাৰে ৰাজ্যত প্ৰথমবাৰলৈ সঁচা অৰ্থত আঞ্চলিকতাবাদী, জাতীয় চৰকাৰ এখন প্ৰতিষ্ঠাৰ প্ৰতি আগ্ৰহী হোৱাহে দেখা গৈছে৷ সেই চৰকাৰ গঠন হ’বলৈ হ’লে নিশ্চয়কৈ অসমৰ ভোটাৰে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ জোঁটৰ প্ৰতি সমৰ্থন আগবঢ়াব লাগিব৷ আৰু তাৰ পাছতেই কৰ্মোদ্যোমী জাতীয় চৰকাৰৰ প্ৰচেষ্টাত ধৰ্মীয় কলুষতা আঁতৰাই সদ্ভাৱ-সম্প্ৰীতিৰ বাতাৱৰণত ৰাইজক লগত লৈ ৰাজ্যৰ সৰ্বাংগীণ বিকাশ ৰচাত এখোপ হ’লেও আগুৱাই যোৱাটো সম্ভৱ হ’ব পাৰে৷

গতিকে বিজেপি ঘোষিত ফাইনেলখন বিজেপি আৰু অসমৰ নৱগঠিত আঞ্চলিক দলদ্বয়ৰ জোঁটৰ মাজত হোৱাৰ সম্ভাৱনাই অধিক৷ এইটো অৱশ্যে ঠিক যে বিজেপিৰ ধনবল, চাতুৰ্য অথবা ৰণকৌশলৰ আগত আঞ্চলিক দলৰ স্থিতি অতিকে দুৰ্বল৷ দুৰ্বল হ’লেও কিন্তু কেৰ্কেটুৱাৰ বাঁহপাতেই ভেটিৰ দৰে এওঁলোকৰ সমল হৈছে ভোটাৰৰ আস্থা আৰু সমৰ্থন৷ ভোটাৰৰ  পৰা সেইখিনি আদায় কৰিব পাৰিলে তেওঁলোকৰ জয়ো নিশ্চিত বুলি ক’ব পাৰি৷ তেনে এক দিশ যোৱা বছৰটোত দুবাৰলৈ বিজেপিৰ ক্ষেত্ৰতে প্ৰতিপন্ন হোৱাৰ প্ৰমাণ পোৱা গৈছিল ক্ৰমে দিল্লীৰ বিধানসভা আৰু বিটিচিৰ পৰিষদীয় নিৰ্বাচনত৷ লক্ষণীয় যুঁজত জিকাৰ বাবে বিজেপিৰ অৰ্থ, কৌশল, প্ৰলোভন, কোনোটোৰে অভাৱ নাছিল৷ কিন্তু অভাৱ ঘটিছিল ভোটাৰৰ আস্থা আৰু বিশ্বাসৰ৷ যাৰ ফলত বিগত বৰ্ষৰ ফেব্ৰুৱাৰীত দিল্লীৰ ৭০জনীয়া বিধানসভা নিৰ্বাচনৰ সকলো আসনতে যুঁজি আম আদমি পাৰ্টীয়ে [আপ] ৬২খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে কেৱল ৮ খন আসনহে লাভ কৰিবলৈ সক্ষম হৈছিল৷ সেয়ে একে অৱস্থাৰ পুনৰাবৃত্তি ৰাজ্যখনৰ আগত সাধাৰণ নিৰ্বাচনত ঘটিলেও আমি বিস্ময়াভূত হোৱাৰ কাৰণ হয়তো নাথাকিব৷ সদায় নহ’লেও কিন্তু সময় বিশেষে হ’লেও যোগ্য প্ৰত্যুত্তৰ দিয়াৰ সাহস-সামৰ্থ্য অসমৰ ভোটাৰৰ আছে৷